Logo
image

বিজেপিৰ বাবে এক বৃহৎ সকাহ!

ধৰ্মীয় মেৰুকৰণক লৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ গঠন হোৱাৰ পৰা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰত চৰকাৰক বিভিন্ন পক্ষই সমালোচনা কৰি আহিছে৷ মাজে-সময়ে দেশত হিন্দুত্ববাদী সংগঠনৰ একাংশ নেতাই কেতবোৰ মন্তব্য কৰে আৰু সংবাদ মাধ্যম, সামাজিক মাধ্যমত এই মন্তব্যবোৰ প্ৰকাশ হোৱাৰ লগে লগে ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰম্ভ হয়৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বজৰং দলকে মুখ্য কৰি বহু হিন্দুত্ববাদী সংগঠনসমূহৰ নেতা-পালিনেতা, শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী-নেতা, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-নেতালৈকে সময়ে সময়ে বিভিন্নজনে হিন্দুৰ সুৰক্ষা, গো-মাতা ৰক্ষাকে ধৰি অতি হিন্দুকেন্দ্ৰিক বক্তব্যৰে বিতৰ্কৰ সূত্ৰপাত কৰাটো এক সাধাৰণ কাৰ্যত পৰিণত হৈছে৷ লক্ষণীয়ভাৱে হিন্দুকেন্দ্ৰিক ধৰ্মীয় মেৰুকৰণৰ সমান্তৰালকৈ বিশেষকৈ মুছলমানসকলৰ অধিকাৰ, সুৰক্ষা তথা ধৰ্মীয় বিভিন্ন বিষয়ক লৈ এচাম মুছলমান নেতাইও সময়ে সময়ে হিন্দুত্ববাদী সংগঠন তথা বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰিত্বৰ আমোলত ধৰ্মীয় মেৰুকৰণৰ দিশটোৱে বিশেষ প্ৰাধান্য পোৱা নাছিল আৰু প্ৰয়াত প্ৰধানমন্ত্ৰীজনেও এই বিষয়টোক চকুত লগাকৈ অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে স্বভাৱসিদ্ধ বাক-চাতুৰ্য, ব্যক্তিত্বৰে দেশবাসীৰ বহু জ্বলন্ত সমস্যা সমাধানত ব্ৰতী হৈ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হৈছিল৷ অটল বিহাৰী বাজপেয়ী স্বৰ্গগামী হ’ল যদিও আজিও তেওঁক কোটি কোটি ভাৰতীয়ই শ্ৰদ্ধাৰে সোঁৱৰে৷ বাজপেয়ীৰ পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে দুটা শাসনকাল অৰ্থাৎ দহবছৰ দেশ শাসনৰ বাঘজৰী নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল আৰু এই সময়ছোৱাত কংগ্ৰেছে নিজকে এক নৰম দলৰ ভাৱমূৰ্তি অটুট ৰখাৰ সময়তে বিজেপিয়ে মূলতঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহযোগেৰে দেশত এক হিন্দুকেন্দ্ৰিক ভাৱধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল৷ অৱশ্যে উক্ত সময়ছোৱাত বিশেষকৈ¸ কংগ্ৰেছ চৰকাৰৰ দ্বিতীয়টো শাসনকালত বৃহৎ বৃহৎ কেলেংকাৰিয়ে কংগ্ৰেছৰ ভাৱমূৰ্তিদেশবাসীৰ আগত বহু পৰিমাণে অৱনমিত কৰিলে৷ কাজেই এফালে হিন্দুত্ববাদী চিন্তাধাৰাৰ উত্থান আৰু আনফালে কংগ্ৰেছৰ জনপ্ৰিয়তা দ্ৰুতভাৱে হ্ৰাসে বিজেপি চৰকাৰৰ বাট বহু পৰিমাণে মুকলি কৰিলে৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা আৰ এছ এছকে ধৰি অন্যান্য হিন্দুত্ববাদী সংগঠনসমূহো পূৰ্বৰ তুলনাত বহু পৰিমাণে শক্তিশালী হৈ পৰিল আৰু বিভিন্ন সাংগঠনিক কামকাজেৰে বিশেষকৈ আৰ এছ এছে বহু লোকৰ মাজত খোপনি পতা ক্ষেত্ৰত সক্ষম হ’ল৷ কোৱা বাহুল্য, আৰ এছ এছৰ নেতৃত্ব তথা সদস্যসকলে সংগঠনৰ ভাৱধাৰাৰ দ্বাৰা