Logo
image

মাতৃ-পিতৃ বন্দনা

ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছতে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰিছে ‘মাতৃ-পিতৃ বন্দনা’ শীৰ্ষক এক ব্যৱস্থা৷ এই ব্যৱস্থাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দুটা দিন বিশেষ ছুটী লাভ কৰে৷ বৃদ্ধাৱস্থাত মাতৃ-পিতৃৰ বাবে সন্তানৰ সান্নিধ্য এক সঞ্জীৱনী সুধা৷ কিন্তু আজিৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত আৰু প্ৰতিযোগিতাৰ যুগত নিজৰ অঞ্চলতে চাকৰি পোৱাৰ সুবিধা কম৷ তদুপৰি পদোন্নতি বা বদলি সূত্ৰেও বহু লোকে ঘৰৰ পৰা আঁতৰত কৰ্মজীৱন অতিবাহিত কৰিব লগা হয়৷ তেনে চৰকাৰী চাকৰিয়ালে কৰ্মব্যস্ততাৰ বাবে মাতৃ-পিতৃৰ ওচৰত থাকিবলৈ সমৰ্থ নহয়৷ সেয়ে মাতৃ-পিতৃ আৰু শাহু-শহুৰক সম্পূৰ্ণ সান্নিধ্যৰে সাহচৰ্য, পৰিচৰ্যা, শ্ৰদ্ধা-সন্মান জনোৱাৰ উদ্দেশ্যে মাতৃ-পিতৃ বন্দনাৰ নামত বিশেষ নৈমিত্তিক ছুটীৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷ অৱশ্যে, আৰক্ষী, অগ্নিনিৰ্বাপণ, দুৰ্যোগ ব্যৱস্থাপনা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ লগতে জি-২০ সন্মিলনত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে এই বিশেষ ছুটীৰ সুবিধা চলিত বৰ্ষত পৰ্যায়ক্ৰমে লাভ কৰিব পাৰিব৷ আনকি ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলেও মাতৃ-পিতৃ আৰু শাহু-শহুৰৰ সৈতে মধুৰ সময় অতিবাহিত কৰিবৰ বাবে বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব৷ এইবাৰ এই বিশেষ নৈমিত্তিক ছুটী লাভৰ ৱেবছাইটযোগে আৱেদন কৰি ছুটী মঞ্জুৰ কৰি লোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ ওপৰে ওপৰে চালে এই ব্যৱস্থা আদৰণীয়৷ বছৰৰ আন সময়ত নহ’লেও সন্তানে এই বিশেষ নৈমিত্তিক ছুটীৰ দিনকেইটাত মাতৃ-পিতৃৰ ওচৰত উপস্থিত থাকি মাতৃ-পিতৃ আৰু শাহু-শহুৰৰ মনত এচেৰেঙা পোহৰ বিলাইছে৷ যিহেতু এই বিশেষ নৈমিত্তিক ছুটীৰ এইবাৰৰ দিন ৮ আৰু ৯ ফেব্ৰুৱাৰীৰ পিছৰ দিন দুটা দ্বিতীয় শনিবাৰ আৰু দেওবাৰ, সেয়ে ৰাজ্যিক কৰ্মচাৰীসকলে পিতৃ-মাতৃ আৰু শাহু-শহুৰৰ সৈতে সময় কটাবলৈ মুঠতে চাৰিটা দিন পাব৷ সম্ভৱ হ’লে এই দিনকেইটাত সন্তানে বা