হঠাৎ কাণত যন্ত্ৰণা অনুভৱ হ’লে কি কৰিব
শীতকালত সৰু-ডাঙৰ প্ৰায়ভাগ লোকেই কম-বেছি পৰিমাণে চৰ্দি-কাহত আক্ৰান্ত হয়৷ ঠাণ্ডাৰ ফলত বহুতে আকৌ কাণত বিষ বা যন্ত্ৰণা অনুভৱ কৰে৷ এনে যন্ত্ৰণা অসহনীয়৷ কিছুমানৰ আকৌ ভাইৰাছ আৰু বেক্টেৰিয়েল সংক্ৰমণৰ ফলত কাণত বিষ বা যন্ত্ৰণা হয়৷ তদুপৰি কাণত তৰল পদাৰ্থ জমা হ’লে বা প্ৰদাহৰ বাবে প্ৰচণ্ড বিষ অনুভৱ হয়৷ এনেকুৱা সমস্যা হ’লে কি কৰিব লাগে সেই বিষয়ে নজনা বাবে আক্ৰান্তসকলে প্ৰচণ্ড কষ্ট পায়৷ কিছুমান ঘৰুৱা উপায় আছে যিবোৰৰ জৰিয়তে কাণৰ বিষ বা যন্ত্ৰণাৰ পৰা সকাহ পাব পৰা যায়৷ জানি থওক এনে কেইটামান উপায়–
[১] আদাৰ ব্যৱহাৰঃ আদাত প্ৰদাহ বিৰোধী উপদান থাকে৷ বিষ কমাবলৈ কাণৰ চাৰিওপিনে আদাৰ ৰস বা ইয়াৰ সৈতে সামান্য অলিভ অইল মিহলাই কুহুমীয়া গৰম কৰি ব্যৱহাৰ কৰিব পাৰে৷ অৱশ্যে এই মিশ্ৰণ যাতে কাণৰ ভিতৰত নোসোমায় তাৰ বাবে সাৱধান হ’ব৷
[২] টী-ট্ৰি অইলঃ টী-ট্ৰিত বিভিন্ন উপকাৰী গুণ থাকে৷ এণ্টিবেক্টেৰিয়েল, এণ্টিচেপ্তিক, এণ্টিইনফ্লেমেটৰি আৰু এণ্টিফাংগাল বৈশিষ্ট্যপূৰ্ণ এইবিধ তেলে কাণৰ সংক্ৰমণ ৰোধত সহায় কৰে৷ কাণত বিষ বা যন্ত্ৰণা অনুভৱ কৰিলে কেইটোপালমান টী-ট্ৰি অইল সামান্য গৰম কৰি মালিচ কৰক৷ এলাৰ্জিৰ সমস্যা থাকিলে এই তেল ব্যৱহাৰ নকৰিব৷
[৩] অলিভ অইলঃ আমেৰিকান একাডেমি অৱ পেডিয়াট্ৰিক্ছৰ মতে অলিভ অইল সামান্য গৰম কৰি দুই বা এটোপাল কাণত দিলে বিষ বা যন্ত্ৰণা হ্ৰাস পায়৷
[৪] নহৰুঃ নহৰুক কাণৰ সংক্ৰমণৰ প্ৰাকৃতিক ঔষধ বুলি কোৱা হয়৷ নহৰুত এলিচিন নামৰ এবিধ উপাদান থাকে৷ কাণত বিষ বা যন্ত্ৰণা অনুভৱ কৰিলে কেঁচা নহৰু খাব পাৰে৷ নহৰুত থকা এণ্টিবেক্টেৰিয়েল উপাদানে কাণৰ বিষ কমোৱাত সহায় কৰে৷ অৱশ্যে যদি এণ্টিবায়’টিক গ্ৰহণ কৰি আছে তেন্তে নহৰু খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব৷