Logo
image

এক প্ৰবাসী সাংস্কৃতিক ব্যক্তিত্ব

৪৫ বছৰৰো অধিক লণ্ডন নিবাসী হৈও যিগৰাকীয়ে মনে-প্ৰাণে নিজ মাতৃভূমিৰ প্ৰতি থকা দায়িত্ব আৰু আত্মীয়তা কোনোদিনে পাহৰি যোৱা নাছিল, যিগৰাকীয়ে ইংলেণ্ডৰ লেবাৰ পাৰ্টীৰ সক্ৰিয় সদস্য হৈও ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা নাছিল৷ ৰিণি কাকতিৰ দৃষ্টিভংগী বিশ্বজনীন আছিল যদিও মনে-প্ৰাণে তেওঁ আছিল ভাৰতীয় অসমীয়া৷ ভাৰতীয় কলা-সংস্কৃতি, বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি বিশ্ব দৰবাৰত পৰিচয় কৰোৱাৰ কাৰণে ৰিণি কাকতিয়ে লৈছিল অগ্ৰণী ভূমিকা৷ এনে এগৰাকী অসমপ্ৰেমীৰ ২৭ ডিচেম্বৰত বিয়োগ ঘটাৰ খবৰটো পাই কেৱল হতচকিত হোৱাই নহয়, মৰ্মাহতও হ’লোঁ৷

ৰিণি কাকতিৰ লগত মোৰ প্ৰথম পৰিচয় হৈছিল মই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে৷ ২০০৯ চনৰ শেষভাগত ৰিণি কাকতি আহিছিল ৰবীন্দ্ৰ ভৱনস্থিত মোৰ কাৰ্যালয়লৈ৷ লণ্ডনত ২০১২ চনত অনুষ্ঠিত অলিম্পিক গেমছৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰাকৈ অসমৰ পৰা পঠাবলৈ এটা উপযুক্ত বিহুদল বিচাৰি আলোচনা কৰিছিল৷ তাৰ পাছৰ পৰা ৰিণি কাকতিৰ লগত ফোন বা ই-মেইলযোগে যোগাযোগ হৈছিল৷

উল্লেখ্য, ১৯৭৯ৰ ১৯৮২লৈ ৰিণি কাকতিয়ে বি বি চিৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান ‘স্পীক ফৰ ইয়’ৰছেলফ’ নামৰ অনুষ্ঠান পৰিৱেশন কৰিছিল৷ ৰিণি কাকতিৰ মাতৃভাষা অসমীয়াৰ উপৰি ইংৰাজী, হিন্দী, উৰ্দু, পাঞ্জাবী, গুজৰাটী, বাংলা, চিলহেটী আদি ভাষাতো বেছ দখল আছিল৷ 

১৯৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ৰিণি কাকতি গুৱাহাটীৰ ছেইণ্ট মেৰীজ স্কুলৰ পৰা প্ৰাথমিক আৰু পাণবজাৰ বালিকা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি কটন মহাবিদ্যালয়ৰ পৰা ১৯৬৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৭২ চনত লণ্ডনত চিকিৎসক হিচাপে কৰ্মৰত ডাঃ শৰৎ কাকতিৰ লগত বিবাহপাশত আবদ্ধ হৈ লণ্ডনলৈ যায় আৰু তাতে থাকিবলৈ লয়৷ লণ্ডনত ৰিণি কাকতিয়ে প্ৰবাসী ভাৰতীয়সকলৰ সন্তানক ইংৰাজী শিকোৱাৰ লগতে বিভিন্ন সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠানৰ জনকল্যাণমূলক কাম-কাজত জড়িত হৈ পৰে৷ ১৯৮৫ চনত লণ্ডনৰ হাৰ্লেছডেনত থকা নিউ ফিল্ড স্কুলত শিক্ষকতা কৰি থাকোঁতেই তেওঁক উক্ত স্কুলখনৰ গৱৰ্নৰ হিচাপে নিযুক্তি দিয়ে৷ উল্লেখ্য, ৰিণি কাকতিয়েই আছিল উক্ত স্কুলখনৰ প্ৰথমগৰাকী মহিলা গৱৰ্নৰ৷

বিশ্ব শান্তি আৰু ভ্ৰাতৃত্ববোধ, সামাজিক, শৈক্ষিক আৰু শিল্পকলাৰ একনিষ্ঠ সেৱা তথা এগৰাকী সুদক্ষ সাংস্কৃতিক সংগঠক হিচাপে আগবঢ়োৱা সেৱাৰ বাবে ৰিণি কাকতিক দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্বীকৃতি দিছে৷ ২০০৯ চনত লণ্ডনৰ ‘ইণ্ডিয়া ইণ্টাৰনেশ্বনেল ছ’চাইটী’য়ে ৰিণি কাকতিলৈ আগবঢ়ায় ‘গ্ল’ৰী অৱ ইণ্ডিয়া’ শীৰ্ষক এটা সন্মানজনক বঁটা৷ ৰিণি কাকতিৰ জনকল্যাণমূলক আৰু লগতে শিশু আৰু সংখ্যালঘু লোকৰ প্ৰতি আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে ইংলেণ্ডৰ ৰাণী এলিজাবেথে [দ্বিতীয়] ২০১০ চনত তেওঁক ৰাজপ্ৰাসাদ বাকিংহাম পেলেচত অনুষ্ঠিত ‘কুইছ গাৰ্ডেন পাৰ্টী’লৈ নিমন্ত্ৰণ কৰি সন্মানিত কৰে৷

