Logo
image

জনপ্ৰিয় ইউটিবাৰ প্ৰিয়লীনা নাথৰ ৰহস্যজনক আত্মহত্যা

ডিজিটেল ডেস্কঃ  গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল ৰহস্য জনক আত্মহত্যাৰ ঘটনা। জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়লীনা নাথে ৰহস্যজনক ভাবে আত্মহত্যা কৰে। এই ঘটনাটো সংঘটিত হৈছে বামুনীমৈদামত। উল্লেখ্য যে, শোনিতপুৰৰ জামুগুৰিহাটৰ বাসিন্ধা পংকজ নাথে  বামুনীমৈদামত পিতৃ মাতৃৰ সৈতে ভাড়া ঘৰত  থাকি ফাৰ্মাচীৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছিল। প্ৰায় ছয় মাহ পূৰ্বে পংকজে ইনষ্টাগ্ৰামত বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপৰ ইউটিউবাৰ প্ৰিয়লীনা নাথৰ সৈতে চিনাকি হয়। ইয়াৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। দুয়োৱে বিভিন্ন ঠাইত ভিডিও শ্বুটিং কৰি ইউটিউৱত আপলোড কৰি আহিছিল। যুৱক যুৱতী হালৰ প্ৰেমৰ সম্পর্কৰ কথা জানিব পাৰি প্ৰায় তিনিমাহ পূৰ্বে দুয়োটা পৰিয়ালে পংকজ আৰু প্ৰিয়লীনাক বিয়া পাতি দিয়ে। সেই সূত্ৰে প্ৰিয়লীনা নাথ পংকজৰ সৈতে বামুনিমৈদামৰ ভাড়া ঘৰত একেলগে থাকিবলৈ লয়। নিশাৰ ভাগত প্ৰিয়লিনাই বীৰা মাতিবলৈ মাজ নিশা পূজা অৰ্চনা কৰা স্বামী ঘৰৰ মানুহে প্ৰত্যক্ষ কৰে। আনকি মাজ নিশা  দুই তিনি বজালৈকে প্ৰিয়লীনাই অজ্ঞাত লোকৰ লগত ফোনত কথা বতৰা পাতি থকা স্বামীৰ পৰিয়ালে প্ৰত্যক্ষ কৰে । এই লৈ পংকজ আৰু প্ৰিয়লীনাৰ মাজত প্ৰায়ে সংঘাত হৈছিল। শনিবাৰে নিশা প্ৰায় ডেৰ বজাত স্বামী পংকজে ভাড়াঘৰলৈ আহি তেওঁৰ কোঠাত পত্নী মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰি ৰচী কাটি পত্নীৰ মৃতদেহ নমাই বিচনাত শুৱায় থয়। পিছত পংকজে ঘটনা সন্দৰ্ভত চান্দমাৰি থানাত খবৰ দিয়ে । আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে।  ইপিনে প্ৰিয়লীনাৰ শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰি যুৱতী গৰাকীৰ পৰিয়ালে এইয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰে। পংকজে প্ৰিয়লীনাক পৰিকল্পিত ভাবে হত্যা কৰি ৰচীত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিয়া বুলি যুৱতী গৰাকীৰ পৰিয়ালে অভিযোগ কৰে। ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পৰিয়ালে চান্দমাৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত চান্দমাৰি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০২ নং ধাৰাৰ অধীনত থানাত ৫৩/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি স্বামী পংকজক গ্ৰেপ্তাৰ কৰিছে।