Logo
image

ৰীমা দাসৰ নতুন ছবি 'তৰা'ছ হাজবেণ্ড'ৰ ট্ৰেইলাৰ মুকলিঃ দেশে-বিদেশে উচ্চ প্রশংসিত হৈছে ছবিখন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভিলেজ ৰকষ্টাৰ, বুলবুল কেন ছিঙৰ দৰে ছবিৰ অপাৰ সফলতাৰ পাছত এইবাৰ ছবিগৃহলৈ আহিব ৰীমা দাসৰ নতুন ছবি 'তৰা'ছ হাজবেণ্ড'। গুৱাহাটীত শুকুৰবাৰে অনুষ্ঠিত এক অনুষ্ঠানত বহু প্রতিক্ষিত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়৷ ইতিমধ্যে দেশ- বিদেশে প্রশংসা বুটলিবলৈ সক্ষম হৈছে ছবিখনে। এই অনুষ্ঠানত চলচ্চিত্ৰখনৰ পৰিচালক ৰীমা দাসে কয়, "লডাউনৰ সময়ত সন্মুখীন হোৱা অভূতপূর্ব জটিল সামাজিক প্ৰতিচ্ছবিক 'তৰা'ছ হাজবেণ্ড'ৰ চলচ্চিত্ৰখনৰ জৰিয়তে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। ছবিখনৰ নায়ক তৰাৰ স্বামী জান এগৰাকী মৰমীয়াল পিতৃ হোৱাৰ লগতে এগৰাকী সুহৃদ চুবুৰীয়াও। লকডাউনৰ সময়ত এখন সৰু চহৰত তৰাৰ স্বামী জানৰ নিজৰ ক্ষুদ্ৰ ব্যৱসায় চলাই নিয়াৰ সংগ্রাম তথা একে সময়তে প্রিয় আপোনজনৰ সৈতে সম্পৰ্কৰ অৱনতি ছবিখনৰ মূল উপজীব্য বিষয়। লডাউনে কঢ়িয়াই অনা অনিশ্চয়তা, জীৱন-মৰণৰ যুঁজ, ইয়াৰ মাজতে জীৱন সংগ্ৰাম চলাই যোৱাৰ এটা কাহিনী চলচ্চিত্ৰখনৰ জড়িয়তে তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। দেশ- বিদেশৰ বহুকেইখন সন্মানীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে ছবিখন। ২০২২ চনৰ টৰ'ন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত ৱ'ৰ্ল্ড প্রীমিয়াৰ হয় ছবিখনৰ। একেদৰে বুছান চলচ্চিত্ৰ মহোৎসৱত এছিয়ান প্রীমিয়াৰ সম্পন্ন হয় তৰা’ছ হাজবেণ্ডৰ। ২০২২ত বেংককত অনুষ্ঠিত বিশ্ব চলচ্চিত্র মহোৎসৱ, হেইনান আইলেও ইণ্টাৰনেচনল ফিল্ম ফেষ্টিভেলতো প্রদর্শিত হয় ছবিখন। একেটা বর্ষতে অনুষ্ঠিত হোৱা কলকাতা চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ হৈ যায়। ২০২৩ বৰ্ষত এই পর্যন্ত পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, অ’চাকা এছিয়ান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে ছবিখন। চলচ্চিত্র মহোৎসৱত দেশী-বিদেশী চলচ্চিত্রপ্রেমী তথা সমালোচকৰ দ্বাৰা উচ্চভাৱে প্রশংসিত হৈছে তৰা'ছ হাজবেণ্ড। এই চলচ্চিত্ৰখন মোৰ দুই বছৰীয়া প্ৰচেষ্টাৰ অন্তত মুক্তি লাভ কৰিব। চলিত বছৰৰ আগষ্ট অথবা ছেপ্টেম্বৰ মাহত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। মোৰ চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰাৰ সকলোৱে অংশীদাৰ। মই যি ভাল কাম কৰিছোঁ সেয়া অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে সম্ভৰ হৈছে। মই যিমানদূৰ পাৰোঁ নিজৰ মাটিৰ বাবে কাম কৰি যাম, যি পাৰোঁ নিজৰ মাটিক দি যাম।"

সাংবাদিক সান্তনু মহন্তই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে ৰীমা দাসৰ মাতৃ তথা চলচ্চিত্ৰখনৰ সহ: প্ৰযোজক জয়া দাসে বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে চলচ্চিত্ৰখনৰ সফলতা কামনা কৰে। লগতে ৰীমা দাসক ৰাইজৰ আশীৰ্বাদ দিবলৈ কয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, সমালোচক, গল্পকাৰ বিতোপন বৰবৰাই কয়, "ৰীমা দাস চলচ্চিত্ৰৰ ভাষা বুজি পোৱা পৰিচালক। ৰীমা দাসৰ পৰা আমি যথেষ্ট আশা কৰোঁ। তেওঁৰ এই যুগান্তকাৰী যাত্ৰা অব্যাহত থাকক।" অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই কয়, "ৰীমা দাসে নিজৰ গাঁও, নিজৰ পৰিবেশ, সমাজ জীৱন যন্ত্ৰণাখিনি সহজ-সৰল চিনেমাৰ ভাষাত উপস্থাপন কৰে। ৰীমা দাসৰ পৰা নতুন নতুন ভাল কাম আশা কৰোঁ।"

অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাসে কয়, "প্ৰথমে ৰত্নগৰ্ভা মাতৃক অভিনন্দন জনালোঁ। ৰীমা দাসৰ দৰে এটা ৰত্ন আমাক উপহাৰ দিয়া বাবে। ৰীমা দাস অত্যন্ত প্ৰতিভাশালী। ৰীমা দাসে সু-খ্যাতি অর্জন কৰক।" ইফালে বিশিষ্ট চিত্ৰ সমালোচক মনোজ বৰপূজাৰীয়ে কয়, "ৰীমা দাসকলৈ আশা-প্ৰত‍্যাশা বহুত। তেওঁ নতুন নতুন চলচ্চিত্ৰৰ সোৱাদ আমাক দি যাওক।" অনুষ্ঠানত উপস্থিত থাকি অভিনেত্ৰী পূৰবী শৰ্মা, পূৰ্ণিমা শইকীয়াই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ফ্লায়িং ৰিভাৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত চলচ্চিত্ৰখনৰ কলা-কুশলী অভিজিৎ দাস, তৰালি কলিতা দাস, পূৰ্বাঞ্চলী দাস, সুকুমাৰ মেধি, ভণিতা দাস, নিকুঞ্জ খাউণ্ড, প্ৰণৱ দাস উপস্থিত থাকে।