Logo
image

বাল্যবিবাহত পক্‌ছ’ কিয়? হাইক’ৰ্টৰ ভৰ্ৎসনা

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্মাৰ্ট অসম আৰক্ষীয়ে ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী অভিযান চলাই এইবাৰ ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হৈছে৷ দুই-তিনি বছৰৰ আগত স্ব-ইচ্ছাই বিবাহ কৰি সন্তান জন্ম হোৱাৰ পাছতো বাল্য বিবাহৰ অপৰাধত বে-আইনী স্বামীক গ্ৰেপ্তাৰ কৰি ধৰ্ষণ গোচৰ তথা পক্‌ছ’ আইনৰ ধাৰা আৰোপ কৰি জে’ললৈ নিক্ষেপ কৰিছে৷ আনকি বাল্য বিবাহৰ অভিযুক্তক জিম্মাত লৈয়ো জেৰা কৰিছে স্মাৰ্ট অসম আৰক্ষীয়ে৷ কিন্তু বাল্য বিবাহৰ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ৰ দৰে কঠোৰ আইনৰ ধাৰা আৰোপ ককৰাত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছে অসম আৰক্ষী৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামে বাল্য বিবাহ প্ৰতিৰোধী আইন-২০০৬, পক্‌ছ’ আইনৰ ধাৰা আৰু ধৰ্ষণৰ আইপিচি ধাৰা ৩৭৬[৩] আৰোপিত গোচৰৰ কেইবাজনো অভিযুক্তৰ মঙলবাৰে জামিন মঞ্জুৰ কৰে৷ ধৰ্ষণৰ আইপিচি ধাৰা ৩৭৬[৩]ত গোচৰ ৰুজু হোৱা নগাঁৱৰ চামচুল হক নামৰ অভিযুক্তজনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি মঙলবাৰে উচ্ছ ন্যায়ালয়ৰ বিচাৰপীঠখনে বাল্য বিবাহৰ গোচৰত ধৰ্ষণৰ অভিযোগ নুঠাকৈ আই পি চি ৩৭৬[৩] ধাৰা আৰোপ কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰে৷ অসম আৰক্ষীক ককৰ্থনা কৰি ন্যায়াধীশ শ্যামে বাল্য বিবাহৰ গোচৰত ধৰ্ষণৰ কোনোৱে অভিযোগ কৰিছে নেকি বুলিও চৰকাৰী পক্ষক প্ৰশ্ন কৰে৷ ধৰ্ষণৰ অভিযোগ নকৰিলে আই পি চি ৩৭৬[৩] ধাৰা কিয় আৰোপ কৰা হৈছে বুলিও প্ৰশ্ন কৰে ন্যায়ালয়ে৷ এনে গোচৰত ‘অদ্ভূত অভিযোগ’ আৰোপ কৰা বুলিও ন্যায়ালয়ে উষ্মা প্ৰকাশ কৰে৷ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে একে ধৰণৰ বাল্য বিবাহৰ জামিন সম্পৰ্কীয় গোচৰত বাল্য বিবাহৰ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ ধাৰা আৰোপ কৰাক লৈ আৰক্ষীক প্ৰশ্ন কৰে৷ চৰকাৰী পক্ষক ককৰ্থনা কৰি ন্যায়াধীশ শ্যামে কয়–‘অভিযুক্তই যদি বাল্য বিবাহৰ আইন উলংঘন কৰিছে, তেনেহ’লে আইনে নিজৰ পথ নিজেই ল’ব৷ বাল্য বিবাহ অতীজৰে পৰা হৈ আহিছে৷ আদালতে এতিয়া কেৱল বিবেচনা কৰিব অভিযুক্তক তাৎক্ষণিকভাৱে জিম্মাত লৈ প্ৰেৰণ কৰি জেৰাৰ প্ৰয়োজনীয়তা আছে নে নাই৷ এই মুহূৰ্তত আদালতে বিবেচনা কৰে যে– বাল্য বিবাহৰ এনে গোচৰৰ অভিযুক্তক জিম্মাত লৈ জেৰা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই৷ আমি জবানবন্দী লিপিবদ্ধ কৰিবলৈহে নিৰ্দেশ দিম৷ কিয়নো এই গোচৰ এন ডি পি এছ, চোৰাং সৰবৰাহ বা সম্পত্তি চুৰিৰ গোচৰ নহয়৷’ লক্ষণীয়ভাৱে চৰকাৰী পক্ষৰ অধিবক্তাই বাল্য বিবাহৰ গোচৰত পক্‌ছ’ আইনৰ ধাৰা আৰোপ কৰাৰ যুক্তি দাঙি ধৰিছিল যদিও ন্যায়াধীশ শ্যামে ইচ্ছা কৰিলেই যিকোনো গোচৰতে পক্‌ছ’ আইনৰ ধাৰা আৰোপ কৰিলে নহ’ব বুলিও সকীয়াই দিয়ে৷ চৰকাৰী পক্ষৰ অধিবক্তাক প্ৰশ্ন কৰি বিচাৰপীঠখনে কয়–‘পক্‌ছ’ আইনৰ ধাৰা য’তে ত’তে আৰোপ কৰিব পাৰি নেকি? এনে গোচৰত পক্‌ছ’ আইনৰ কথা ক’ৰ পৰা আহিল৷ যিকোনো উপায়েৰে যদিও পক্‌ছ’ আইনৰ ধাৰা আৰোপ কৰাও হয়, ইয়াৰ অৰ্থ এইটো নহয় যে– বিচাৰপতিয়ে গোচৰটোত কি আছে একো নাচাব? আমি কাকো দোষমুক্ত কৰা নাই৷ অৱশ্যে তদন্ত কৰাতো কোনেও আপোনালোকক বাধা দিয়া নাই৷’ ইফালে অনুৰূপ এটা গোচৰত বিচাৰপীঠখনে বাল্য বিবাহজনিত গোচৰসমূহত কাৰোবাৰ ব্যক্তিগত জীৱনৰ লগতে পৰিয়াল আৰু সন্তানৰ ভৱিষ্যত জড়িত বুলিও চৰকাৰী পক্ষক সতৰ্ক কৰি দিয়ে৷ এই সন্দৰ্ভত ন্যায়াধীশ শ্যামে কয়– ‘এনে গোচৰৰ অভিযুক্তক জিম্মাত লৈ জেৰা চলোৱা গোচৰ নহয়৷ আইন অনুসৰি চৰকাৰে আগবাঢ়ক আৰু অভিযোগনামা দাখিল কৰক৷ যদিহে দোষী সাব্যস্ত কৰিব পাৰি, তেনেহ’লে তেওঁলোক দোষী সাব্যস্ত হ’ব৷ কিন্তু ই মানুহৰ ব্যক্তিগত জীৱন খেলি মেলি কৰি দিছে৷ য’ত শিশু, বৃদ্ধ আৰু পৰিয়ালৰ লোকৰ জীৱন জড়িত আছে৷’ অৱশ্যে ন্যায়াধীশ সুমন শ্যামে বাল্য বিবাহক ভুল ধাৰণা বুলি উল্লেখ কৰি সময়ত ন্যায়ালয়ে নিজৰ মতামত আগবঢ়াব বুলিও মন্তব্য কৰে৷