Logo
image

উচ্ছেদ আৰু আৰ্তনাদ

ডিজিটেল ডেস্কঃ  পুনৰ ৰাজ্যত চলিছে উচ্ছেদ  অভিযান৷ চৰকাৰী বুলড’জাৰ চলিছে শ শ বেদখলকাৰীৰ গৃহত৷ নিমিষতে বহুলোকে হেৰুৱাইছে ঘৰ-দুৱাৰ, আচবাব, সা-সম্পত্তি৷ অঘৰী হৈ পৰিছে অনেকজন৷ এতিয়া কত থাকিব, কেনেকৈ খাব উচ্ছেদিতই! চিন্তা, দুঃশ্চিন্তা অনেক৷ ইয়াৰ মাজতে আৰ্তজনৰ চিঞৰ– ‘চৰকাৰে আমাক গুলীয়াই মাৰি পেলাওক৷ আমিও মানুহ৷’ আনফালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শিলৰ ৰেখাসদৃশ ভাষ্য– ‘বেদখলকাৰীৰ বিৰুদ্ধে  থমকি নৰয় চৰকাৰী বুলড’জাৰ৷ উচ্ছেদ চলিবই৷ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হ’ব প্ৰশাসন৷’ চৰকাৰী নিৰ্দেশনা অনুসৰি বুধবাৰে বগাপানী, লাওখোৱা, বুঢ়াচাপৰি, গোপাল আতা থানত চলিল বুলডজাৰ৷ নিজৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি যোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি সংজ্ঞা হেৰুৱালে কোনোৱে, গৃহহীন হোৱা শ শ পৰিয়ালে অস্থায়ী তম্বুৰ তলত কণ কণ ল’ৰা ছোৱালীৰে অতিবাহিত কৰিবলগীয়া হৈছে উজাগৰী নিশা৷ মুকলি আকাশেই এতিয়া অনেকৰ ঠিকনা৷ অনেক আকৌ মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থী৷ পৰীক্ষা সমাগত৷ মুঠতে চৰকাৰৰ উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে অৱ্যাহত আছে উচ্ছেদিতৰ আৰ্তনাদ-উচুপনি, ক্ষোভ-প্ৰতিবাদ৷ উচ্ছেদক ভেটিবলৈ চৰকাৰ-প্ৰশাসনক ফেপেৰি পাতি ধৰিবলৈ ব্যৰ্থ চেষ্টা কৰিছে বেদখলকাৰীয়ে৷ আজি বুধবাৰে দ্বিতীয় দিনাও বুঢ়াচাপৰি অভয়াৰণ্যত অব্যাহত আছে নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ বুলড’জাৰ৷ পুনৰ তিনি সহস্ৰাধিক আৰক্ষী, অদ্ধৰ্সামৰিক বাহিনী আৰু বনকৰ্মীৰ উপস্থিতিত এফালৰ পৰা বৃহৎ কেইখন জে চি বি ৰে চলোৱা হৈছে ৰাজ্যৰ বৃহত্তম উচ্ছেদ অভিযান৷ আজি অভয়াৰণ্য খনৰ শিয়ালী টাপুৰ ৩৬৫ হে”ৰ ভূমিত থকা অবৈধ বেদখলীৰ ৬১৭ বাসগৃহ বুলডজাৰ চলাই উচ্ছেদ কৰে৷ এই টাপুটোত দুহেজাৰ চাৰিশ ৬৮জন লোকে অবৈধ ভাৱে বসবাস কৰি আহিছিল৷ তদুপৰি প্ৰশাসনে গণেশটাপু, পূৱ লাঠীমাৰী, পশ্চিম লাঠীমাৰী আৰু বাঘেটাপুতো চলাই বুলডজাৰ৷ ইতিমধ্যে উচ্ছেদৰ জাননী লাভ কৰি শ শ বেদখল কাৰি পৰিয়ালে আচবাব লৈ নিৰাপদ স্থানলৈ আঁতৰি আহে৷ অভয়াৰণ্য খনত শ শ বাসগৃহ, খেতি পথাৰৰ সমান্তৰাল ভাৱে বহুকেইখন চৰত অবৈধ ভাৱে নিৰ্মাণ কৰা মছজিদ আৰু মাদ্ৰাছাতো চলিল বুলডজাৰ৷ ইপিনে উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাৱে চলি থকাৰ সময়তে পশ্চিম শিয়ালী চৰত এজন অবৈধ বেদখলীৰ ঘৰখন নিজৰ চকুৰ সন্মুখতে ভাঙি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি লোক জনে সংজ্ঞা হেৰুৱাই৷ তদুপৰি কালি