এইবোৰ খাদ্যই হাড়ৰ ক্ষতি কৰে
অনিয়মীয়া খাদ্যাভ্যাস, শৰীৰ চৰ্চা নকৰা বা কেলছিয়ামৰ অভাৱ হ’লে কম বয়সতে হাড় ক্ষয় হোৱা আৰম্ভ কৰে৷ হাড়ৰ যতন ল’বলৈ হ’লে দেহত পৰ্যাপ্ত কেলছিয়াম থাকিব লাগিব৷ অৱশ্যে অকল কেলছিয়ামৰ অভাৱেই নহয়, কেতবোৰ খাদ্যয়ো হাড়ৰ ক্ষতি কৰে৷ সেয়ে হাড়ৰ ক্ষতি কৰিব পৰা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত চিকিৎসকে সদায় সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই হাড় ক্ষয় হোৱাৰ আশংকা বঢ়ায়–
(১)গৰমৰ পৰা সকাহ পাবলৈ বহুতেই শীতল পানীয়ৰ ওপৰত ভৰসা ৰাখে৷ চিকিৎসকৰ মতে শীতল পানীয়ত ফছফৰিক এচিড থাকে৷ অত্যধিক শীতল পানীয় সেৱন কৰিলে দেহত ফছফৰিক এচিড জমা হ’বলৈ ধৰে৷ এইবিধ উপাদান হাড় ক্ষয় হোৱাৰ অন্যতম কাৰণ৷
(২)ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ প্ৰাণীজ প্ৰ’টিন অপৰিহাৰ্য৷ স্বাস্থ্য বিশেষজ্ঞসকলে সেই বাবে দৈনিক খাদ্য তালিকাত মাছ-মাংস বা কণী ৰাখিবলৈ কয়৷ কিন্তু অত্যধিক মাত্ৰাত মাছ-মাংস বা কণী খোৱাৰ অভ্যাসে হাড়ৰ ক্ষয় কৰে৷
(৩)নিমখে অকল ৰক্তচাপেই নবঢ়ায়, ই হাড়ৰ ক্ষতিও কৰে৷ হাড় মজবুত কৰি ৰাখিবলৈ কেঁচা নিমখ খোৱাৰ অভ্যাস পৰিহাৰ কৰক৷ কেঁচা নিমখে হাড়ৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে কেলছিয়ামৰ পৰিমাণ কমাই দিয়ে৷ সেয়ে অত্যধিক নিমখ খোৱাৰ পৰা বিৰত থাকক৷
(৪) কফিয়ে মূৰৰ বিষ কমায়৷ কিন্তু ইয়াত থকা কেফেইনে হাড়ত সমস্যাৰ সৃষ্টি কৰে৷ কম বয়সত হাড়ৰ ক্ষয় হোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰাপক্ষত কফি নোখোৱাকৈ থাকক৷