Logo
image

ইউৰিক এচিড বাঢ়িলে এইখিনি কৰক

শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়৷ তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে গাঁঠিৰ বিষত আক্ৰান্ত হ’ব লগা হয়৷ কেতিয়াবা ইয়াৰ পৰিমাণ বাঢ়ি গৈ থাকিলে কিডনীজনিত অসুখতো আক্ৰান্ত হ’ব পাৰে৷ পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থৰ বিভাজন হৈ ইউৰিক এচিড সৃষ্টি হয়৷ সেয়েহে পিউৰিন থকা খাদ্য এৰাই চলা উচিত৷ উচ্ছ পিউৰিনযুক্ত খাদ্য খোৱাৰ ফলতে ইউৰিক এচিড বৃদ্ধি পায়৷ স্বাভাৱিক অৱস্থাত শৰীৰত ইউৰিক এচিডৰ নিৰ্দিষ্ট মাত্ৰা হ’ল– পুৰুষৰ ক্ষেত্ৰত ৩.৪-৬.০ এমজি আৰু মহিলাৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ হ’ল ২.৪-৬.০ এমজি৷ এই নিৰ্দিষ্ট মাত্ৰাৰ বেছি হ’লেই বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷ ইউৰিক এচিডত আক্ৰান্ত হ’লে দেখা দিয়া সাধাৰণ লক্ষণ হ’ল– ঘনে ঘনে প্ৰস্ৰাৱ হোৱা, পেশী টানি ধৰা, উঠা-বহা কৰোঁতে অসুবিধা আদি৷ 

⬛ ইউৰিক এচিড বাঢ়িলে সাগৰীয় মাছ, ৰেডমিট, পালেং শাক, ব্ৰকলী, মাছৰুম, দাইল, সুৰাপান আৰু চেনিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে৷ 

⬛ কাৰ্ব’হাইড্ৰেট জাতীয় খাদ্য, পাউৰুটি, কেক আদি কমকৈ খাব লাগে৷ এই ক্ষেত্ৰত খাদ্যাভাসৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে৷ 

⬛ তেল-মছলাযুক্ত খাদ্য কমাই খাব লাগে৷ 

⬛ গাখীৰ, বজাৰত উপলব্ধ লাচি-জুছ আদি কমাই খাব৷ ইয়াৰ বিপৰীতে খাদ্য তালিকাত ভিটামিন ‘চি’যুক্ত ফলমূল আদি ৰাখিব লাগে৷ 

⬛ আমলখি, কমলা, নেমু, সতেজ শাক-পাচলি অতি উত্তম৷ ইউৰিক এচিড বৃদ্ধি পালে প্ৰতিদিনে এটাকৈ আপেলখোৱা উচিত৷ নিয়মীয়াকৈ গ্ৰীণ টি পান কৰিলেও ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