সুদক্ষ সাংস্কৃতিক সংগঠক ৰিণি কাকতিয়ে অসমৰ শিল্পী-সাহিত্যিকসকলক লণ্ডনলৈ নিমন্ত্ৰণ কৰি নি লণ্ডনৰ বিভিন্ন স্থানত অসমৰ কলা-কৃষ্টি-সাহিত্য প্ৰদৰ্শন কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছিল৷ ২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিক গেমছৰ উদ্বোধনী অনুষ্ঠানত বিহু নৃত্য-গীত পৰিৱেশন কৰিবৰ কাৰণে অসমৰ প্ৰখ্যাত বিহুৱা ৰঞ্জিত গগৈ আৰু তেওঁৰ দলটোক নিমন্ত্ৰণ কৰি উক্ত অনুষ্ঠানত বিহু নৃত্য-গীত পৰিৱেশন কৰিবলৈ সুবিধা কৰি দিছিল৷

ভাৰতীয় লোককলা-কৃষ্টি আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য কলা-সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে গঠন কৰা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী অনুষ্ঠান ‘ফ্ৰেণ্ডছ অৱ আছাম এণ্ড ছেভেন ছিষ্টাৰ্ছ’ৰ ইংলেণ্ড শাখাৰ সঞ্চালক পদত ৰিণি কাকতিয়ে কাৰ্যনিৰ্বাহ কৰি আহিছিল৷ উক্ত স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৌজন্যত অসমৰ পৰা নিমন্ত্ৰণ কৰি নিয়া বহু শিল্পীক লণ্ডনৰ বিভিন্ন স্থানত গীত-নৃত্যাদি প্ৰবাসী ভাৰতীয়সকলৰ লগতে এছিয়া আৰু বিশ্বৰ বিভিন্ন ঠাইৰ মানুহে চাব পৰাকৈ মঞ্চ প্ৰদান কৰি আহিছিল৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ অনুৰাগী ৰিণি কাকতিয়ে গুৰুজনাৰ আদৰ্শ আৰু বাণী বিদেশতো প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে চেষ্টাৰ ত্ৰুটী কৰা নাছিল৷ ২০০৫ চনতে নেহৰু চেণ্টাৰত সত্ৰীয়া নৃত্য-গীত পৰিৱেশন কৰিবলৈ মাজুলীৰ পৰা গায়ন-বায়নসহ ভকত-বৈষ্ণৱৰ দল এটা নিমন্ত্ৰণ কৰি নিছিল৷ লণ্ডনৰ প্ৰবাসী অসমীয়াসকলৰ সহযোগিতাত ‘শংকৰদেৱ ইন্‌ষ্টিটিউশ্বন’ নামৰ প্ৰতিষ্ঠানটো গঠন কৰাৰ ক্ষেত্ৰতো ৰিণি কাকতিয়ে অগ্ৰণী ভূমিকা লৈছিল৷ তদুপৰি ব্ৰিটিছ মিউজিয়ামৰ ‘কিউৰেটৰ’ ৰিচাৰ্ড ব্লাৰ্টন প্ৰমুখ্যে লণ্ডনৰ ভালেকেইজন বিদ্বানক অসমলৈ নিমন্ত্ৰণ কৰি আনি মহাপুৰুষীয়া কলা-কৃষ্টিৰ বিষয়ত জ্ঞাত কৰিবৰ কাৰণে সততে প্ৰচেষ্টা কৰিছিল৷ মাত্ৰ চাৰি বছৰমানৰ আগতে তেজপুৰ বিশ্ববিদ্যালয়লৈ ৰিচাৰ্ড ব্লাৰ্টনক নিমন্ত্ৰণ কৰি আনি ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে ‘পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্বন’সহ এটা বক্তৃতা প্ৰদানৰ ব্যৱস্থা কৰিছিল৷ ১৯৮৩ চনতে শ্ৰীমন্ত শংকৰদেৱ জয়ন্তী  আয়োজন কৰি লণ্ডনৰ হাৰ্লেছডেনত আয়োজন কৰি শংকৰদেৱ সংঘৰ বিষয়ববীয়াক নিমন্ত্ৰণ কৰি লৈ গৈছিল৷

এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ যে ৰিণি কাকতিয়ে লণ্ডনস্থিত ব্ৰিটিছ মিউজিয়ামত ২০১২ চনত ইংৰাজী, অসমীয়া, বাংলা, মণিপুৰী, গাৰো, ৰাভা, কোঁচ, কছাৰী, মেছ আদি দহটা ভাষাৰ দুশ বছৰৰো অধিক পুৰণি এখন বহু-ভাষিক অভিধান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, যিখন আজিও ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে৷

লণ্ডনত ৪৫ বছৰৰো অধিক অতিবাহিত কৰিলেও হাড়ে-হিমজুৱে অসমীয়া ৰিণি কাকতিয়ে অসমৰ বৌদ্ধিক মহলৰ লগতো ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিল৷ ৰিণি কাকতিয়ে চাব দিয়া ফাইলটোত দেখা পাইছিলোঁ বহু বৰেণ্য অসমীয়াৰ আশিস¸-বাণী৷

এনে এগৰাকী মহিলাৰ আকস্মিক বিয়োগ অসমবাসীৰ কাৰণে নিতান্তই দুৰ্ভাগ্যজনক৷ মৰণোত্তৰভাৱে হ’লেও অসম চৰকাৰৰ ফালৰ পৰা ৰিণি কাকতিক যথোপযুক্ত স্বীকৃতি প্ৰদান কৰিলে ৰিণি কাকতিৰ বিদেহ আত্মাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হ’ব৷

[লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব], ফোনঃ ৯৮৬৪৮-৩৯৪৪৪