
গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সমস্যা
উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীক দেশৰ দ্ৰুত উন্নয়ন ঘটা চহৰসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়৷ বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰখনেও গুৱাহাটীক দেশৰ সৰ্বাংগসুন্দৰ শীৰ্ষৰ্ৰ পাঁচখন চহৰৰ মাজত স্থান দিয়াৰ লক্ষ্য লোৱা বুলি দাবী কৰি আহিছে৷ কিন্তু গুৱাহাটীৰ সমস্যা যেন ক্ৰমাৎ বৃদ্ধিহে পাবলৈ ধৰিছে৷ গুৱাহাটীবাসীৰ সন্মুখত শেহতীয়াভাৱে আহি পৰা সমস্যাটো হৈছে বায়ু প্ৰদূষণৰ সমস্যা৷ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, বিশ্বৰ ৫০খন সবাতোকৈ প্ৰদূষিত চহৰৰ ভিতৰত স্থান আছে গুৱাহাটীৰো, যিটো নিঃসন্দেহে গুৱাহাটীবাসীৰ বাবে এটা উদ্বেগৰ বিষয়৷ উল্লেখ্য, বিশ্বৰ সবাতোকৈ প্ৰদূষিত [বায়ু প্ৰদূষণ] ৰাজধানী চহৰখন হৈছে দিল্লী৷ দিল্লীৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ সমস্যাৰ চৰ্চা চলি থকাৰ সময়তে গুৱাহাটী সন্দৰ্ভত এই তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটীৰ বায়ুমণ্ডলৰ মানৰ সূচাংক [এয়াৰ কোৱালিটী ইনডেক্স] চিন্তাজনক হাৰত অৱনমিত হৈছে৷ সোমবাৰে গুৱাহাটীৰ বায়ুৰ মানৰ সূচাংক আছিল ৩২০, যিটোক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ‘অতি নিম্নমানৰ’ হিচাপে চিহ্নিত কৰিছে৷ গুৱাহটীৰ এই ভয়ংকৰ বায়ু প্ৰদূষণৰ কাৰণ কি বাৰু? পৰিৱেশ বিশেষজ্ঞসকলৰ মতে, বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে খৰালি কালত গুৱাহাটীৰ পৰিৱেশ ধূলিময় হৈ পৰিছে৷ আনহাতে, চহৰখনৰ বিভিন্ন অঞ্চলত চলি থকা বৃহৎ নিৰ্মাণকাৰ্যৰ বাবে বায়ুমণ্ডলত ধূলিৰ পৰিমাণ বৃদ্ধি পাইছে৷ এই ধূলিৰ লগতে আন প্ৰদূষক মিহলি হৈ বায়ুমণ্ডলত সৃষ্টি কৰিছে এক আৱৰণ৷ বিগত দুমাহমানৰ পৰা গুৱাহাটীৰ বায়ুৰ মানৰ সূচাংক অৱনমিত হ’বলৈ ধৰিছে৷ চহৰখনৰ বায়ুমণ্ডলত PM২.৫, PM১০ৰ লগতে ছালফাৰ-ডাই অ’ক্সাইড আৰু নাইট্ৰ’জেন-ডাই অ’ক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে৷ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাটোকে ইয়াৰ মূল কাৰণ হিচাপে অভিহিত কৰিব পাৰি৷
পৰিৱেশ বিজ্ঞানীসকলৰ মতে, ভাৰতৰ বায়ু প্ৰদূষণৰ কাৰকবোৰৰ ৫০ শতাংশ হৈছে কল-কাৰখানাবোৰ৷ তাৰ পাছত ২৭ শতাংশ হৈছে যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা৷ ১৭ শতাংশ হৈছে বিভিন্ন সামগ্ৰীৰ দহন আৰু ৭ শতাংশ হৈছে ঘৰুৱা ৰন্ধনশালৰ পৰা ওলোৱা ধোঁৱা৷ সাধাৰণতে অক্টোবৰ-নৱেম্বৰৰ পাছৰ পৰা ভাৰতৰ বিভিন্ন চহৰৰ বায়ুমণ্ডল শুকান হ’বলৈ ধৰে৷ এই সময়ছোৱাত বৰষুণৰ পৰিমাণ কম হোৱা বাবে ক্ষুদ্ৰাতিক্ষুদ্ৰ ধূলিকণাৰ লগতে আন প্ৰদূষকবোৰ ভাসমান অৱস্থাত থাকে৷ এইবোৰৰ লগতে ক্ৰমৱৰ্ধমান যান-বাহনৰ ধোঁৱা, বিভিন্ন নিৰ্মাণকাৰ্যৰ পৰা ওলোৱা ধূলিয়ে বায়ু প্ৰদূষণত অৰিহণা যোগায়৷ বিগত কেইমাহমানৰ পৰা গুৱাহাটীৰ বায়ু প্ৰদূষণৰ মাত্ৰা যি হাৰত বৃদ্ধি পাই আহিছে, তাক হ্ৰাস কৰিব নোৱাৰিলে গুৱাহাটীত দেশৰ ৰাজধানী দিল্লীৰ নিচিনা পৰিৱেশ দেখিবলৈ অধিক দিন নালাগিব৷ গুৱাহাটীৰ অভাৱনীয় বায়ু প্ৰদূষণৰ বাবে চহৰখনৰ সকলো বয়সৰ মানুহৰ মাজত জ্বৰ-কাহ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ তথা চৰ্মৰোগৰ সমস্যা বৃদ্ধি পোৱা দেখা গৈছে৷ এনেবোৰ সমস্যাৰ পৰা সতৰ্ক থকাৰ বাবে গুৱাহাটীবাসীক আহ্ৱান জনোৱা হৈছে৷ চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগেও পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বে এইক্ষেত্ৰত উচিত ব্যৱস্থা লোৱা উচিত৷ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ এক প্ৰতিবেদন অনুসৰি, দেশৰ ১০১খন মহানগৰ আৰু নগৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ এই ১০১খন চহৰৰ ভিতৰত আছে গুৱাহাটীৰ লগতে নগাঁও, নলবাৰী, শিলচৰ আৰু শিৱসাগৰো৷ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালযে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা চহৰবোৰত প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট ৰাজ্যবোৰক নিৰ্দেশ দিছে৷ ইয়াৰ বাবে সুকীয়াকৈ ধনো আবণ্টন দিয়া হৈছে৷ গুৱাহাটীৰ লগতে অসমৰ উল্লিখিত আন চহৰকেইখনৰ বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ লয়, সেয়া হ’ব লক্ষণীয়৷