ৰেডিঅ’-কথা
১৩ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ বিশ্বই বিশ্ব অনাতাঁৰ দিৱস হিচাপে বিগত ১১ বছৰ ধৰি উদ্যাপন কৰি আহিছে৷ এইবাৰ দিৱসৰ তাৎপৰ্য হৈছে ৰেডিঅ’ আৰু শান্তি৷ সমগ্ৰ বিশ্বৰ লোকে ইতিমধ্যে উপলব্ধি কৰিব পাৰিছে যে শান্তি বিয়পোৱাৰ ক্ষেত্ৰত ৰেডিঅ’ৰ ভূমিকা অসীম আৰু বিশ্ব নাগৰিকৰ বাবে ৰেডিঅ’ এটা অতুলনীয় উপহাৰ৷
ভাৰততো স্বাধীনতাৰ ৭৫ বছৰ ধৰি আকাশবাণীয়ে দেশৰ বৃহত্তম লোকসেৱা প্ৰচাৰক হিচাপে কৰ্ম সম্পাদন কৰি আহিছে আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষা, গণতান্ত্ৰিক মতাদৰ্শৰ বিস্তাৰ, কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ অক্ষুণ্ণ ৰখা আৰু শান্তিৰ বাতাৱৰণ সৃষ্টি তথা বৰ্তাই ৰখাৰ হকে সৰ্বসাধাৰণৰ মাজলৈ অহৰহ বাৰ্তা প্ৰেৰণ কৰি আহিছে৷
দেশ, জনগাঁথনি, ভৌগোলিক অৱস্থান, ভাষা, সংস্কৃতি আদি অনুযায়ী ৰেডিঅ’ৰ কাৰ্যসূচী প্ৰচাৰণৰ ব্যৱস্থাসমূহো সুকীয়া৷ অনাতাঁৰ কেন্দ্ৰসমূহে শ্ৰোতা-ৰাইজৰ প্ৰয়োজন অনুসৰি বাতৰি আৰু বিভিন্ন বিষয়ক সামৰি কথিকা আৰু কথোপকথন প্ৰচাৰৰ জৰিয়তে নানা বিষয়ৰ জ্ঞান প্ৰদানৰ উপৰি সাংস্কৃতিক কাৰ্যসূচী যেনে সংগীত, নাটক, উপন্যাস পাঠ, কবিতা পাঠ আদিৰ প্ৰচাৰৰ জৰিয়তে শ্ৰোতাগণৰ বাবে মনোৰঞ্জনৰ ব্যৱস্থাও কৰি আহিছে৷
বিশ্বৰ অন্যান্য কেন্দ্ৰসমূহৰ নিচিনাকৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰও এইক্ষেত্ৰত পিছপৰি থকা নাই৷ কেন্দ্ৰটোৱে চলিত বৰ্ষটোক মহাৰজত জয়ন্তী বৰ্ষ হিচাপে উদ্যাপন কৰি আছে৷ বিগত ৭৪ বছৰে অসমৰ শ্ৰোতা-ৰাইজৰ প্ৰয়োজন হোৱাকৈ বাতৰিৰ উপৰি জ্ঞানদায়িনী তথা মনোৰঞ্জনমূলক নানান অনুষ্ঠান প্ৰচাৰ কৰি আহিছে৷
কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি বিভাগে অসমৰ ৰাইজলৈ নিজৰ সেৱা আগবঢ়াই ৮খনকৈ সংবাদ বুলেটিন অসমীয়া ভাষাত প্ৰচাৰ কৰি আহিছে৷ ইয়াৰে তিনিখন ১০ মিনিটকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰিক প্ৰাধান্য দিয়া বুলেটিন ক্ৰমে পুৱা ৭.০৫ দুপৰীয়া ১.৪০ আৰু সন্ধিয়া ৭.১০ বজাত প্ৰচাৰ কৰা হয়৷ আনহাতে, পাঁচখন আঞ্চলিক বাতৰিক প্ৰাধান্য দি প্ৰচাৰিত বুলেটিন ক্ৰমে পুৱা ৯ আৰু সন্ধিয়াা ৬.৪৫ বজাত ১৫ মিনিটকৈ আৰু আন তিনিখন ৫ মিনিটকৈ ক্ৰমে বিয়লি ৫.১৫, সন্ধিয়া ৬ আৰু নিশা ৯.২৫ বজাত প্ৰচাৰ কৰা হয়৷ অৱশ্যে, ইয়াৰে ৬ বজাত প্ৰচাৰিত বুলেটিনখন ডিব্ৰুগড় কেন্দ্ৰৰ বাবে প্ৰচাৰ কৰা হয়৷ ৰাজ্যখনত বসবাস কৰি অহা নেপালী, কাৰ্বি আৰু বড়ো ভাষাৰ শ্ৰোতাসকলৰ বাবে আঞ্চলিক বাতৰি বিভাগৰ দ্বাৰাই নেপালী, কাৰ্বি আৰু বড়ো বুলেটিনো প্ৰস্তুত কৰা হয় আৰু প্ৰতিখন বুলেটিন দৈনিক বিয়লি ৩.১৫, ৩.৪৫ আৰু ৪.৩০ বজাত প্ৰচাৰ কৰা হয় কেন্দ্ৰটোৰ অন্তৰ্গত সেই নিৰ্দিষ্ট ভাষাৰ বিভাগকেইটাৰ জৰিয়তে৷
ইয়াৰ উপৰি বিভাগটোৱে দৈনিক চাৰিখনকৈ ২ মিনিটৰ বাবে এফ এম হেডলাইনো প্ৰচাৰ কৰে ক্ৰমে পুৱা ৭.৫৫, পুৱা ১০.১৫, দুপৰীয়া ১২.১০ আৰু সন্ধিয়া ৬.১৫ বজাত৷
শ্ৰোতা ৰাইজৰ প্ৰতি আঞ্চলিক বাতৰি বিভাগৰ এটি অন্যতম সেৱা হ’ল বিভাগটোৱে সাপ্তাহিকভাৱে প্ৰচাৰ কৰি অহা সাম্প্ৰতিক ঘটনাৱলী সন্দৰ্ভত প্ৰস্তুত কৰা তিনিটা অনুষ্ঠান ক্ৰমে ‘দৃষ্টিপাত’, ‘চলন্তিকা’ আৰু ‘প্ৰাসংগিক’৷ যাৰ প্ৰচাৰৰ সময় প্ৰতিটো শনিবাৰে সন্ধিয়া ৮ বজাত ‘দৃষ্টিপাত’, প্ৰতিটো দেওবাৰে সন্ধিয়া ৭.৪৫ বজাত ‘চলন্তিকা’ আৰু প্ৰতি মঙলবাৰে দুপৰীয়া ১.২০ বজাত ‘প্ৰাসংগিক’৷
ইতিমধ্যে প্ৰচাৰ কৰি অহা অনুষ্ঠানসমূহৰ প্ৰতি শ্ৰোতা-ৰাইজে প্ৰকাশ কৰি অহা ব্যাকুলতাই আকাশবাণী গুৱাহাটীয়ে যে ৰেডিঅ’ৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, সেয়া প্ৰতিফলিত হৈছে আৰু শ্ৰোতা-ৰাইজৰ সন্তুষ্টিৰ বাবে আকাশবাণীয়েও পূৰ্ণ উদ্যমেৰে নিত্য-নতুন অনুষ্ঠানৰ প্ৰচাৰৰ ব্যৱস্থা অব্যাহত ৰাখিছে৷






