নিতৌ গৰম পানীৰ সৈতে নেমুৰ ৰস খালে এইবোৰ উপকাৰ পাব
নেমু স্বাস্থ্যৰ বাবে উপকাৰী৷ গৰম পানীৰ সৈতে খালী পেটে নেমু খালে বিশেষ উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল দৈনিক গৰম পানীৰ সৈতে নেমু খালে পাব পৰা উপকাৰিতাসমূহ–
[১] আপুনি যদি ডায়েটিঙৰ কথা ভাবিছে, তেন্তে নেমু খোৱা কৰক৷ নেমুত থকা পলিফেনল্ছ নামৰ উপাদানবিধে ক্ষুধা নিবাৰণত সহায় কৰে৷ খোৱাৰ পূৰ্বে পানী খালে ক্ষুধা কমে৷ পুৱাই উঠি গৰম পানীৰ সৈতে নেমুৰ ৰস মিহলাই খোৱা কৰক৷ এনে কৰিলে অতিৰিক্ত ওজন হ্ৰাস পায়৷
[২] টেঙা জাতীয় যিকোনো ফলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ নেমুত থকা ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ নেমুত এণ্টিঅক্সিডেণ্ট থকাৰ বাবে দেহত কোনো ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে৷ নেমুৰ বাকলিত কেলছিয়াম, পেক্টিন, ফাইবাৰ আৰু বিভিন্ন ধৰণৰ খনিজ উপাদান থাকে৷ এইবোৰে ৰোগ নিৰাময় কৰাত সহায় কৰে৷
[৩] নেমুৰ ৰসত থকা এচিডে খাদ্য সহজে হজম হোৱাত সহায় কৰে৷ নেমুত থকা ছাইট্ৰাছ ফ্লেভ’ন’ইডছ নামৰ উপাদানবিধে পাকস্থলীত খাদ্য সহজে ভাঙি হজম কৰাত সহায় কৰে৷
[৪] যকৃতে শৰীৰত ফিল্টাৰৰ কাম কৰে৷ নেমুত থকা ছাইট্ৰাছ ফ্লেভ’ন’ইড্ছ নামৰ উপাদানবিধে যকৃতৰ পৰা বৰ্জিত পদাৰ্থ উলিয়াই দিয়া আৰু ফেট্ছ হ্ৰাস কৰাত সহায় কৰে৷ সেয়ে যকৃত সুস্থ ৰাখিবলৈ নিতৌ পুৱা গৰম পানীৰ সৈতে নেমুৰ ৰস খোৱা কৰিব পাৰে৷
[৫] আজিকালি প্ৰায়ভাগ লোকৰ মুখত কিডনীত পাত্থৰ হোৱা সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ এই সমস্যাৰ পৰা সকাহ পাবলৈ অস্ত্ৰোপচাৰ, ঔষধ বা লেজাৰ চিকিৎসাৰ সহায় লোৱা হয়৷ কিডনীত যাতে পাত্থৰ নহয় তাৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰা উচিত৷ ডিহাইড্ৰেছন বা পানীৰ পৰিমাণ কমি আহিলে কিডনীত পাত্থৰ হয়৷ সেয়ে চিকিৎসকে নেমু পানী খাবলৈ পৰামৰ্শ দিয়ে৷ নেমুৱে কিডনী আৰু পাকস্থলীত হোৱা পাত্থৰ গলাই পেলোৱাত সহায় কৰে৷
[৬] ডায়েবেটিছ ৰোগীৰ বাবে নেমু অতি উপকাৰী৷ ইয়াত থকা ফাইবাৰে ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷
[৭] পৰ্যাপ্ত পটাছিয়াম পাবলৈ বহুতে শাক-পাচলি বা ফল-মূল খোৱাৰ অভ্যাস কৰে৷ নেমুত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে৷ পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, মাংসপেশীৰ কাৰ্যক্ষমতা বঢ়ায় আৰু হৃদস্পন্দন স্বাভাৱিক কৰি ৰাখে৷ সেয়ে শৰীৰত পটাছিয়ামৰ অভাৱ হ’ব দিব নালাগে৷ নেমুত যিহেতু প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, সেয়ে পুৱাই গৰম পানীৰ সৈতে নেমুৰ ৰস মিহলাই খোৱা কৰক৷
[৮] কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে নিতৌ পুৱা গৰম পানীৰ সৈতে নেমুৰ ৰস মিহলাই খোৱা কৰক৷ নেমুৰ ৰসৰ সৈতে সামান্য মৌ আৰু নিমখো মিহলাই ল’ব পাৰে৷
[৯] নেমুত থকা ছাইট্ৰাছে মুখৰ ভিতৰত বেক্টেৰিয়া সৃষ্টিত বাধাৰ সৃষ্টি কৰে৷ সেয়ে নেমু খালে মুখৰ দুৰ্গন্ধ আঁতৰ হয়৷