Logo
image

গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধন

জি -২০ সন্মিলন আৰু ৱাই-২০ বৈঠকৰ বাবে গুৱাহাটী চহৰখনক সজাই-পৰাই তোলা হৈছে৷ গুৱাহাটীলৈ অহা বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ মনত এনে এটা ধাৰণাৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে যেন এইখন দেশৰ ভিতৰতে অন্যতম পৰিষ্কাৰ আৰু সুন্দৰ চহৰ৷ প্ৰায়েই দেখা যায় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাঅথবা কোনো সন্মিলন আয়োজনৰ সময়ত বৃহৎ অংকৰ ধন খৰচ কৰি গুৱাহাটীক সজাই-পৰাই তোলা হয়৷ কিন্তু কেইদিনমান যোৱাৰ পাছত সকলো আগৰ দৰে চলিবলৈ ধৰে৷  কেৱল বিশেষ কেইটামান দিনৰ বাবে গুৱাহাটীখনক পৰিষ্কাৰ কৰি ৰখাৰ লাভ কি? অৱশ্যে এই কামবোৰত নিয়োজিতসকলে কিছু ধন ঘটাৰ সুযোগ পায়৷ গুৱাহাটীক সদায় পৰিষ্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰিব পৰা নাযায়নে? কোৱা হয় দেশৰ দ্ৰুত উন্নয়ন হোৱা চহৰবোৰৰ অন্যতম হৈছে গুৱাহাটী৷ হয়, সু-উচ্ছ অট্টালিকা, ফ্লাই-অভাৰ নিৰ্মাণ, নামী-দামী শ্বপিং মল মুকলি কৰা– এইবোৰ দিশৰ পৰা গুৱাহাটীৰ উন্নয়ন নোহোৱা বুলি ক’ব নোৱাৰি৷ কিন্তু  চহৰখনৰ মূল সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত কোনো এখন চৰকাৰেই সফল হ’ব পৰা নাই৷ জনসাধাৰণক নিৰাপত্তা প্ৰদান, কৃত্ৰিম বান, খহনীয়া, খোৱাপানী যোগানৰ দৰে সমস্যাবোৰ সমাধান কৰাটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই৷ তাৰ উপৰি শেহতীয়াকৈ সৃষ্টি হোৱা সমস্যাটো হৈছে বায়ু প্ৰদূষণৰ সমস্যা৷ পৰিৱেশ বিশেষজ্ঞৰ মতে, বিগত দুই-তিনিমাহত গুৱাহাটীৰ বায়ুমণ্ডল ভয়ানকভাৱে প্ৰদূষিত হৈছে৷ অচিৰেই যদি এইক্ষেত্ৰত উচিত ব্যৱস্থা লোৱা নহয়, তেন্তে পৰৱৰ্তী সময়ত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব৷ এটা কথা স্বীকাৰ কৰিবই লাগিব যে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিভিন্ন সময়ত ৰাজ্য চৰকাৰে নানা আঁচনি ঘোষণা কৰি আহিছে যদিও কাৰ্যক্ষেত্ৰত সেই আঁচনিবোৰ ৰূপায়ণহে হোৱা দেখা নাযায়৷

