Logo
image

এইবোৰ খাদ্য ফ্ৰীজত ৰখা উচিত নহয়

খাদ্য ভালে ৰাখিবলৈ আমি ফ্ৰীজ ব্যৱহাৰ কৰোঁ৷ আজি-কালি প্ৰায়ভাগ পৰিয়ালেই ফ্ৰীজ ব্যৱহাৰ কৰে৷ কিন্তু বহুতেই নাজানে যে কেনে ধৰণৰ খাদ্য ফ্ৰীজত ৰাখিলে ভালে থাকে বা কোনবোৰ খাদ্য ফ্ৰীজত ৰাখিলে তাৰ পুষ্টিগুণ কমি আহে৷ উল্লেখ কৰা হ’ল এনে কিছুমান খাদ্য যিবোৰ ফ্ৰীজত ৰখাটো উচিত নহয়–

[১] পাওৰুটিঃ পাওৰুটি ফ্ৰীজত ৰখাটো উচিত নহয়৷ কিয়নো, কম তাপমাত্ৰাত ৰখা পাওৰুটি শুষ্ক হৈ পৰে৷ ফলত ই খোৱাৰ অনুপযোগী হয়৷ সেয়ে পাওৰুটি ফ্ৰীজৰ সলনি স্বাভাৱিক তাপমাত্ৰাত ৰাখক৷

[২] কণীঃ বিশেষজ্ঞসকলৰ মতে ফ্ৰীজত কেতিয়াও কণী ৰাখিব নালাগে৷ কিয়নো কণী ফ্ৰীজত ৰাখিলে ইয়াৰ বগা অংশৰ উপকাৰী গুণ হ্ৰাস পায়৷ তদুপৰি ফ্ৰীজত ৰখা কণীত বেক্টেৰিয়াৰ সৃষ্টি হয়৷

[৩] নেমু, আপেল আদিঃ তৰমুজ, নেমু, আপেল, কল, সুমথিৰা আদি ফ্ৰীজত ৰাখিলে তাৰ পুষ্টিগুণ আৰু সোৱাদ নাইকিয়া হয়৷ সেয়ে এইবোৰ ফল ফ্ৰীজত নাৰাখিব৷

[৪] আলুঃ ফ্ৰীজত আলু ৰাখিলে ইয়াৰ প্ৰকৃত সোৱাদ নষ্ট হয়৷ সেয়ে আলু ফ্ৰীজৰ বাহিৰত শুকান ঠাইত অথবা কাগজৰ পেকেটত ৰাখক৷

[৫] বিলাহীঃ ফ্ৰীজত বিলাহী ৰাখিলে ইয়াৰ সোৱাদ নষ্ট হয়৷ তদুপৰি ফ্ৰীজত থোৱা বিলাহীৰ ভিতৰৰ অংশ সিজোৱাৰ দৰে হৈ থাকে৷ সেয়ে বিলাহী ফ্ৰীজৰ সলনি বাহিৰত ৰখা কৰক৷

[৬] নহৰু-পিয়াঁজঃ বহুতে পিয়াঁজ কাটি ফ্ৰীজত ৰাখে অথবা পেকেটত ভৰাই থয়৷ পিয়াঁজ ফ্ৰীজত ৰাখিলে সোনকালে গেলি যোৱাৰ সম্ভাৱনা থাকে৷ একেদৰে নহৰুও ফ্ৰীজত ৰাখিব নালাগে৷ ফ্ৰীজত নহৰু ৰাখিলে কলা দাগ পৰে৷

[৭] ছছঃ বহুতে কেচ্ছাপ বা ছয়াছ’চ ফ্ৰীজত ৰাখে৷ কিন্তু এইবোৰ ফ্ৰীজত ৰখাতকৈ বাহিৰত ৰাখিলেও বেয়া নহয়৷ ছ’চ ফ্ৰীজত ৰাখিলে সোৱাদ নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷

[৮] আচাৰঃ বহুতৰে ধাৰণা, আচাৰ ফ্ৰীজত ৰাখিলে বহুদিনলৈ ভালে থাকে৷ পিছে এই ধাৰণা ভুল৷ ফ্ৰীজত আচাৰ ৰাখিলে ভেঁকুৰে ধৰাৰ সম্ভাৱনা থাকে৷ সেয়ে আচাৰ ফ্ৰীজৰ সলনি বাহিৰত ৰাখক আৰু নিতৌ ৰ’দত দিয়ক৷

[৯] জাম-জেলিঃ বজাৰৰ পৰা ক্ৰয় কৰা জাম-জেলিত সাধাৰণতে প্ৰিজাৰভেটিভ থাকে৷ সেয়ে এইবোৰ ফ্ৰীজত ৰখা উচিত নহয়৷ অৱশ্যে যদি ঘৰতে প্ৰস্তুত কৰা জাম-জেলি হয়, তেন্তে তাক ফ্ৰীজত ৰাখিব পৰা যায়৷

[১০] মছলাঃ মছলা ভুলতো ফ্ৰীজত নাৰাখিব৷