Logo
image

ওজন কমাবলৈ হ’লে নিশা ভুলতো নাখাব এইবোৰ খাদ্য

আমাৰ অসম বিশেষঃ ওজন কমাবলৈ হ’লে ৰাতিৰ খাদ্যৰ পৰিমাণ হ্ৰাস কৰাৰ বিজ্ঞানসন্মত যুক্তি আছে৷  আমাৰ শৰীৰ ঘড়ীৰ দৰে চলে৷ পুৱা হজম প্ৰক্ৰিয়া শক্তিশালী ৰূপত থাকে আৰু ৰাতি কিছু দুৰ্বল হৈ পৰে৷ এই কাৰণে ৰাতি কাৰ্বহাইড্ৰেট, কেলৰি আৰু চৰ্বিযুক্ত খাদ্য কম পৰিমাণে খোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ ৰাতিৰ মেনুত স্বাস্থ্যসন্মত খাদ্য ৰখা উচিত৷ দ্ৰুত ওজন কমাব বিচাৰিলে  নিশা খাদ্যৰ পৰিমাণ হ্ৰাস কৰিব লাগে৷ খাদ্যত প্ৰচুৰ পৰিমাণে তেল, চৰ্বি, চেনি আৰু কেলৰি থাকিলে সেইবোৰে ওজন কমোৱাৰ লক্ষ্যক বাধা দিয়ে৷ দোকানত মাইক্ৰ’ৱেভত যিবোৰ পপকণ প্ৰস্তুত কৰা হয় তাত প্ৰচুৰ পৰিমাণে পৰিশোধিত চৰ্বি আৰু লৱণ থাকে৷ সকলো প্ৰকাৰৰ  পানী আৰু কাৰ্বহাইড্ৰেট ড্ৰিংক্‌ছ ৰাতি একেবাৰে পৰিহাৰ কৰা উচিত৷ ইয়াত চ’দা আৰু অতিৰিক্ত চেনি থাকে যিয়ে শৰীৰত কেলৰিৰ মাত্ৰা বৃদ্ধি কৰে৷ বিভিন্ন ধৰণৰ টমেট’ চছ্‌ত যথেষ্ট পৰিমাণে প্ৰক্ৰিয়াজাত চেনি ব্যৱহাৰ হয় যিয়ে ওজন বৃদ্ধি ৰোধ কৰাত বাধা দিয়ে৷ ৰেষ্টুৰেণ্টত উপলব্ধ ফ্ৰেন্সফ্ৰাইত প্ৰচুৰ চৰ্বি, কলেষ্ট’ৰেল আৰু কেলৰি থাকে৷ একেদৰে পণিৰ আৰু পিজ্জাত সংপৃক্ত চৰ্বি, কলেষ্ট’ৰেল, ছডিয়াম, কাৰ্বহাইড্ৰেট আৰু নিমখ ব্যৱহাৰ হয়৷ চছ্‌ পণিৰ আৰু প্ৰক্ৰিয়াজাত মাংস দি প্ৰস্তুত কৰা হয়৷ যিয়ে ওজন বৃদ্ধি ৰোধত বাধা হিচাপে থিয় দিয়ে৷ সকলো প্ৰকাৰৰ পুষ্টি উপাদানেৰে ভৰপুৰ বাদামত অধিক মাত্ৰাত কেলৰি থাকে৷ সেয়ে নিশা বাদাম খোৱা উত্তম নহয়৷ ইয়াাৰোপৰি আইচক্ৰীম, ডাৰ্ক চকলেট আৰু ৰঙা মাংস নিশা নোখোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী৷