Logo
image

চাংসাৰিত বস্তাৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

ডিজিটেল ডেস্কঃ  চাংসাৰি থানাৰ নিচেই সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বুধবাৰে এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়৷ চাংসাৰি থানা এলেকাত  এটা বস্তাৰ ভিতৰতে উদ্ধাৰ হয় এই মৃতদেহটো৷ পৰিচয় উদ্ধাৰ নোহোৱা অচিনাক্ত যুৱতী গৰাকীৰ আনুমানিক বয়স প্ৰায় ৩৫ বছৰ৷ উল্লেখ্য, জিলাখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অংশটো একাংশ অপৰাধীয়ে মৃতদেহ পেলোৱাৰ সহজ স্থানত পৰিণত হৈ পৰিছে৷ কেইদিনমান পূৰ্বেও উক্ত স্থানতএজন বিবাহিত ব্যক্তিৰ মৃতদেহ বস্তাত মেৰিয়াই থোৱা অবস্থাত উদ্ধাৰ হৈছিল৷ এখন বাহনেৰে গুৱাহাটীৰ পৰা কঢ়িয়াই আনি অচিনাক্তলোকে কমলপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পেলায় থৈ গৈছিল মৃতদেহটো৷ উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ ঘাইপথৰ দাঁতিত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলবাসীক আতংকিত কৰি তুলিছে৷ স্থানীয় ৰাইজৰ মতে আৰক্ষীৰ ব্যৰ্থতাৰ বাবে চাংসাৰিৰ পৰা কমলপুৰৰ দলমা গেটলৈ এই সমগ্ৰ অঞ্চলটো অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে৷ আনহাতে নিশা সঘনাই সংঘটিত হোৱা এনে অপৰাধমূলক ঘটনা ৰোধৰ ক্ষেত্ৰত কামৰূপ জিলা আৰক্ষীক অধিক কঠোৰ হোৱাৰ লগতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰো দাবী উঠিছে৷ সন্দেহ কৰা মতে, মহিলা গৰাকীক অন্যস্থানত হত্যা কৰি হত্যাকাৰীয়ে  আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে মৃতদেহটোৰ সৈতে মোবাইল ফোনৰ এটা হেডফোনো উদ্ধাৰ হয়৷ ৰাইজৰ সন্দেহ হত্যাৰ পূৰ্বে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাইছিল হত্যাকাৰীয়ে৷ সম্প্ৰতি মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে৷ আনহাতে ঠিকনাবিহীন যুৱতীৰ মৃতদেহক লৈ বিপদত পৰিছে ভঙাগড় থানাৰ আৰক্ষী৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত অভিভাৱকবিহীন যুৱতীগৰাকীৰ মৃতদেহটো ৰখা হৈছে৷ মৃত যুৱতীগৰাকী মৰিগাঁও জিলাৰ প্ৰফুল্লী দেৱী [২৮]৷ কেইদিনমান পূৰ্বে ৰমেশ ঠাকুৰ নামৰ এজন লোকে যুৱতীগৰাকীক সংকটজনক অৱস্থাত হাস্পতালখনত ভৰ্তি কৰাইছিল যদিও চিকিৎসাধীন অৱস্থাতে যোৱা ১১ ফেব্ৰুৱাৰীৰ নিশা মৃত্যু হয় যুৱতীগৰাকীৰ৷ ইপিনে যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰাৰ পিছতে জি এম চি এইচৰ পৰা আঁতৰি যায় ৰমেশ ঠাকুৰ নামৰ লোকজন৷ এনে অৱস্থাত হাস্পতালখনৰ মৰ্গতে ৰখা হৈছে যুৱতীগৰাকীৰ মৃতদেহ৷