উক্তি-বক্ৰোক্তি
◆মোদীৰ ভৃত্যত পৰিণত হৈছে নিৰ্বাচন আয়োগ৷ নিৰ্বাচন আয়োগে এতিয়া বিজেপিৰ এজেণ্টৰ কাম কৰিবলৈ লৈছে৷
– উদ্ধৱ থাকৰে
◆আজিৰ তাৰিখত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’লে অসমত কংগ্ৰেছে দহখন আসন লাভ কৰিব৷ গুৱাহাটী লোকসভা সমষ্টি কংগ্ৰেছেই দখল কৰিব৷
– ভূপেন বৰা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি
◆ শিৱৰাত্ৰি আজি, কিন্তু ভূপেন বৰাই কালিয়ে ভাং খালে৷
– প্ৰশান্ত ফুকন, বিধায়ক
◆ মেৰিয়াম-ৱেবষ্টাৰ অভিধান অনুসৰি 'The long arm of the law'ৰ অৰ্থ অপৰাধীক বিচাৰি উলিওৱাত আৰক্ষীৰ সামৰ্থ্য!
– জি পি সিং, অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান (শ্বাহ আলম এনকাউণ্টাৰৰ পাছত)
◆আৰ এছ এছৰ শ্ৰুতলিপি মতে এনকাউণ্টাৰ চলে অসমত৷ আৰক্ষীৰ জিম্মাৰ পৰা যদি অপৰাধী পলায়, এয়া কিহৰ আৰক্ষী?
– কৰিমউদ্দিন বৰভূঞা, বিধায়ক
◆বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিৰ ফ’ৰলেনৰ কাৰণে কেইবাবাৰো বিষয়টো সদনত উত্থাপন কৰিছোঁ৷ লিখিতভাৱে মন্ত্ৰী ডাঙৰীয়াকো দিছোঁ৷ কিন্তু হোৱা নাই৷ অনুষ্ঠান-প্ৰতিষ্ঠানেও জোৰ দিব লাগিব৷ তেতিয়াহে আমি সফল হ’ম৷
– দিলীপ শইকীয়া, সাংসদ
◆ আদানি সম্পৰ্কীয় গোচৰৰ তদন্ত কোনে কৰিব সেই সিদ্ধান্ত ন্যায়ালয়ে ল’ব, চৰকাৰে নহয়৷
– ডি ৱাই চন্দ্ৰচুড়, মুখ্য ন্যায়াধীশ উচ্ছতম ন্যায়ালয়
◆মই বেছ কিছু ধৰ্মগ্ৰন্থ পঢ়িছোঁ, তীৰ্থযাত্ৰাও কৰিলোঁ, লাহে লাহে বুজি উঠিছোঁ যে ধৰ্ম একধৰণৰ শোষণ!
– এছ এছ ৰাজামৌলী, চলচ্ছিত্ৰ নিৰ্দেশক






