শীতত ছালৰ যতন এইদৰে লওক
শীতকালত সাধাৰণতে গ্ৰীষ্মকালৰ তুলনাত ছালৰ যতন কমকৈ লোৱা হয়৷ যাৰ বাবে শীতকালত ছালৰ উজ্জ্বলতা হ্ৰাস পোৱাৰ লগতে বিভিন্নধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সাধাৰণতে ধুলি-বালিৰ পৰাই চৰ্মজনিত ৰোগ হয় সেয়েহে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ত সদায় গুৰুত্ব দিব লাগে৷ শীতত ছালৰ যতন লোৱাৰ বাবে এইখিনি কৰক–
⬛ ছালৰ ৰুক্ষতা দূৰ কৰাৰ বাবে প্ৰচুৰ পৰিমাণে পানী খাব লাগে৷ ইয়াৰ লগে লগে ফলৰ ৰস, চুপ আদি খাদ্যৰ তালিকাত ৰাখিব লাগে৷
⬛শীতকালত নিয়মীয়াকৈ ময়েশ্চাৰাইজাৰ ব্যৱহাৰৰ কৰিব লাগে৷ তাৰ ওপৰি ভেছলিন ব্যৱহাৰ কৰিও ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি৷
⬛একেদৰে শীত কালত ওঁঠ ফাটিলে বা শুকাই গ’লে ময়েশ্চাৰাইজাৰ বা ভেছিলন ব্যৱহাৰ কৰিলে সুফল পাব পাৰি৷
⬛শীতকালত ভৰিৰ ছাল ফাটিলে বিশেষভাৱে পৰিচৰ্যা কৰাৰ প্ৰয়োজন৷ ৰাতি শোৱাৰ আগতে মিঠাতেলেৰে ভৰি মালিচ কৰিলে ভৰিৰ ছাল শুষ্ক হোৱাৰ পৰা ৰক্ষা পৰে৷
⬛ সপ্তাহত এদিন বা দুদিন প্ৰাকৃতিক উপাদানেৰে ছালৰ যতন ল’ব পাৰি৷ এই ক্ষেত্ৰত জেতুকাৰ ব্যৱহাৰে ছাল সজীৱ কৰি ৰখাত সহায় কৰে৷
⬛ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে এলোভেৰা জেল লগাব পাৰে৷
⬛ দৈ, পকা কল আৰু মধুৰ মিশ্ৰণেৰে ছালৰ পৰিৰ্চযা কৰিলে ভাল ফল পাব পাৰি৷
⬛ ছালৰ যতনৰ উপৰি সু-স্বাস্থ্যৰ বাবে টোপনি অপৰিহাৰ্য৷ নিদ্ৰাহীনতাৰ বাবেও কেতিয়াবা ছালৰ উজ্বলতা হ্ৰাস পায় সেয়েহে প্ৰতিদিনে কমেও প্ৰায় ৮ ঘণ্টাৰ নিদ্ৰা অতি প্ৰয়োজন৷