Logo
image

গাৰ্হস্থ্য হিংসা! ৰাখীৰ স্বামী জে’ললৈ

গ্লেমাৰ জগতত বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ‘ড্ৰামা কুইন’ তথা ৰিয়েলিটী তাৰকা ৰাখী স্বাৱন্ত৷ গাৰ্হস্থ্য হিংসাৰ বাবে অধিক চৰ্চিত হৈ পৰিছে আইটেম গাৰ্ল ৰাখী স্বাৱন্ত আৰু তেওঁৰ স্বামী আদিল খান৷ ৰাখীৰ ধন আদিলে অন্য মহিলাৰ লগত খৰচ কৰাৰ অভিযোগ তুলিছে ৰাখীয়ে৷ তনু চান্দেল নামৰ এগৰাকীৰ সৈতে পৰকীয়া প্ৰেমতপৰা বুলি ৰাখীয়ে আদিলৰ বিৰুদ্ধে অভিযোগ আনিছে৷ ৰাখীৰ পৰিয়ালৰ খৰিয়াল গৈ আদালতৰ মজিয়া পায়গৈ৷ ডেৰ কোটি টকা ৰাখী স্বাৱন্তে ঘূৰাই বিচাৰিছে আদিলৰ পৰা৷  অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি বিক্ৰী কৰা, বিকৃত যৌনাচাৰ, মাৰধৰ, প্ৰৱঞ্চনাৰ দৰে অভিযোগ আনি ৬ ফেব্ৰুৱাৰীত আদিলৰ বিৰুদ্ধে থানাত এফ আই আৰ দাখিল কৰে ৰাখীয়ে৷ একাধিক অভিযোগৰ ভিত্তিত মঙলবাৰে মুম্বাই আৰক্ষীয়ে আদিলক গ্ৰেপ্তাৰ কৰে৷ আদালতত ১৪ দিনৰ বাবে বিচাৰ বিভাগীয় জিম্মাত ৰখা হৈছে আদিলক৷ ৰাখীয়ে এক সাক্ষাৎকাৰত কয়– মই জীয়াই থাকিও মৃত৷ মোৰ নগ্ন ভিডিঅ’ শ্বুট কৰি বৃহৎ ধনৰ বিনিময়ত বিক্ৰী কৰিছিল আদিলে৷ উল্লেখ্য প্ৰথম স্বামী ৰিতেশ ৰাজৰ পাছতে ৰাখী বিবাহপাশত আৱদ্ধ হৈছিল আদিলৰ লগত৷