Logo
image

দ্য গ্ৰেট কাবাব ফেক্টৰীত ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱঃ ১৭ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ লক্ষ্ণৌ আৰু হায়দৰাবাদৰ মাজত খাদ্য ক্ৰীড়া

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ ৰেডিছন ব্লুৰ গ্ৰেট কাবাব ফেক্টৰীয়ে ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱৰ জৰিয়তে এক অনন্য ৰন্ধন অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে ৰাজকীয় যুগলবন্দীৰ আয়োজন কৰিছে। ভাৰতীয় খাদ্যবিশিষ্ট ৰেষ্টুৰেণ্টখনে খাদ্যপ্ৰেমীসকলৰ বাবে এক অনন্য ভোজন অভিজ্ঞতা প্ৰদান কৰে। প্ৰাচীন আৰু সমসাময়িক ৰন্ধনপ্ৰণালীৰ সংমিশ্ৰিত ব্যৱহাৰৰ জৰিয়তে দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে (TGKF) সমগ্ৰ বিশ্বৰ সুস্বাদু কাবাবসমূহ আনি একেখন মেজত সজাই-পৰাই তুলিছে। দ্য গ্ৰেট কাবাব ফেক্টৰীত সাতটা ভিন্ন শৈলীত প্ৰস্তুত কৰা সুস্বাদু কাবাবৰ সোৱাদ ল’ব পাৰি, য’ত তন্দূৰ বা সিংৰিত পোৰা, তাৱা বা মাহী তাৱাত পাতলীয়াকৈ ভজা, কেৰাহীত ভালদৰে ডুবুৱাই ভজা, ভাপত দিয়া বা শিলৰ ওপৰত গ্ৰীল কৰা কাবাব অন্তৰ্ভুক্ত হৈ আছে।  

‘নিজামি নৱাবী’ খাদ্য মহোৎসৱ:

মূলকথা- ভাৰত হৈছে বহুতো প্ৰাচীন মনোমোহা কাহিনী সন্নিবিষ্ট আৰু ইতিমধ্যে উন্মোচিত এক আশ্চৰ্য্যৰ টোপোলা। ১৭ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলক ভাৰতৰ আটাইতকৈ ঐতিহাসিক তথা বিখ্যাত খাদ্যনগৰী লক্ষ্ণৌ আৰু হায়দৰাবাদলৈ গেষ্ট্ৰ’নমিক যাত্ৰালৈ আমন্ত্ৰণ জনাইছে। "লক্ষ্ণৌৰ গলিবোৰৰ মাজেৰে নিজামসকলৰ শ্বাহী বাৱৰ্চি-খানাসমূহ পৰ্যবেক্ষণ কৰি ভাৰতৰ ৰাজকীয় অতীতৰ এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ অংশীদাৰ হওঁক। ভাৰতীয় ইতিহাসৰ অন্যতম চৰ্চিত ৰন্ধন-প্ৰদৰ্শনী হৈছে কিংবদন্তিপূৰ্ণ নবাব আৰু প্ৰখ্যাত নিজামসকলৰ মাজত ৰান্ধনীশালৰ প্ৰতিদ্বন্দ্বিতা। কাবাব, কোৰমা নে কাৰি? গৌৰৱময় ঐতিহ্যৰ পাহৰা সোৱাদবোৰ আপোনাৰ মুখত সজীৱ হৈ উঠাৰ দৰে নৱাবী সমৃদ্ধি আৰু নিজামী সোৱাদ অনুভৱ কৰিবলৈ সাজু হওক।” 

উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ অউধ (অৱধ) অঞ্চলৰ পৰা অৱধী খাদ্যশৈলীৰ উৎপত্তি হৈছে আৰু ই মোগল শৈলীৰ ৰন্ধন-প্ৰকৰণৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত। 'ডম' শৈলী বা লেহেমীয়া জুইৰ ওপৰত ৰন্ধা কলাৰ জন্ম অৱধত হৈছিল যি আজি লক্ষ্ণৌৰ সৈতে একে হৈ পৰিছে। হায়দৰাবাদী খাদ্যশৈলীয়ে অত্যন্ত সুস্বাদু সুগন্ধি আৰু সৃষ্টিশীলতাৰে সমৃদ্ধ খাদ্যৰ কথা মনলৈ আনে। হায়দৰাবাদৰ নিজামসকলৰ ৰাজকীয় ঐতিহ্যস্বৰূপ হায়দৰাবাদী খাদ্য হৈছে তেলেগু অঞ্চলৰ স্থানীয় মছলা আৰু বনৌষধিৰ প্ৰভাৱসমৃদ্ধ মোগলাই আৰু উত্তৰ ভাৰতীয় খাদ্যৰ মিশ্ৰণ। হায়দৰাবাদত প্ৰচলিত এক প্ৰবাদ অনুসৰি, ধৈৰ্য্যসহকাৰে ৰন্ধা বা 'ইতমেনান চে' হৈছে মূল চাবিকাঠি! নবাবৰ দেশ আৰু নিজামৰ দৰবাৰৰ গৌৰৱময় খাদ্যশৈলীক চহকী, গ্ৰাম্য আৰু শক্তিশালী বুলি সৰ্বশ্ৰেষ্ঠৰূপে সংজ্ঞায়িত কৰিব পাৰি। দ্য গ্ৰেট কাবাব ফেক্টৰীৰ মাষ্টাৰ চেফসকলে সমৃদ্ধ লক্ষ্ণৌ আৰু হায়দৰাবাদী সুস্বাদু খাদ্যশৈলীৰ সংমিশ্ৰণত এক ৰাজকীয় নিৰামিষ আৰু আমিষ ভোজ প্ৰস্তুত কৰিছে। ৰসাল আৰু সুস্বাদু হায়দৰাবাদী পথাৰ কে ফুল কি চপ, হজৰতগঞ্জ কি তল্লী মাচ্ছি, হালিম, অৱধি মুৰ্গ বুৰ্‌ৰা, ফালাকনুমা চূজা, কাকোৰী কাবাব, তাৰ গোষ্ট, হায়দৰাবাদী চিকেন মাণ্ডি আৰু বহুতো খাদ্যৰ সোৱাদ লওক। সুস্বাদু নিৰামিষ খাদ্যৰ ভিতৰত নীলগিৰি পনীৰ টিক্কা, কমল কাকড়ি কে গুলাৰ কাবাব, ঘুটৱা চয়া কাবাব, চাৰমিনাৰী চাবজ হালীম, ভুট্টে বাদাম কি চিখ, হায়দৰাবাদী চাবজ মাণ্ডি, পনীৰ মিৰ্চ কা চালান আৰু বহুতো অন্তৰ্ভুক্ত হৈ আছে।ৰাজকীয় ডেজাৰ্টৰ ভিতৰত খুবানী কা মিঠা, শ্বাহী টুকড়া, বাদাম কা শ্বিৰা আৰু বহুতো অন্তৰ্ভুক্ত হৈ আছে। এয়া এক ৰাজকীয় আপ্যায়ন! 

