Logo
image

হৃদযন্ত্ৰত সমস্যা হ’লে এইবোৰ লক্ষণে দেখা দিয়ে

বিশ্বত শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ হৃদযন্ত্ৰত ধমনী সমূহে স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰা হ’লেই হৃদৰোগ হয়৷ এনেকুৱা হ’লে তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়৷ এটা সময়ত ধমনীত কলেষ্টেৰল জমা হৈ তেজ চলাচলত বাধাৰ সৃষ্টি কৰে৷ ইয়াৰ পৰিণতিত আক্ৰান্ত লোকজনৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে৷ অনিয়মীয়া জীৱন-যাপন আৰু অনিয়ন্ত্ৰিত খাদ্য গ্ৰহণৰ অভ্যাসৰ ফলত  এনে সমস্যাৰ সৃষ্টি হয়৷  সেয়ে হৃদৰোগত আক্ৰান্ত হোৱাৰ লক্ষণসমূহ জানি থোৱা ভাল৷ বিশেষজ্ঞসকলৰ মতে বুকুত বিষ, শ্বাসকষ্ট, অত্যধিক ঘাম ওলোৱাৰ উপৰিও আন কিছুমান লক্ষণে দেখা দিলে বুজিব যে হৃদযন্ত্ৰত সমস্যাৰ সৃষ্টি হৈছে৷ উল্লেখ কৰা হ’ল এনে কিছুমান লক্ষণ–

⬛ হৃদৰোগৰ অন্যতম এটা লক্ষণ হৈছে নখৰ তলৰ অংশত ৰঙা আৰু বেগুণীয়া ৰঙৰ ৰেখাৰ সৃষ্টি হোৱা৷ চিকিৎসা বিজ্ঞানত ইয়াক ছপ্লিণ্টাৰ হেমাৰ’জিং বুলি কোৱা হয়৷ নখত এনে ৰেখাৰ সৃষ্টি হোৱা দেখিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক৷

⬛ আঙুলিৰ গুৰি ফুলি উঠিলে সেয়া হৃদৰোগৰ লক্ষণ হ’ব পাৰে৷ বিশেষজ্ঞসকলৰ মতে তৰ্জনী আৰু বুঢ়া আঙুলিত মূলতঃ হৃদৰোগৰ লক্ষণে দেখা দিয়ে৷

⬛ হাতৰ তলুৱা ৰঙা, বাদামী বা বিৱৰ্ণ হ’লে সেয়া হৃদৰোগৰ লক্ষণ হ’ব পাৰে৷ হৃদযন্ত্ৰ আৰু তাৰ কাষৰ ৰক্তনলীত সমস্যা হ’লেও এনেকুৱা হয়৷

⬛ ভৰিত যদি প্ৰায়েই বিষ বা অৱশ অনুভৱ কৰে তেন্তে সেয়াও চিন্তাৰ কাৰণ৷ কিয়নো ভৰিৰ স্নায়ুৰ সৈতে মস্তিষ্কৰ স্নায়ুৰ প্ৰত্যক্ষ সংযোগ আছে৷ সেয়ে সঘনাই ভৰি অৱশ হোৱা বা বিষ হ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷ 

⬛ হাত বা ভৰিত ঠিকমতে তেজৰ সঞ্চালন নহ’লে জিনজিননি অনুভৱ হয়৷ এইটোও হৃদৰোগৰ লক্ষণ হ’ব পাৰে৷ 

⬛ চকু হালধীয়া পৰা বা চকুৰ চাৰিওপিনে বগা ৰঙৰ ক্ষুদ্ৰাকৃতিৰ মাংসপিণ্ড ওলাই অহা দেখিলে অৱহেলা নকৰিব৷ তেজত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে এনেকুৱা সমস্যা হয়৷ এই লক্ষণে দেখা দিলে বুজিব যে আপোনাৰ হৃদযন্ত্ৰত সমস্যাৰ সৃষ্টি হৈছে৷