Logo
image

খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলাঃ শিক্ষিত যুৱক-যুৱতীক চাকৰিমুখী নহৈ পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ আহ্বান কৃষিমন্ত্ৰীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ‘পশুধন আৰু হাঁহ-কুকুৰা মেলা’- ২০২৩। ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মেলাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰা, পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, উপাধ্যক্ষ পৰেশ বৰকাকতি, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকা, পশুপালন বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী, পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক কৰুণানন্দ শৰ্মা আৰু পশু চিকিৎসা বিভাগৰ  সচিব তথা সঞ্চালক ইন্দিৰা কলিতা। 

ভাষণ প্ৰসঙ্গত পশুপালন মন্ত্ৰী অতুল বৰাই পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি এই মেলাই ৰাজ্যৰ কৃষক সমাজক উপকৃত কৰাৰ লগতে নতুন প্ৰজন্মক পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি উল্লেখ কৰে। বৰাই লগতে কয় যে অসমৰ শিক্ষিত যুৱক-যুৱতীসকলে কেৱল চাকৰিমুখী নহৈ পশুপালনৰ যাৱতীয় প্ৰশিক্ষণ গ্ৰহণ কৰি বিজ্ঞানসন্মত পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লওক। 

অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে কুকুৰা পালনত অসমে এক আশাব্যঞ্জক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত অসমে আজি মাংসৰ চাহিদা পূৰণ কৰাৰ লগতে বহিঃৰাজ্যলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। বিভাগৰ প্ৰধান সচিব গৰাকীয়ে বিভিন্ন জনকল্যাণমূলক আচঁনি, কৰ্মদক্ষতা, উৎপাদন আদিৰ বিষয়ে উল্লেখ কৰাৰ লগতে উপাচাৰ্য বিদ্য়ুৎ চন্দন ডেকাই হাঁহ-কুকুৰা, ছাগলী, গাহৰি আদি পালনৰ জৰিয়তে এটা পৰিয়ালে অতিৰিক্ত উপাৰ্জন কৰাৰ লগতে মহিলা সৱলীকৰণৰ পথ প্ৰশস্ত কৰিব পাৰি বুলি উল্লেখ কৰে। সভাৰ আতঁ ধৰে বিশিষ্ট ধাৰাভাষ্যকাৰ ডা০ অৱণী কুমাৰ চৌধুৰীয়ে। অনুষ্ঠানৰ শেষত বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা কলিতাই শলাগৰ শৰাই আগবঢ়ায়। উদ্বোধনী সভাৰ পাছতে মেলাৰ প্ৰদৰ্শণীৰদ্বাৰ মুকলি কৰে পশুপালন মন্ত্ৰী অতুল বৰাই। উল্লেখনীয় যে এইবাৰৰ মেলাত দুই শতাধিক বিপণীৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ পশুধন, হাঁহ-কুকুৰা তথা আলঙ্কৰিক চৰাই প্ৰদৰ্শনৰ লগতে ক্ৰয়-বিক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি প্ৰতিদিনে কৃষক তথা আগ্ৰহী যুৱক-যুৱতীসকলৰ বাবে কাৰিকৰী সত্ৰ অনুষ্ঠিত কৰি সংশ্লিষ্ট বিশেষজ্ঞসকলৰ সৈতে মতবিনিময়ৰ ব্যৱস্থা কৰা হৈছে। মেলাৰ উদ্যোক্তাসকলে তিনিওটা দিনতে ৰাইজৰ উপস্থিতি তথা সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।