মধ্য প্ৰদেশৰ ইন্দোৰ চহৰখনে ক্ৰমাগত ষষ্ঠবাৰৰ বাবে দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰৰ স্বীকৃতি পাইছে৷ এয়া সম্ভৱ হৈছে চৰকাৰ আৰু স্থানীয় কতৃৰ্পক্ষৰ সু-পৰিকল্পিত আঁচনি আৰু জনসাধাৰণৰ যথোচিত সহযোগিতাৰ বাবে৷ ইন্দোৰ চহৰক পৰিষ্কাৰ কৰি ৰখাৰ বাবে যিবোৰ পৰিকল্পনা লোৱা হৈছে, সেই ফৰ্মূলা এতিয়া দেশৰ আন কেইবাখনো চহৰতো লোৱা দেখা গৈছে৷ এটা কথা সকলোৱে স্বীকাৰ কৰিব যে জনসাধাৰণৰ সহযোগিতা অবিহনে কোনো আঁচনিতে চৰকাৰ সফল হ’ব নোৱাৰে৷ এইক্ষেত্ৰত সৰ্বসাধাৰণৰো সচেতনতাৰ প্ৰয়োজন আছে৷ গুৱাহাটীত যে কোনো পৰিকল্পনা নোহোৱাকৈ কেতবোৰ কাম কৰা হয় তাৰ এটা ধাৰণা কৰিব পাৰি শেহতীয়াকৈ চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে  হাতত লোৱা কামবোৰ দেখি৷ গুৱাহাটীৰ বিভিন্ন স্থানত পৌৰ নিগমে নলা-নৰ্দমা আদি পৰিষ্কাৰ কৰাৰ কাম চলাই আছে৷ কিন্তু বহু ঠাইত নলা-নৰ্দমাৰ পৰা খান্দি উলিওৱা আৱৰ্জনাবোৰ ৰাস্তাত দ’মাই থোৱাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ নাগৰিকে৷ মাজতে গুৱাহাটীত এবাৰ ব্যৱহাৰযোগ্য পলিথিন বেগৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল যদিও এতিয়া  ব্যৱসায়ীসকলে পুনৰ নিৰ্বিঘ্নে তেনে সামগ্ৰীবোৰ ব্যৱহাৰ কৰি আছে৷ এইবোৰ ক্ষেত্ৰত চৰকাৰ কিছু কঠোৰ হোৱা প্ৰয়োজন৷ দ্ৰুত বাণিজ্যিকীকৰণৰ দিশত ধাৱমান হোৱা গুৱাহাটীত মুকলি স্থানৰ অভাৱ বুলি প্ৰায়েই অভিযোগ শুনা যায়৷ এই সমস্যাৰ সমাধান উলিয়াবলৈ চৰকাৰে শেহতীয়াভাৱে চহৰখনৰ কিছুমান স্থানৰ চৰকাৰী গৃহ আদি ভাঙি সেই স্থানত হেৰিটেজ পাৰ্ক নিৰ্মাণৰ প্ৰস্তুতি চলাইছে৷ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত এয়া এক উচিত পদক্ষেপ হিচাপে বিবেচিত হয় যদিও পৰৱৰ্তী সময়ত এই ঠাইবোৰ কেনেদৰে চোৱাচিতা কৰা হয়, সেয়া হ’ব লক্ষণীয়৷ এটা কথা সকলোৱে স্বীকাৰ কৰিব যে গুৱাহাটীক দেশৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ কিন্তু এয়া সম্ভৱ কৰি তুলিবলৈ প্ৰয়োজন হ’ব সু-পৰিকল্পিত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ৷ এটা সময়ত গুৱাহাটীৰ চাৰিওদিশৰ সেউজীয়া পৰিৱেশে দেশী-বিদেশী পৰ্যটকক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল৷ কিন্তু লাহে লাহে চহৰখনৰ সেই সেউজ পৰিৱেশ নোহোৱা হ’বলৈ ধৰিছে৷ ছয় লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বহু গছ-গছনি কাটি পেলোৱা হৈছে, যিটোৱে চহৰখনৰ পাৰিপাশ্বিৰ্ক ভাৰসমতা বজাই ৰখাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা বুলি মন্তব্য কৰিছে পৰিৱেশ বিশেষজ্ঞসকলে৷ প্ৰয়োজন সাপেক্ষে কেতিয়াবা গছ-গছনি কাটিবলগীয়া হয়, সেই কথাত কাৰো দ্বিমত নাথাকিব৷ কিন্তু নিৰ্মাণকাৰ্যৰ নামত সেউজীয়া পৰিৱেশ নোহোৱা কৰাটো কাৰো গ্ৰহণযোগ্য হ’ব নোৱাৰে৷

গুৱাহাটীখনে পৰিষ্কাৰ আৰু সুন্দৰ চহৰৰ স্বীকৃতি পোৱাটো সকলোৱে বিচাৰে৷ কিন্তু তাৰ লগতে গুৱাহাটীবাসীয়ে বিচাৰে চহৰখনৰ প্ৰধান সমস্যাবোৰৰ স্থায়ী সমাধান৷ কোনো এটা বিশেষ অনুষ্ঠানৰ বাবে চহৰখনক নতুন ৰূপ দিয়াৰ পৰিৱৰ্তে গুৱাহাটীক দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াত সচেষ্ট হোৱা উচিত৷ ইন্দোৰে এটা উদাহৰণ দেখুৱাইছে, তেনে উদাহৰণ গুৱাহাটীয়ে অনুকৰণ কৰিব নোৱৰাৰ কাৰণ নাই৷