Logo
image

এইবোৰ খাদ্যই হাড় শক্তিশালী কৰে

দেহত পুষ্টিৰ অভাৱ ঘটিলে হাড় দুৰ্বল হৈ পৰে৷ হাড় দুৰ্বল হ’লে সঘনাই ভাগৰ লাগে৷ গাঁঠি আৰু আঁঠু বিষায়৷ কিন্তু খাদ্যাভাসৰ পৰিৱৰ্তন ঘটাই হাড়ৰ দুৰ্বলতা দূৰ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই হাড়ৰ দুৰ্বলতা নাইকিয়া কৰে–

⬛ গোটা শস্য হাড়ৰ বাবে উপকাৰী৷ ইয়াত থকা প্ৰ’টিন আৰু ভিটামিনে হাড়ৰ উপকাৰ কৰে৷ হাড় শক্তিশালী কৰিবলৈ নিতৌ বুট খোৱা উচিত৷ 

⬛ ভিটামিন ‘চি’ সমৃদ্ধ ফল-মূলেও হাড় শক্তিশালী কৰাত সহায় কৰে৷ সেয়ে হাড় দুৰ্বল হোৱা যেন লাগিলে আপেল, আনাৰস, ষ্ট্ৰবেৰী আৰু সমুথিৰা আদি খাব পাৰে৷

⬛ দেহত ভিটামিন ‘ডি’ৰ মাত্ৰা কমিলেও হাড় দুৰ্বল হয়৷ হাড় দুৰ্বল হ’লে গা বিষায়৷ সেয়ে দৈনিক ৰ’দ লোৱাৰ  অভ্যাস কৰক৷ সূৰ্যৰ ৰশ্মিয়ে ভিটামিন ‘ডি’ৰ অভাৱ দূৰ কৰে আৰু দুৰ্বল হাড় শক্তিশালী কৰি তোলে৷

⬛ বাদাম আৰু ড্ৰাইফ্ৰুইটত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে৷ ইয়াত থকা এণ্টি অক্সিডেণ্ট, ভিটামিন, প্ৰ’টিন আৰু কেলছিয়াম-ফছফৰাছৰ দৰে খনিজ উপাদানসমূহে হাড় মজবুত কৰি তোলে৷ 

⬛ হাড়ৰ দুৰ্বলতা আঁতৰাবলৈ দৈনিক গাখীৰ খোৱা কৰিব পাৰে৷ গাখীৰত প্ৰচুৰ পৰিমাণে থাকে কেলছিয়াম৷ কেলছিয়ামে হাড় শক্তিশালী কৰে৷