পৰিচালিত হয় যদিও নিজৰ সমৰ্থনত গঢ় লৈ উঠা দলে চৰকাৰৰ নেতৃত্ব দিয়াৰ সুবাদত স্বকীয় বৈশিষ্ট অধিক অটুট ৰখাত সক্ষম হৈছে৷ বিজেপি, আৰ এছ এছক বিৰোধী দল, বাওপন্থী সংগঠন বা অন্যান্য বহু লোকে অত্যধিক হিন্দুকেন্দ্ৰিক মানসিকতাক কটূ সমালোচনা কৰি আহিছে যদিও বিজেপি দল বা আৰ এছ এছে নিজৰ আদৰ্শৰ দ্বাৰাই বিভিন্ন কাৰ্য অব্যাহত ৰাখিছে৷ তাৎপৰ্যৰ বিষয় ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ধৰ্মীয় মেৰুকৰণৰ অভিযোগ তুলি মাজে-সময়ে একাংশ ইছলামিক দেশৰ লগতে আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া আদি দেশত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম জনপ্ৰিয় নেতাৰূপে বহু বছৰ স্বীকৃতি লাভ কৰি থকাটোও এক লক্ষণীয় দিশ৷ বিভিন্ন পক্ষৰ এনে বহুবোৰ অভিযোগ-প্ৰতি অভিযোগৰ মাজতে ভাৰতবৰ্ষক সংখ্যালঘু সম্প্ৰদায়ৰ বাবে আটাইতকৈ  উপযুক্ত দেশৰূপে স্বীকৃতি দিছে৷ ‘চেণ্টাৰ ফৰ পলিচী এনালাইছিছ’ নামৰ প্ৰতিবেদনে৷ উক্ত প্ৰতিবেদনৰ মতে সংখ্যালঘু সম্প্ৰদায় বসবাস কৰা বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতেই আটাইতকৈ সুৰক্ষিত আৰু সংখ্যালঘুসকলে অন্যান্য নাগৰিকৰ দৰেই চৰকাৰী বিভিন্ন আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ পাছতহে দক্ষিণ কোৰিয়া, জাপান, পানামা, আমেৰিকা আদি ৰাষ্ট˜ই স্থান লাভ কৰিছে৷ আফগানিস্তান, ছোমালিয়া, ছুডান আদি ৰাষ্ট্ৰই এই তালিকাত নিম্ন স্থান লাভ কৰিছে৷ উল্লেখ্য মহা শক্তিধৰ ৰাষ্ট্ৰ চীনত সংখ্যালঘু, মুছলিম, তিব্বতীয়সকলে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ লগতে বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈ আহিছে৷ নিঃসন্দেহে চেণ্টাৰ ফৰ পলিচী এনালাইছিছৰ এই প্ৰতিবেদন ভাৰত চৰকাৰৰ বাবে এক সকাহ স্বৰূপ হৈছে আৰু ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ এই প্ৰতিবেদক লৈ কেন্দ্ৰীয় চৰকাৰ উৎসাহী হৈ পৰিছে৷ এই প্ৰতিবেদনৰ ঠিক পাছতেই আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে মুম্বাইৰ এটা অনুষ্ঠানত ভাগ লৈ সকলো মানুহ ভগৱানৰ সন্তান, ভগৱানে হিন্দু-মুছলমান বুলি কাকো ভাগ কৰা নাই আৰু হিন্দু-মুছলমান, জাতি-বৰ্ণৰ সলনি সকলো ভাৰতীয়ই এক হৈ থকাতহে গুৰুত্ব দিয়া উচিত বুলি কৰা বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ কোৱা বাহুল্য, বিজেপিৰ দহ বছৰীয়া শাসন কালত মুছলমানৰ বিৰুদ্ধে বহু হিন্দুত্ববাদী সংগঠনে আপোচহীন মনোভাৱ প্ৰদৰ্শনৰ পাছত আৰ এছ এছ মুৰব্বীৰ উক্ত মন্তব্য বহুভাৱে চৰ্চিত হৈছে৷ বৰ্তমানৰ কেন্দ্ৰ চৰকাৰে ভাৰতক বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়াৰ সপোন দেখাৰ সময়ত বিশ্বৰ ভিতৰতে জনবহুল হ’ব লগা ৰাষ্ট্ৰখনৰ জনসাধাৰণৰ মাজত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সংহতি স্থাপনৰ প্ৰয়োজনীয়তাক দোহৰাৰ কোনো প্ৰয়োজন নাই৷ অৱশ্যে এই কথা বক্তব্যতে সামৰি হাতে-কামে কিমান কাৰ্যকৰী হ’ব সেয়া বিচাৰ্যৰ বিষয়৷