Logo
image

তুৰস্কৰ ভূমিকম্প আমাৰ বাবে এক শিক্ষা

ইতিহাসত প্ৰলয়ংকৰী ভূমিকম্পৰ বহু উদাহৰণ আছে৷ কিন্তু সোমবাৰে তুৰস্কত ৩টাকৈ উপৰ্যুপৰি ভূমিকম্পই যি তাণ্ডৱৰ সৃষ্টি কৰিলে, সেয়া যেন কল্পনাতীত৷ সাধাৰণতে তেনে এখন ঠাইত ভূমিকম্পৰ বৃহৎ জোকাৰণি হ’লে সেই একেটা ঠাইত পৰৱৰ্তী সময়ত আন সৰু সৰু ভূমিকম্পৰ জোকাৰণি অনুভৱ হোৱাটো স্বাভাৱিক পৰিঘটনা৷ কিন্তু তুৰস্কত যেন সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰহে সৃষ্টি হ’ল৷ দেশখনৰ তিনিটা বেলেগ বেলেগ অংশত হয় ভূমিকম্প৷ এইপৰ্যন্ত এই প্ৰাকৃতিক বিপৰ্যয়ত দুই সহস্ৰাধিক লোক নিহত হৈছে৷ হতাহতৰ সংখ্যা অধিক হোৱাৰ আশংকা আছে৷ কেৱল তুৰস্কতে নহয়, শেহতীয়াভাৱে ভাৰতৰ যোশীমঠতো দেখিবলৈ পোৱা গ’ল এক প্ৰাকৃতিক বিপৰ্যয়৷ বৰ্তমানো প্ৰকৃতিৰ ৰম্যভূমি যোশীমঠত অব্যাহত আছে বিপৰ্যয়৷ প্ৰকৃতিৰ ওপৰত মানৱ জাতিৰ নিষ্ঠুৰ অত্যাচাৰৰ অন্যতম নিদৰ্শন হ’ল যোশীমঠত সৃষ্টি হোৱা প্ৰাকৃতিক বিপৰ্যয়৷ যোশীমঠৰ ভূমিত যিদৰে দৈনিক ফাঁট মেলি আছে, এই পৰিঘটনাই সমগ্ৰ হিমালয়ান ৰেঞ্জলৈয়ে অশনি সংকেত কঢ়িয়াই আনিছে৷ মূলতঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ ফলতে যোশীমঠত সৃষ্টি হৈছে ভয়ানক পৰিস্থিতিৰ৷ আজি পুৱা দক্ষিণ-পশ্চিম তুৰস্ক আৰু উত্তৰ ছিৰিয়াৰ লোক যেতিয়া গভীৰ নিদ্ৰাত আছিল, তেতিয়াই সংঘটিত হয় ৭.৮ ৰিখ্‌টাৰ স্কেলৰ ভূমিকম্প৷ তুৰস্ক, ছিৰিয়া, লেবানন, চাইপ্ৰাছৰ বহু অংশত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ নেপালত সংঘটিত বিধবংসী ভূমিকম্পৰ কৰুণ আৰু মৰ্মান্তিক দৃশ্য এতিয়াও মানুহে পাহৰা নাই৷ শেহতীয়াভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৃহৎ নদীবান্ধ নিৰ্মাণকে ধৰি প্ৰকৃতিৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলি আছে৷ এতেকে এই সমগ্ৰ অঞ্চলটো অতি ভূমিকম্পপ্ৰৱণ অঞ্চল৷ সেয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো যিকোনো মুহূৰ্তত ভূমিকম্পৰ তাণ্ডৱ চলাৰ আশংকা আছে নেকি? অসমত প্ৰায়ে সৰু সৰু ভূমিকম্পই জোকাৰি যায়৷ ভূমিকম্প কেতিয়া আহিব তাৰ পূৰ্বাভাস বা আগজাননী সঠিককৈ দিয়াৰ উপায় এইপৰ্যন্ত উদ্ভৱ হোৱা নাই৷ কিন্তু তুৰস্কৰ আজিৰ ভূমিকম্পই যি ধবংসলীলা চলালে, ভৱিষ্যতে অসমতো যদি অনুৰূপ ঘটনা সংঘটিত হয়, তেন্তে ইয়াৰ সৈতে যুঁজিব পৰাকৈ চৰকাৰ আৰু প্ৰশাসন যন্ত্ৰ সাজুনে? প্ৰকৃতিৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰি প্ৰকৃতিৰ ৰোষৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰৰ আন্তৰিকতা আছেনে? ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা প্ৰকৃতিৰ ভয়াৱহ তাণ্ডৱ আমি সকলোৱে দেখিছোঁ৷