জী-জোঁৱায়ে মাতৃ-পিতৃ আৰু শাহু-শহুৰক ধৰ্মীয় পীঠস্থান বা আন ঠাই ভ্ৰমণ কৰায়ো আনিব পাৰিব৷ কিন্তু সন্তানক পিতৃ-মাতৃ আৰু শাহু-শহুৰৰ ওচৰত উপস্থিত থাকিবলৈ বিশেষ নৈমিত্তিক ছুটী দিলেই সেইসকলৰ পিতৃ-মাতৃ আৰু শাহু-শহুৰে সঞ্জীৱনী সুধাসদৃশ সন্তানৰ সান্নিধ্য পাবনে? তদুপৰি এই বিশেষ নৈমিত্তিক ছুটী ৯-১০ ফেব্ৰুৱাৰীতে কিয়? অসমীয়া মানুহৰ বাপতিসাহোন বিহু৷ প্ৰতিজন পিতৃ-মাতৃ আৰু শাহু-শহুৰে বিচাৰে তেওঁলোকৰ সন্তান বা জী-জোঁৱাই বিহুৰ বতৰত ঘৰলৈ অহাটো৷ তেনেদৰে ইছলাম ধৰ্মীৰ লোকে ঈদ বা মহৰমৰ সময়ত সন্তানক বা জী-জোঁৱাইক ওচৰত থকাটো বিচাৰে৷ অসমত বাস কৰা ভিন্ন ধৰ্ম আৰু জাতিৰ লোকে ভিন্ন সময়ত বিভিন্ন জাতীয় উৎসৱ পালন কৰে৷ সাধাৰণতে এনে উৎসৱ-পাৰ্বণৰ সময়তহে সেইসকলে সন্তান আৰু জী-জোঁৱাইৰ সান্নিধ্য বৰকৈ বিচাৰে৷ কিন্তু এনে সময়ত বহুতেই পিতৃ-মাতৃ আৰু শাহু-শহুৰক মাত এষাৰ লগাবলৈ ওচৰলৈ যাবলৈও সময় নাপায়৷ সেয়ে যদিহে চৰকাৰে এই বিশেষ নৈমিত্তিক ছুটী কৰ্মচাৰীৰ সুবিধা অনুসৰি বছৰৰ যিকোনো সময়ত লোৱাৰ ব্যৱস্থা কৰে, তেন্তে কৰ্মচাৰীসকলো উপকৃত হ’ব আৰু ৰাজ্যৰ কাৰ্যালয়সমূহৰ কাম-কাজো ভালদৰে চলি থাকিব৷ অসমত চৰকাৰী কাৰ্যালয়ৰ কৰ্মসংস্কৃতি কি সেয়া সকলোৱে জানে? প্ৰায়বোৰ কাৰ্যালয়তে কৰ্মচাৰী ১২ বজাপৰ্যন্ত কাৰ্যালয়লৈ নাহে আৰু বহুতে কাৰ্যালয়ত চহী কৰি নিজৰ চৰকাৰী কৰ্মৰ পৰিৱৰ্তে আন কামত বা আড্ডা দি সময় পাৰ কৰে৷ এনে কৰ্মচাৰীৰ বাবেই ৰাজ্য চৰকাৰৰ বিভাগবোৰত কাম লেহেম হয়৷ এনে অৱস্থাত আকৌ দুটা কৰ্মদিন নষ্ট কৰিলে ৰাইজৰ দুৰ্ভোগ বাঢ়ে৷ আজিৰ ভোগবাদী সমাজত অধিকাংশ লোকেই নিজক লৈ ব্যস্ত থাকে৷ মাতৃ-পিতৃক পৰিচৰ্যা কৰাৰ সামৰ্থ্য থাকিলেও বহুতে সেইসকলক অৱজ্ঞা কৰে আৰু বহুতে বৃদ্ধ বয়সত মাতৃ-পিতৃক ঘৰৰ পৰা উলিয়াই দিয়ে নতুবা বৃদ্ধাশ্ৰমত থৈ দায়িত্ব সামৰে৷ প্ৰতিজন সন্তানে যাতে পিতৃ-মাতৃৰ দায়িত্ব সাধ্যানুসাৰে পালন কৰে, তাৰ ব্যৱস্থা কৰিব পাৰিলেহে বৃদ্ধ লোকৰ মনৰ দুখ পাতল হ’ব৷ অৱশ্যে বিবেকৱান সন্তানক মাতৃ-পিতৃ আৰু শাহু-শহুৰক সেৱা-শুশ্ৰূষা কৰাৰ বাবে বেলেগে ছুটীৰ প্ৰয়োজন নাই৷ তেওঁলোকে সময়-সুবিধা পালেই মাতৃ-পিতৃ আৰু শাহু-শহুৰৰ সেৱা-শুশ্ৰূষা কৰে৷