Logo
image

সুযোগ সন্ধানীৰ ৰাজনীতি

আৰু কিমান চলিব সুযোগ সন্ধানী ৰাজনীতি? স্বাধীনতাৰ ৭৫ বছৰে দেশৰ জনসাধাৰণে ইখনৰ পাছত সিখন চৰকাৰ ক্ষমতাত বহুৱাই আহিছে৷ কিয় বহুৱাইছে ক্ষমতাত? ভাৰতৰ জনসাধাৰণে প্ৰায় ১০০ বছৰ স্বাধীনতাৰ বাবে কঠোৰ শ্ৰম কৰাৰ পাছত যি ইংৰাজমুক্ত ভাৰত পাবলৈ সক্ষম হ’ল, তাৰ মূল উদ্দেশ্য কি আছিল? ইংৰাজে ঔপনিৱেশিক শাসন চলাই ভাৰতৰ সম্পদসমূহ লুণ্ঠন কৰি ভাৰতৰ স্ব-বিকাশৰ পথ ৰুদ্ধ কৰি দিছিল৷ জনসাধাৰণে বিদেশী শাসনৰ তলত অতি নিকৃষ্ট জীৱন অতিবাহিত কৰিব লাগিছিল৷ পৰাধীন ভাৰতত ব্যক্তি স্বাধীনতা বুলি কোনো কথা নাছিল৷ এক দাসত্বৰ জীৱন অতিবাহিত কৰা ভাৰতীয় মানুহে শিক্ষা-স্বাস্থ্য দূৰৰ কথা, খাদ্য-বস্ত্ৰ-বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয় বিষয়সমূহৰ ক্ষোত্ৰতো অতি দুখলগাকৈ পিছপৰি আছিল৷ ইয়াৰ বিপৰীতে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদি নেতাসকলে স্বাধীনতাৰ সপোন দেখুৱাই আজি যি স্বাধীনতা আনি দিলে, সিয়ে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ স্বাধীন দেশৰ নাগৰিকে স্বাধীন চৰকাৰৰ পৰা আশা কৰিছিল দেশৰ সম্পদৰ ওপৰত জনগণৰ অধিকাৰ প্ৰতিষ্ঠাৰ, ভাৰতৰ কৃষি ক্ষেত্ৰখন বিশ্বৰ ভিতৰত উজলাই তোলাৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ সমস্যা সমাধান হোৱাৰ৷ কিন্তু আজি স্বাধীনতাৰ অমৃত কালতো এইখন দেশত প্ৰতিদিনেই ভোকাতুৰ মানুহৰ মৃত্যু হয়৷ প্ৰতিদিনেই কৃষকে আত্মহত্যা কৰিব লগা হয়৷ শেহতীয়াভাৱে লোকসভাত কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী ভূপেন্দ্ৰ যাদৱে দিয়া তথ্য মতে, বিগত তিনিটা বছৰতে দেশত ৰ লাখ ১২ হাজাৰ দিন হাজিৰা কৰা শ্ৰমিকে আত্মহত্যা কৰিছে৷ এয়া কম গা-শিয়ৰি যোৱা তথ্য নহয়নে! কিমান দুখ-দুৰ্দশাৰ কবলত পৰিলে মানুহে আত্মহত্যা কৰিব পাৰে!এয়াতো বিগত তিনিটা বছৰত তথ্য গাপ দিবলৈ বিজেপি চৰকাৰে কৰা নিকৃষ্ট ষড়যন্ত্ৰৰ পাছত দিবলৈ বাধ্য হোৱা তথ্য৷ স্বাধীনতাৰ এই অমৃত কালপৰ্যন্ত কিমান দৰিদ্ৰ লোকে জীৱন হেৰুৱাব লগা হ’ল! এনে ভয়ংকৰ তথ্যৰ পাছতো চৰকাৰবোৰে কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে? আন তথ্য মতে, ৬৬,৯১২গৰাকী গৃহিণী, ৫৩,৬৬১গৰাকী স্বনিয়োজিত ব্যক্তি, ৪৩,৪২০জন বেতনভোগী, ৪৩,৩৮৫জন নিবনুৱা, ৩৫,৯৫০জন ছাত্ৰ-ছাত্ৰীৰ লগতে বিগত তিনিটা বছৰত ৩১,৮৩৯জন কৃষকৰ আত্মহত্যাৰ তথ্য লোকসভাত দাখিল কৰিছে৷ এয়াই স্বাধীন দেশৰ স্বাধীন নাগৰিকৰ অৱস্থা! এনে পৰিস্থিতিৰ পৰা মুক্তি দিম বুলিয়েই দহ বছৰীয়া মনমোহন সিঙৰ চৰকাৰক উফৰাই বিজেপি শাসনত বহিছিল৷ বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰি কৃষকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ, আজি