মেন্যুত উপলব্ধসমূহ: 

প্ৰতিদিনে এক পৃথক মেনু নিৰ্ধাৰণ কৰা হয় আৰু অতিথিসকলক বাধ্যবাধকতাহীনভাৱে নিৰামিষ বা আমিষ প্ৰতিবিধ ব্যঞ্জন পৰিৱেশন কৰা হয়।ৰেষ্টুৰেণ্টৰ চিগনেচাৰ কাবাব যেনে গালাউটি আৰু বুৰ্‌ৰাৰ উপৰিও আহাৰত দাল কাৰখানা, বিৰিয়ানি, বিভিন্ন ভাৰতীয় ব্ৰেড আৰু আটাইতকৈ ভাল বতৰৰ পাচলি তথা মিঠাই অন্তৰ্ভুক্ত হৈ আছে। এটা দশকৰ বিস্তৃত গৱেষণা আৰু বিকাশৰ অন্তত ছিগনেচাৰ কবাব প্ৰস্তুত কৰি তোলা হৈছে। TGKFৰ ৪৫০ তকৈও অধিক কাবাবৰ এটা ৰেচিপি বেংক আছে য'ত যুগ যুগ ধৰি প্ৰচলিত বহুতো নিবিড় সুৰক্ষিত পাৰিবাৰিক ৰেচিপি অন্তৰ্ভুক্ত হৈ আছে। সময়ে সময়ে বিভিন্ন অনুকৰণ সৃষ্টি কৰা হৈছে যদিও কোনোটোৰেই মূল TGKF চিগনেচাৰ কাবাবৰ অনন্য সোৱাদ আৰু সুগন্ধিৰ সৈতে মিল নাই।

নিৰামিষ ভোজী অতিথিসকলৰ বাবে কৰ্পোৰেট চেফসকলে তন্দুৰী ব্ৰকলি আৰু চাবজ গালাউটিৰ দৰে কাবাব প্ৰস্তুত কৰিছে যিয়ে অনন্য TGKF ডাইনিং অভিজ্ঞতা প্ৰদান কৰে বিশ্বব্যাপী সকলো ক্ষুদ্ৰ স্থানত TGKFৰ মালিকানাধীন মচলা পেক ব্যৱহাৰ কৰা হয় যিয়ে সকলো ঠাইতে একেই উৎকৃষ্ট সোৱাদ নিশ্চিত কৰে।

দ্য গ্ৰেট কাবাব ফেক্টৰীৰ ‘অভিজ্ঞতা’: TGKFত খোৱাৰ সময়ত অতিথি এজনে ভাৰ্চুৱেল ফুড ফেক্টৰীৰ ভিতৰত খোৱাৰ অনুভৱ লাভ কৰিব। কাৰখানাৰ সঁজুলিৰ দৰে কাটলেৰীৰ লগতে পৰিৱেশন প্লেটসমূহো কাৰখানাত ব্যৱহৃত সামগ্ৰীৰ দৰেই ধাতুনিৰ্মিত। কৰ্মচাৰীসকলে নিজকে কাৰখানাৰ শ্ৰমিকৰ দৰে দেখুৱাবলৈ ডাংৰী পিন্ধে। এটি মুকলি পাকঘৰে অতিথিসকলক কাৰখানাৰ চৌহদৰ ভিতৰত খোৱাৰ অনুভৱ প্ৰদান কৰে। প্ৰতিটো TGKF আউটলেটত উজ্জ্বল ৰং, জীৱন্ত শব্দ আৰু এক অতি সুকীয়া পৰিৱেশ প্ৰস্তুত কৰা হয় যিয়ে সামগ্ৰিক ৰেষ্টুৰেণ্টৰ পৰম্পৰাগত ধাৰণাটোত আধুনিক প্ৰভাৱ বৃদ্ধি কৰে।