Logo
image

আৰু কমিল চিৰামৰ কৰ’না টীকাৰ দাম

আমাৰ অসম, ৬ জানুৱাৰীঃ কেতিয়াৰ পৰা আৰম্ভ হ’ব টীকাকৰণ? কিমান দাম হ’ব ভেকচিনৰ? বিনামূল্যে পোৱা যাবনে কৰ’নাৰ টীকা? এনে অসংখ্য প্ৰশ্নই এতিয়া সকলোৰে মুখে মুখে? ভাৰতে দুবিধ কৰ’না ভেকচিনক অনুমতি পত্ৰ দিয়াৰ পাছতেই আৰম্ভ হৈ গৈছে চৰ্চা৷ এইবাৰ ছিৰাম ইনষ্টিটিউটৰ কৰ্ণধাৰ আদৰ পুনাওৱালাই জনাইছে যে চৰকাৰে নিৰ্দেশ দিলেই ৭ দিনৰ ভিতৰত টীকাৰ সৰবৰাহ আৰম্ভ হৈ যাব৷ অক্সফ’ৰ্ড- এষ্ট্ৰ’জেনেকাৰ সৈতে মিলি প্ৰস্তুত কৰা হৈছে কভিশ্বিল্ড৷ অক্সফ’ৰ্ডৰ ফৰ্মূলা ব্যৱহাৰ কৰি পুনেৰ ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰিছে এই ভেকচিন৷ চৰকাৰৰ বাবে ক’ভিশ্বিল্ড টীকাৰ প্ৰতিটো ড’জৰ মূল্য ২০০ টকা নিৰ্ধাৰণ কৰা হৈছে৷ কিন্তু ব্যক্তিগত খণ্ডত এই  টীকা অধিক মূল্যত বিক্ৰী কৰা হ’ব৷ আৰম্ভণিতে ২৫০ টকা দৰত চৰকাৰক কভিশ্বিল্ড টীকা বিক্ৰী কৰাৰ বাবে ছিৰামে সিদ্ধান্ত লৈছিল৷ অৱশ্যে এতিয়া ইয়াৰ মূল্য কমাই দিছে৷ বিষয়াগৰাকীয়ে জনোৱা অনুসৰি বেচৰকাৰী সংস্থাসমূহক প্ৰতি ড’জ টীকা ১,০০০ টকা মূল্যত বিক্ৰী কৰা হ’ব৷ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ দাম আৰু কমোৱা হ’ব পাৰে৷