Logo
image

প্লিজ মোক ফল’ নকৰিব

আমাৰ অসম, ০৫ জানুৱাৰীঃ ‘প্লিজ মোক ফল’ নকৰিব’– প্ৰায় এমাহ ধৰি মুম্বাই বাইকুল্লা কাৰাগাৰত থকাৰ পাছত ৭ অক্টোবৰত জামিনত মুক্তি লাভ কৰে ৰিয়া চক্ৰৱৰ্তী৷ তাৰ পাছত প্ৰথমবাৰ ৰাইজৰ মুখামুখি হ’ল তেওঁ৷ এফালে সুশান্তৰ মৃত্যু আনফালে তেওঁৰ প্ৰেমিককে হত্যা কৰাৰ অভিযোগত অভিযুক্ত ৰিয়া৷ এনে পৰিস্থিতিত সম্প্ৰতি ৰুমী জাফ্ৰি ৰিয়াৰ এজন ভাল বন্ধু হিচাপে তেওঁক দেখা কৰিছিল বুলি জনাইছিল৷ তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে বুলিও প্ৰকাশ কৰিছে৷ উল্লেখ্য, ২০২১ বৰ্ষত বলীউডলৈ পুনৰ উভতি আহিছে ৰিয়া চক্ৰৱৰ্তী– এই কথা জনালে স্বয়ং ৰিয়াই৷ ৰিয়া কেৱল পৰিচালকৰ ভাল বন্ধু নহয়, সুশান্ত সিং ৰাজপুতো তেওঁৰ ভাল বন্ধু আছিল বুলি প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ৰিয়াই সদৰি কৰা অনুসৰি– এমাহ জে’লত থকাৰ পাছত তেওঁৰ আত্মবিশ্বাস সম্পূৰ্ণৰূপে ভাঙি গৈছে৷ সেয়ে ২০২১ বৰ্ষৰ পৰা তেওঁ পুনৰ অভিনয় জগতলৈ উভতি আহিব৷ এই ঘটনাৰ পাছত দেওবাৰে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভ্ৰাতৃ শৌভিক চক্ৰৱৰ্তী ঘৰৰ পৰা বাহিৰ হোৱা পৰিলক্ষিত হয়৷ পাপাৰাজিতে তেওঁৰ ছবি তুলিবলৈ ব্যস্ত হৈ থকাৰ সময়তে তেওঁ কৈছিল– ‘প্লিজ মোক ফল’ নকৰিব৷