কৃত্ৰিম বুদ্ধিমত্তাৰ গ্ৰাসত মানৱ!
সম্প্ৰতি পৃথিৱী নামৰ গ্ৰহটোৰ মানুহৰ ভৱিষ্যৎ কি হ’ব সেয়া চিন্তাৰ বিষয় হৈ পৰিছে৷ পৃথিৱীত মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্য-সংকট এক গুৰুতৰ সমস্যা হৈ পৰিছে৷ ইয়াৰ উপৰি প্ৰদূষণ আন এক প্ৰত্যাহ্ৱান হৈ পৰিছে৷ ঠিক সেইদৰে জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীত উপলব্ধ সম্পদৰ অভাৱো মানুহৰ বাবে প্ৰত্যাহ্ৱানৰ কাৰণ হৈ পৰিছে৷ অৱশ্যে, মানুহৰ নিজৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষমতাও আছে৷ নতুন নতুন উদ্ভাৱনে মানুহক সমস্যাৰ মোকাবিলা কৰিবলৈ উপায় দিছে আৰু সকলো বাধা অতিক্ৰমী সুন্দৰ ভৱিষ্যৎ গঢ়াৰ উপায় উলিওৱাৰ ক্ষমতা মানুহৰ আছে৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উত্তৰণে মানুহৰ জীৱন আৰামদায়ক কৰিছে৷ কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে মানুহৰ মগজুৰ ক্ষমতাক অতিক্ৰম কৰি মানৱ সমাজত নতুন নতুন সমস্যাৰ সৃষ্টি কৰাৰো আশংকা আছে৷ তদুপৰি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে মানুহৰ কামৰ ক্ষেত্ৰখন সংকুচিত কৰিব আৰু সমাজত নিবনুৱাৰ সংখ্যা বাঢ়িব৷ নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে সমাজত অপৰাধমূলক কাম-কাজ বৃদ্ধি কৰিব বুলিও আশংকা আছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল প্ৰয়োগে সমাজক কোনদিশে লৈ যায়, সেয়া সময়েহে ক’ব৷ অভিযান্ত্ৰিক আৰু কম্পিউটাৰ বিজ্ঞানে এনে কিছুমান মেচিন সাজি উলিয়াইছে আৰু আগলৈ ইয়াতকৈও উন্নত মেচিন সাজি উলিয়াব যিসমূহে শিকি-বুজি নিজাকৈ কাম কৰিবলৈ সমৰ্থ হয়৷ এনে যন্ত্ৰৰ কিছুমানক দুৰ্বল কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়, যিসমূহে মাত্ৰ একোটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিব পাৰে বা কম পৰিসৰত কাৰ্য সম্পাদন কৰিব পাৰে৷ কিছুমান স্বাভাৱিক, যাক যিধৰণে নিৰ্দেশ দিয়া হয়, সেইধৰণে কাৰ্য সম্পাদন কৰে৷ কিন্তু শক্তিশালী কৃত্ৰিম বুদ্ধিমত্তাই মানৱ মগজুৰ চিন্তাৰ বাহিৰতো কাম কৰিবলৈ সক্ষম হ’ব বুলি বহুতে বিশ্বাস কৰে; কিয়নো এনে যন্ত্ৰই নিজা বিচাৰেৰে কাম কৰিবলৈ সমৰ্থ হ’ব৷ ইতিমধ্যে প্ৰায়বোৰ দেশে কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নয়নত গুৰুত্ব দিছে৷ ভাৰতেও ২০২৩-২৪ বৰ্ষৰ বাজেটত কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নয়নৰ বাবে আচুতীয়াকৈ ধন ধাৰ্য কৰিছে৷ প্ৰযুক্তিৰ অভূতপূৰ্ব উদ্ভাৱনে মানৱ সমাজলৈ দ্ৰুত উন্নয়ন আনিব বুলি বহু লোকে বিশ্বাস কৰে৷ হয়তো