Logo
image

দাঁতৰ মেজিক! তিনি মিনিটতে ক’লা দাগ হ’ব চাফা

কথাতে কয়–‘মুখৰ মিচিকণি, দাঁতৰ জিলিঙনি’৷ মৌন ওঁঠত লহৰ উঠিলেই, মুখত হাঁহি বিৰিঙে আৰু তেতিয়া মুকুতামণি সদৃশ দাঁতে জেউতি চৰায়৷ কোৱা হয়– হাঁহিৰেই মানুহে লংকা জয় কৰিব পাৰে৷ আকৌ সেই হাঁহিত যদি ক’লা দাঁত দুপৰি ওলাই, তেতিয়া দেখাত লাগে কুৎসিত৷ অত্যাধিক চাহ, কফি, পাণ বা ধুমপান কৰিলে দাঁত ক’লা হয়৷ ই মানৱ জীৱনৰ এক ডাঙৰ সমস্যা৷ কিন্তু য’তে সমস্যা আছে, তাতে সমাধানো আছে৷ মাত্ৰ তিনি মিনিটতে ঘৰত বহিয়েই আপুনি নিজেই এই ট্ৰেজেডী দূৰ কৰিব পাৰিব৷ কি কৰিব লাগিব?দাঁতৰ ক’লা দাগ আঁতৰাবলৈ এক চামুচ বেকিং চৌডা আৰু তাত নেমুৰ ৰস আৰু পানী মিলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ মিশ্ৰণটো এনেদৰে তৈয়াৰ কৰক যাতে পেষ্টৰ দৰে হয়৷ তাৰ পাছত মিশ্ৰণৰ পেষ্টটো লৈ দাঁত ব্ৰাচৰদ্বাৰা এক মিনিট সময় ব্ৰাচ কৰক৷ দেখিব তিনি মিনিটতে দাঁতৰ মেজিক৷