Logo
image

স্বামীসহ অভিযুক্ত মহিলা জে’ললৈ

ডিজিটেল ডেস্কঃ  অৱশেষত ৰঙাঘৰৰ ভাত খাব লগা হ’ল স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল কৰা মৰিগাঁৱৰ এটা দম্পতীয়ে৷ লখিমপুৰৰ আৰক্ষী অধীক্ষকে আজি এই কথা সংবাদ মেলযোগে অৱগত কৰে৷ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল মৈৰাবাৰীৰ নাচিমা বেগমে৷ লখিমপুৰৰ উজ্জ্বলপুৰ হাইস্কুলত পৰীক্ষা দিছিল নাচিমাই৷ কৌশলেৰে পৰীক্ষা কেন্দ্ৰলৈ নিয়া ম’বাইলেৰে প্ৰশ্নকাকতৰ  ফটো তুলি তেওঁ ভাইৰেল কৰিছিল৷ সেই নিশাই লখিমপুৰ আৰক্ষীয়ে নাচিমা আৰু তেওঁৰ স্বামী মফিজুদ্দিন আহমেদক মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে৷ কেইবা ঘণ্টাৰ জেৰা আৰু অনুসন্ধানৰ পাছত আজি দুয়োকে জে’ললৈ প্ৰেৰণ কৰা হয়৷ লখিমপুৰ সদৰ থানাত পঞ্জীয়ন হোৱা ৫৮/২৩ নম্বৰৰ আৰু ১২০ বি/৪০৬/৪১৮/ আৰু ৬৮ আই টি ধাৰাৰ গোচৰত নাচিমা দম্পতীক জে’ললৈ প্ৰেৰণ কৰা হয় বুলি লখিমপুৰৰ আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে৷ ঘটনা সন্দৰ্ভত কৰ্তব্যত গাফিলতি আছে নেকি সেয়া চাবলৈ উপায়ুক্তই এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়া বুলিও কয় আৰক্ষী বিষয়াজনে৷