Logo
image

বুঢ়াচাপৰিৰ উচ্ছেদত বাধা বিধায়ক নুৰুল হুদাৰঃ উচ্ছেদস্থলীৰ পৰাই মুখ্যমন্ত্ৰীলৈ ফোন লগালে নুৰুল হুদাই

ডিজিটেল সংবাদ,জুৰিয়াঃ বৃহস্পতিবাৰে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত অবৈধ বেদখলীক উচ্ছেদ অভিযানৰ তৃতীয় দিনা সুঁতিৰপাৰ গাঁও পঞ্চায়তৰ চিতলমাৰী পথাৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। জুৰিয়া উন্নয়ন খণ্ডৰ সূঁতিৰপাৰ গাঁও পঞ্চায়তৰ এক নম্বৰ, সাত নম্বৰ আৰু ১০ নম্বৰ ৱাৰ্ডত চলি থকা উচ্ছেদস্থলীত উপস্থিত হয় ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা। বিধায়ক নুৰুল হুদাই উচ্ছেদ ৰখাবলৈ নিৰ্দেশ দিয়ে।  বিধায়ক নুৰুল হুদাই দণ্ডাধীশ ক'ত বুলি প্ৰশ্ন তুলি উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। বন্যপ্ৰাণী অভয়াৰণ্যৰ সলনি নগাঁও জিলাৰ চিতলমাৰী পথাৰ ৰাজহ গাঁৱত শোণিতপুৰ প্ৰশাসনে উচ্ছেদ চলোৱা বুলি অভিযোগ তুলি তৰ্জন গৰ্জন কৰি নুৰুল হুদাই কয় যে মই দণ্ডাধীশক কতো দেখা পোৱা নাই। চিতলমাৰী পথাৰ গাঁৱখন সুঁতিৰপাৰ পঞ্চায়তৰ এলেকাধীন বুলি দাবী কৰি উচ্ছেদ অভিযান কিছু সময়ৰ বাবে স্তব্দ কৰি দিয়ে বিধায়ক নুৰুল হুদাই। 

লগতে বিধায়কগৰাকীয়ে ১৯৬৩ চনৰ পৰাই গাঁৱখনৰ ৰাইজে খাজনা আদায় দিয়াৰ ৰছিদ প্ৰদৰ্শন কৰে। তেওঁ উচ্ছেদ স্থলীৰ পৰাই মুখ্যমন্ত্ৰী ড০' হিমন্ত বিশ্ব শৰ্মাক ফোনযোগে ৰাজহ গাঁৱত শোণিতপুৰ প্ৰশাসনে উচ্ছেদ অব্যাহত ৰখা বুলি জনাই উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনায়। প্ৰায় এক ঘণ্টা সময় ধৰি চিতলমাৰী পথাৰৰ উচ্ছেদস্থলীত থকাৰ পিছত উপায়ন্তৰ হৈ উক্ত ঠাইৰ পৰা আতঁৰি আহে বিধায়ক নুৰুল হুদা। অৱশ্যে পৰবৰ্তী সময়ত উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাবে চলি থাকে। 

ইপিনে দুভৰা মাৰী চৰত উচ্ছেদৰ সময়ত সৃষ্টি হয় আন এক উত্তপ্ত পৰিস্থিতি। মাইকযোগে একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ঘোষণা কৰাৰ লগে লগে ওলাই আহে হেজাৰ হেজাৰ লোক। বহু শতাধিক লোকে দুভৰামাৰী চৰত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। চৰৰ ৰাইজে এক্সকেভেটৰৰ সন্মুখত বহি বাধা দিয়ে উচ্ছেদ অভিযানত। কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলাবলৈ অহা বুলি বন বিভাগৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ। চৰৰ ৰাইজে বন বিভাগৰ বিৰুদ্ধে মুকলিভাৱে প্ৰতিবাদ জনায়। প্ৰায় তিনি হাজাৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বনৰক্ষী বাহিনীৰ লোক উপস্থিত থাকে উচ্ছেদ অভিযানৰ সময়ত৷