আগত সময়ক কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ বুলিও কোৱা হ’ব৷ অৱশ্যে, কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বাবে প্ৰয়োজন হ’ব উচ্ছমানৰ ইণ্টাৰনেট ডেটা৷ কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নয়নৰ লগে লগে চৰকাৰেও কিছুমান নীতি-নিৰ্দেশনা আৰু আঁচনি সলনি কৰিব লাগিব৷ এটা সমীক্ষা অনুসৰি, ২০৩০ চনৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই বিশ্ব অৰ্থনীতিলৈ ১৫.৭ ট্ৰিলিয়ন ডলাৰৰ অৱদান যোগাব; যিহেতু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ প্ৰায় সকলো ক্ষেত্ৰতে হোৱাটো নিশ্চিত৷ আনকি চিকিৎসা সেৱা, শিক্ষা, পৰিৱেশকে ধৰি সকলো ক্ষেত্ৰতে ব্যৱহাৰ হ’ব৷ আৰু ৫ বছৰ পাছত কৃত্ৰিম বুদ্ধিমত্তাৰ ২৯ শতাংশ কাম বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ অৰ্থাৎ সেই সময়ত ২৯ শতাংশ লোকে কাম হেৰুৱাব লাগিব৷ যদিহে কৃত্ৰিম বুদ্ধিমত্তাই নিজে সিদ্ধান্ত ল’ব পৰাৰ দক্ষতা আহৰণ কৰে, তেতিয়া হয়তো মানুহৰ কোনো বাধাই তেওঁলোকক বশ কৰিব নোৱাৰিব৷ তেনে সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ হাতৰ পুতলাত পৰিণত হ’ব মানৱ৷ ইতিমধ্যে মানৱ সমাজৰ বহু লোক প্ৰযুক্তিনিৰ্ভৰ হৈ নিজৰ বুদ্ধিমত্তাক অকামিলা কৰি আহিছে৷ অক্সফ’ৰ্ড ইউনিভাৰ্ছিটীৰ এদল বিজ্ঞানীৰ মতে, ২০২৪ চনৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই মানুহতকৈ সুন্দৰ আৰু সঠিকভাৱে কোনো ভাষাৰ অনুবাদ কৰিবলৈ সক্ষম হ’ব৷ এতিয়াও অনুবাদ সম্ভৱ যদিও সেই অনুবাদ মানৱ অনুবাদৰ সমকক্ষ নহয় বুলি বহু ক্ষেত্ৰত প্ৰমাণ পোৱা গৈছে৷ হয়তো প্ৰযুক্তিৰ উন্নয়নে সেই খুঁটি-নাটিও নোহোৱা কৰিব৷ তদুপৰি কৃত্ৰিম বুদ্ধিমত্তাই ২০২৬ চনৰ ভিতৰত যিকোনো স্কুলীয়া ৰচনা লিখিবলৈ সক্ষম হ’ব, ২০৩১ চনলৈ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ’ব আৰু ২০৫৩ চনলৈ অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হ’ব বুলি সেই একেটা বিজ্ঞানীৰ দলে প্ৰকাশ কৰিছে৷ যদিহে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ মানৱ উন্নয়নৰ বাবে হয়, তেন্তে সমাজৰ বহু সমস্যা সমাধান হ’ব৷ অৱশ্যে, কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে নিবনুৱা সমস্যা বৃদ্ধি কৰাটো নিশ্চিত৷ যুগৰ লগত তাল মিলাই চলিবলৈ হ’লে প্ৰতিজন লোকে নিজৰ বৃত্তিৰ দক্ষতা বৃদ্ধিৰ লগতে প্ৰযুক্তিৰ ব্যৱহাৰ শিকিব লাগিব৷ যিসকলে যুগৰ লগত তাল মিলাই নিজৰ বুদ্ধি-বৃত্তিৰ বিকাশ কৰিব নোৱাৰিব, সেইসকল লোক সমাজৰ বোজা হৈ পৰাৰ আশংকাই বেছি৷