বেতনী, কমলাগড় আৰু লংকেৰ চৰত উচ্ছেদ চলোৱাৰ পৰিপ্ৰেক্ষিতত গৃহহীন হোৱা কেবা শ পৰিয়ালে অস্থায়ী তমবুৰ তলত ল’ৰা ছোৱালী লৈ নিশা অতিবাহিত কৰে৷ বহু পৰিয়ালে নিশা মুকলি আকাশৰ তলত ৰন্ধা বঢ়াও কৰিবলগীয়া হয়৷ যোৱা নিশা বগামুখত তমবুৰ তলত আশ্ৰয় লোৱা শতাধিক পৰিয়ালৰ কাষত উপস্থিত হয় প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হোছেইন৷ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে উচ্ছেদিত পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰে৷ তদুপৰি জেষ্ঠ্য কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে উচ্ছেদিতৰ অধিকাংশ পৰিয়ালৰ মাটি ভেটি লুইতৰ খহনীয়াত জাহ যোৱা বুলি দাবী কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ বি জে পি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ কংগ্ৰেছ বিধায়িনী দলৰ উপনেতা ৰকিবুল হুছেইনে উচ্ছেদিত পৰিয়াল সমূহক উপযুক্ত ভাৱে পূনৰ সংস্থাপন দিবলৈ দাবী জনায়৷ উল্লেখ্য যে ৪.৪০৬ বৰ্গ কিলোমিটাৰ মাটি কালিৰ বুঢ়াচাপৰিক ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে গেজেট জাননী জাৰী কৰিছিল৷ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ প্ৰাকৃতিক ভাৱে উপযুক্ত আৱাসভূমি আৰু উলুমৰা [বেংগল ফ্ল’ৰিকান] চৰাইৰ বাবে বিখ্যাত অভয়াৰণ্য খনৰ বৃহৎ ভূমি সম্পূৰ্ণ ৰাজনৈতিক পৃষ্ঠপোষকতাত এচাম লোকে বেদখল কৰি গোজেই গজালি মেলাৰ উপৰিও শাৰী শাৰীকৈ ঘৰ-বাৰী সাজি বস্তি গঢ়ি তুলিছিল৷ অভয়াৰণ্যৰ ৭০-৮০ বছৰ পুৰণি অতি পূৰঠ মূল্যবান কৰৈ, শিশু, আজাৰ গছগছনি কাটি অবৈধ বেদখলীয়ে টকলাত পৰিণত কৰিছিল৷ আনহাতে অভয়াৰণ্য খনৰ বিল জলাশয় সমূহত মুকলি ভাৱে মাছ মাৰি বিক্ৰী কৰিছিল৷ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত আৰু শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত অভয়াৰণ্যখনত একাংশ লোকে অবৈধভাৱে দখল কৰি জৈৱ-বৈচিত্ৰ্য্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল৷ সেয়ে ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে এই বনাঞ্চলখনৰ মুঠ ১৮৯২ হেক্টৰ ভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ 

শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ ভূমিত উচ্ছেদ

পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখলকাৰীয়ে চৰকাৰী বিষয়া, বিজেপি আৰু কলিতা জনগোষ্ঠীয় সন্মিলনৰ নেতাক আক্ৰমণ কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তেই আজি বেদখলকাৰীৰ গ্ৰাসত থকা সত্ৰৰ ভূমি উদ্ধাৰ অভিযানত নামিল চৰকাৰী প্ৰশাসন, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে বহুসংখ্যক স্থানীয় বিজেপিৰ নেতা-কৰ্মী তথা ৰাইজ৷ উল্লেখ্য যে পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ ভূমিত আজি পুৱাৰ ভাগতেই উপস্থিত হয় বজালী মহকুমা প্ৰশাসনৰ কেবাগৰাকীও উচ্ছ পদস্থ বিষয়া, ৰাজহ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল৷ পূৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ পশ্চিম দিশে বেদখলকাৰীৰ কৱলত থকা, বেদখলকাৰীয়ে কৃষিকাৰ্য কৰা ভূমিৰ এক বিশাল এলেকাত প্ৰশাসন আৰু ৰাজহ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৰঙা পতাকা পুতি সংৰক্ষণ কৰে৷ লগতে সত্ৰৰ ভূমিত বেদখলকাৰীয়ে কৰা কৃষি কাৰ্যবোৰ জেচিবিৰে উচ্ছেদ কৰে৷ উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে সত্ৰৰ বেদখল হোৱা ভূমিত উপস্থিত হৈ সেই স্থানত চৰকাৰী আঁচনিৰ ৪টা অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি বিধায়ক ফনীধৰ তালুকদাৰে সংবাদ মাধ্যমৰ লগতে ৰাইজৰ আগত কয় যে- ‘অসমত এতিয়া বিজেপিৰ নেতৃত্বত চৰকাৰ চলিছে৷ অসমত এতিয়া কংগ্ৰেছৰ মোগলৰ চৰকাৰ নাই৷ বিজেপিৰ নেতৃত্বত চৰকাৰ থকালৈকে আমাৰ মাটি কোনেও দখলৰ কৰিব নোৱাৰে৷ আমাৰ মাটিৰ ওপৰত আমাৰ অধিকাৰ থাকিব৷ বৰং মোগলৰূপী সকলে বেদখল কৰা আমাৰ মাটিবোৰ আমি ঘূৰাই আনিম৷ এই প্ৰক্ৰিয়াক কোনো অপশক্তিয়ে বাধা দি ৰোধ কৰিব নোৱাৰে৷ আমাৰ মাটিতেই আমাক আক্ৰমণ কৰিবলৈ দিয়া নহ’ব৷ আজি চৰকাৰীভাৱে অমৃত সৰোবৰ নিৰ্মাণৰ বাবে ৫৫ বিঘা ভূমি চমজাই দিছে৷ গোপালদেৱ আতাৰ সত্ৰৰ বেদখলত থকা বিশাল এলেকাৰ ভূমিত পৰবৰ্তী সময়ত বিভিন্ন চৰকাৰী আঁচনি প্ৰৱৰ্তন হ’ব৷ ইয়াত এতিয়াৰে পৰা বেদখল আৰু নচলিব’৷ বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে উপস্থিত অসম সত্ৰ মহাসভাৰ উপ সভাপতি প্ৰসেনজিৎ মেধি, শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মন, বিজেপিৰ নেতৃবৃন্দ ক্ৰমে- বুদ্ধদেৱ পাটগিৰি, নগেন চৌধুৰী, মামণি পাটগিৰি, অজয় দাস, নাগেশ কুমাৰ বৈশ্য, চম্পক কাকতি, কিশোৰ কুমাৰ ডেকা, গৌতম কলিতা, নিপন দাস, গিৰিণ দাস, কলিতা জনগোষ্ঠীয় সন্মিলনৰ নেতা নয়নমণি পাঠক, কাশ্যপ কলিতাৰ লগতে বহুসংখ্যক বিজেপি নেতা-কৰ্মী-ৰাইজে সত্ৰৰ ভূমিত অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰি ‘জয় শ্ৰীৰাম...’, ‘ভাৰতমাতা কী জয়...’ আদি ধবনিৰে উত্তাল কৰি তোলে৷ তদুপৰি সত্ৰৰ ভূমিত জেচিবিৰে চাৰিটাকৈ বৃহৎ বৃহৎ অমৃত সৰোবৰ খান্দা কাৰ্যৰো আৰম্ভ কৰা হয়৷ গোটেই দিনটোতেই আজি শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখলকাৰীৰ কৱলত থকা ভূমিৰ উদ্ধাৰ অভিযান চলায় সমান্তৰালকৈ জেচিবিৰে অমৃত সৰোবৰ খন্দা কাৰ্য অব্যাহত থাকে৷