লোকসভাত যি নিবনুৱাৰ আত্মহত্যাৰ তথ্য দিছে তাৰ বিপৰীতে মোদী চৰকাৰে প্ৰত্যেক বছৰে দুই কোটি নিবনুৱাক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই ক্ষেত্ৰত কিমান কোটিয়ে চাকৰি পালে তাৰ তথ্য দিব লাগিছিল! দিনহাজিৰা কৰা মানুহৰ দেশখনত কি অৱস্থা সেয়া কৰ’না কালত সমগ্ৰ বিশ্বই বাৰুকৈয়ে দেখিলে৷ সংস্থাপন হেৰুৱাই নিজ নিজ ঘৰলৈ থৰকাচুটি হেৰুৱাই ঢাপলি মেলিব লগা হ’ল৷ এই লোকসকলক চৰকাৰে অকণমানো সহায় কৰিব পৰা নাছিল৷ পাছত যেতিয়া সেইসকলৰ একাংশই অনাহাৰে-অনিদ্ৰাই মৃত্যুক সাবটি লৈছিল, তেতিয়া চৰকাৰে ঘোষণা কৰিছিল যে সেইসকলক নিজ গাঁৱতেই সংস্থাপনৰ ব্যৱস্থা কৰিব আৰু এমজিএনৰেগাৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিব৷ কিন্তু সেই প্ৰতিচ্ছবি বিগত বাজেটসমূহত দেখিবলৈ পোৱা নগ’ল৷ আচলতে এইবোৰ কথা এতিয়া বৌদ্ধিক মহলতে নহয় সাধাৰণ ভোটাৰৰ মাজতো ব্যাপক চৰ্চা হৈছে৷ কিন্তু নিৰ্বাচনী যুঁজত এইসকলেই নিজক চেম্পিয়ন কৰি আহিছে৷ আচলতে মূল প্ৰশ্নটো তাতেই৷ কংগ্ৰেছ চৰকাৰ ব্যৰ্থ হ’লঃ সেই ব্যৰ্থতাৰ বিৰুদ্ধে সমগ্ৰ দেশত জয় প্ৰকাশৰ নেতৃত্বত জাগৰণ হ’ল, ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিও নিজৰ গাদী বচাব নোৱাৰিলে৷ কিন্তু যি আশা লৈ জনতাই জনতা দলৰ চৰকাৰক ক্ষমতা দিছিল, সেয়াও দুটা বছৰতে অন্ত হ’ল৷ পুনৰ কংগ্ৰছৰ যুগ চলিল৷ তাৰ পাছত ৰাইজৰ আশা পূৰ্ণ নোহোৱাত বহুদলীয় চৰকাৰ হ’ল, সেইবোৰ চৰকাৰো বিফল হ’ল৷ বিফল হোৱাই নহয় ভৰতীয় অৰ্থনীতি ভাঙি চূৰমাৰ কৰিলে৷ পুনৰ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আন এক যুগ আৰম্ভ হ’ল৷ সেই স্বপ্নও পাঁচ বছৰতে ভাগিল৷ ভাৰতৰে নহয় বিশ্বৰে প্ৰসিদ্ধ অৰ্থনীতিবিদ বুলি ড॰ মনমোহন সিঙক দুবাৰকৈ ক্ষমতাত বহুৱালে৷ এই চৰকাৰেও জনতাৰ কাম কৰাৰ সলনি বিয়াগোম বিয়াগোম কেলেংকাৰীত নামি পৰিল৷ এইবাৰ ভাৰতীয় মানুহে নৰেন্দ্ৰ মোদীক ৰবীন হুদৰ স্থানত বহুৱাই ভাৰতৰ ভাগ্যৰবি উদয়ৰ বাবে বহু আশাৰে ক্ষমতাত বহুৱালে৷ কিন্তু বিগত দুটা কাৰ্যকালত নৰেন্দ্ৰ মোদী চৰকাৰে এটাও প্ৰতিশ্ৰুতি পালন কৰা দূৰৰ কথা বিমুদ্ৰাকৰণ, জি এছ টি, ৩৭০ ধাৰা বাতিলৰ দৰে কামবোৰ কৰি চমক সৃষ্টি কৰিয়েই কটালে৷ এতিয়া বিজেপিৰ বিফলতাক লৈ খাপ পিটি ৰৈ আছে বিৰোধী৷ সেয়ে নতুন নীতি বা কাৰ্যসূচীৰে নহয় ‘ভাৰত জোড়ো’ৰ দৰে আৱেগিক কাৰ্যসূচী লৈ কংগ্ৰেছে বিজেপিৰ হাতৰ পৰা ক্ষমতা পোৱাৰ আশাত ৰৈ আছে৷ এদিনতো বিজেপিৰ বেয়া দিন আহিব, তেতিয়াৰ বাবে দলটোক ধৰি ৰখাৰ কাম কৰিছে কংগ্ৰেছে৷ এইদৰেই সুযোগৰ সন্ধানত থাকি এটা নহ’লে আনটো দলে ক্ষমতাত বহিছে৷ সেয়ে জনতাৰ আজিলৈকে একো হোৱা নাই৷ প্ৰকৃত পৰিৱৰ্তনকামী দলবোৰৰো কোনো চেষ্টা নিকট ভৱিষ্যতত ৰাইজে দেখা নাই৷ যিটো চৰম বিড়ম্বনা৷