Logo
image

ৰাখে হৰি মাৰে কোনে! : ১২৮ ঘণ্টাৰ পিছত ধ্বংসস্তূপৰ পৰা নিৰাপদে উদ্ধাৰ এটি দুমহীয়া শিশু

ডিজিটেল ডেস্কঃ বৰভূঁইকপৰ ফলত বিধ্বস্ত হ'ল তুৰস্ক আৰু ছিৰিয়া৷ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ মাজতে এতিয়াও বৃদ্ধি পাই আছে নিহতৰ সংখ্যা৷ এইপৰ্যন্ত  নিহত লোকৰ সংখ্যা ৩৪ হাজাৰলৈ বৃদ্ধি পাইছে৷ ইয়াৰ মাজতে তুৰস্কৰ এটা খবৰে দৃষ্টি আকৰ্ষণ কৰিছে বিশ্ববাসীৰ ৷

কথাতে কয় বোলে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? তেনে এক ঘটনাই সংঘটিত হ'ল তুৰস্কত৷ ১২৮ ঘণ্টা ধ্বংসস্তূপৰ মাজত থাকিও একো নোখোৱাকৈ মৃত্যুক জয় কৰিলে এটি দুমহীয়া শিশুৱে৷ তুৰস্কৰ হেটে প্ৰদেশত বৰভূঁইকপত বিধ্বস্ত হোৱা এটা অট্টালিকাৰ ধ্বংসস্তূপৰ পৰা নিৰাপদে উদ্ধাৰ কৰা হয় শিশুটিক৷ শিশুটিক উদ্ধাৰৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বৰ্তমান সুস্থ হোৱাৰ বাবে চিকিৎসালয়ৰ পৰা ডিছচাৰ্জ কৰা হৈছে শিশুটিক৷

শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই৷ পিতৃ-মাতৃ জীৱিত নে বৰভূঁইকপত প্ৰাণ গ'ল সেয়াও জানিব পৰা হোৱা নাই৷ যাৰ বাবে এতিয়া চিকিৎসালয়ৰ কৰ্তৃপক্ষই দায়িত্ব লৈছে শিশুটিৰ৷ চিকিৎসালয়ৰ পৰা ডিছচাৰ্জ কৰিলেও শিশুটিৰ চোৱাচিতাৰ সম্পূৰ্ণ দায়িত্ব লৈছে চিকিৎসালয় কৰ্তৃপক্ষই৷