Logo
image

বন্ধ হ’বনে বাল্য বিবাহ

অসম চৰকাৰে বাল্য বিবাহ প্ৰতিৰোধী আইন-২০০৬ প্ৰয়োগ কৰাৰ বাবে কঠোৰৰ পৰা কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে৷ বাল্য বিবাহ বন্ধ হ’ব লাগে, সেই কথাটো সৰ্বজনস্বীকৃত৷ ইয়াত কাৰো দ্বিমত থাকিব নোৱাৰে৷ কিন্তু আইন এখন প্ৰণয়নৰ ১৭ বছৰৰ পাছত চৰকাৰে যি হঠাৎ পেট্ৰিয়ট পদ্ধতি অৱলম্বন কৰিছে, সিয়ে কেইবাটাও প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ প্ৰথম কথা, ২০০৬ চনত তৰুণ গগৈ চৰকাৰে এই আইনখন প্ৰণয়ন আৰু বলৱৎ কৰিছিল, সেই চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ইয়াৰ পাছত যদিও ড॰ শৰ্মাই কংগ্ৰেছৰ শিবিৰ ত্যাগ কৰি বিজেপিত প্ৰৱেশ কৰিছিল, তাৰ পাছতো ২০১৬ চনত বিজেপি চৰকাৰ শাসনত বহিছিল৷ সেই চৰকাৰৰো শক্তিশালী মন্ত্ৰী আছিল ড॰ হিমন্ত বিশ্ব শৰ্মা৷ শাসনত দীৰ্ঘদিন বৰ্তি থকা এজন ব্যক্তি মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰায় দুবছৰেই অতিক্ৰম কৰিবৰ হ’ল, তেতিয়াও এই আইনখনক লৈ কোনো চৰ্চা বা পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল আৰু চৰকাৰ-প্ৰশাসনৰ সন্মুখতেই দৈনিক সংঘটিত হৈছিল বাল্য বিবাহ৷ সেই সময়ত যিহেতু আইনখন প্ৰয়োগত আছিল, কিয় চৰকাৰ-প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল, সেইটো ডাঙৰ প্ৰশ্ন৷ দ্বিতীয় প্ৰশ্নটো হ’ল– চৰকাৰে কিয় এই সময়টো বাছি ল’লে আইনখন প্ৰয়োগৰ কাৰণে৷ যি সময়ত অসমৰ মুখ্যমন্ত্ৰীজনৰ প্ৰতিশ্ৰুতি আছিল অসমক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্যৰূপে গঢ়ি তোলাৰ, যি সময়ত অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি আছিল, সেই সময়ত সেই বিষয়বোৰৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফলতাৰ মুখ দেখা চৰকাৰখনে এটা চৰ্চাহীন বিষয়ত মনোযোগ দি আচলতে কি স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে? তৃতীয় প্ৰশ্নটো হ’ল– এখন আইন প্ৰয়োগ কৰিবলৈ হ’লে আইনখনৰ বিষয়ে নিশ্চিতভাৱে সজাগতা সৃষ্টি কৰিব লাগিব৷ ২০০৬ চনতেই প্ৰণয়ন হোৱা আইনখন সম্পৰ্কত বিগত ১৭ বছৰে তেনে কোনো চৰ্চা হোৱা দেখা নাই৷ এতিয়া মানুহক প্ৰশাসনৰ সন্মুখতেই অপৰাধ কৰিবলৈ এৰি দি অপৰাধ কিয় কৰিছ বুলি পাছত জে’ল-জৰিমনা কৰা ঘটনা কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ কেবিনেটত সিদ্ধান্ত লোৱাৰ পিছদিনাৰ পৰাই চৰকাৰে যিধৰণে মানুহ গ্ৰেপ্তাৰ কৰিবলৈ লৈছে, তাৰ ফলত সামাজিক শৃংখলা যে বিঘ্নিত হৈ পৰিব, সিও নিশ্চিত৷ আৰক্ষী-প্ৰশাসনে এই আইনখনৰ দোহাই দি অবাধ লুণ্ঠনত নামি পৰাৰ অভিযোগ উঠিছে৷ বাল্য বিবাহৰ এই সামাজিক ব্যাধি যিহেতু সমাজৰ আৰ্থিক, শৈক্ষিক আদি পিছপৰা অংশটোৰ মাজতেই বেছিকৈ বৰ্তি আছে, সেয়েহে আৰক্ষীয়ে এই অংশটোক ভয়-ভাবুকি দি ব্যাপক ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ অভিযোগ মতে, আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ একাংশই মাটিবাৰী-সোণ আদি বন্ধকত দিও আৰক্ষীক ‘মেনেজ’ কৰাৰ চেষ্টা কৰিছে৷ নিশা নিশা ঘৰত সোমাই সুখনিদ্ৰাৰ পাটীৰ পৰা বিবাহিত পুৰুষসকলক তুলি আনি জে’ললৈ নিক্ষেপ কৰাৰ ফলত আইন-আদালতৰ সহায়ৰ বাবে অধিবক্তাক ধন দিয়াৰ পৰা জামিনৰ ধন যোগাৰ কৰালৈকে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই একে ৰাতিৰ ভিতৰতেই যদি বাল্য বিবাহ বন্ধৰ সপোন দেখিছে, তেন্তে সেয়া এক দিবাস্বপ্নৰ বাহিৰে একো নহয়৷ ইয়াৰ বাবে পৰিকল্পিতভাৱে প্ৰশাসন যন্ত্ৰটো কামত লগাই আজিৰ তাৰিখৰ পৰা যাতে অসমত এখনো বাল্য বিবাহ হ’ব নোৱাৰে তাৰ বাবে স্থানীয় আৰক্ষী চকীসমূহক সস্তম কৰা, গাঁওবুঢ়াসকলক নিৰ্দেশ দিয়া আৰু আশাকৰ্মীসকলকো এইক্ষেত্ৰত নজৰ ৰাখিবলৈ চৰকাৰে দায়িত্ব দিয়া প্ৰয়োজন৷ ইয়াকে নকৰি সমাজখনক এক সন্ত্ৰাসজৰ্জৰ পৰিৱেশৰ ফালে ঠেলি দিয়াৰ ফলত কেইবাগৰাকীও মহিলাই আত্মহত্যা কৰা, মহিলাসকলৰ পৰা শিশু সন্তানলৈকে সকলোৰে ভৰণ-পোষণত, ৰুগীয়া পিতৃ-মাতৃক প্ৰতিপালনত সমস্যাৰ সৃষ্টি হৈছে৷ চৰকাৰে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কোটি কোটি টকা প্ৰচাৰৰ বাবে খৰচ কৰাৰ দৰেই বাল্য বিবাহ প্ৰতিৰোধী আইনখন সম্পৰ্কতো আজিৰ তাৰিখৰ পৰাই ব্যাপক প্ৰচাৰ আৰম্ভ কৰক৷ তেতিয়াহে চৰকাৰে যদি সততাৰে বাল্য বিবাহ প্ৰতিৰোধ কৰিব বিচাৰিছে, তাত সফলতা অৰ্জন কৰিব৷ অন্যথা ৰাজ্যৰ শিক্ষাৰ বিপৰ্যয়, স্বাস্থ্যখণ্ডৰ ধবংসপ্ৰাপ্ত অৱস্থা, আদানি সাম্ৰাজ্যৰ …লন আদি ঘটনা তল পেলাবলৈকে ইয়াৰ পূৰ্বে চলোৱা ড্ৰাগ্‌ছবিৰোধী অভিযান, মাটিৰ দালালিবিৰোধী অভিযান বিফল হোৱাৰ দৰেই বাল্য বিবাহ প্ৰতিৰোধী আইনৰ প্ৰয়োগো যে এক বুমেৰাঙত পৰিণত হ’ব, সেইটো নিশ্চিত৷