Logo
image

অসম তথা উত্তৰ-পূবৰ ৰাজ্যত প্ৰকৃতিৰ বিদ্ৰোহ

সমগ্ৰ দেশৰ ভিতৰতে জীৱ বিচিত্ৰতাৰ এক লীলাভূমি হ’ল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ৷ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, জীৱ-জন্তুৰ লগতে নদ-নদী, জলাশয়, বিল আদিয়ে পাৰিপাশ্বিৰ্কতা ৰক্ষাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক অনবদ্য প্ৰাকৃতিক সৌন্দৰ্য প্ৰদান কৰিছে৷ সময়ৰ লগে লগে ঔদ্যোগিক উন্নয়ন তথা নগৰ-চহৰ, গ্ৰামাঞ্চলৰ উন্নয়নৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ, ব্যক্তিগত, চৰকাৰী-বেচৰকাৰী আৱাসসমূহ নিৰ্মাণ আদিৰ ফলত সমগ্ৰ ভাৰততে তথাকথিত বিকাশৰ গতিধাৰা ত্বৰান্বিত হ’ল৷ লক্ষণীয় বিষয়, এই বিকাশৰ বাবে দেশৰ বহু বনাঞ্চল ধবংস হ’ল, বহু জলাশয় পুতি পেলোৱা হ’ল, পৰ্বত-পাহাৰ ধবংস কৰা হ’ল৷ মানুহৰ প্ৰয়োজন পূৰণ কৰাৰ তাগিদাত এই প্ৰক্ৰিয়া সৰ্বত্ৰ অব্যাহত আছে আৰু থাকিবও৷ ইফালে এনে কামবোৰৰ মাজতে মানুহৰ যান্ত্ৰিক জীৱন, আধুনিক জীৱনৰ চাহিদাবোৰ পূৰণৰ বাবে বজাৰত আবিৰ্ভাৱ হৈ থকা নিত্য-নতুন সামগ্ৰীসমূহৰ যোগেদি মানুহৰ জীৱনলৈ সুখ [?], স্বাচ্ছন্দ্য আহিছে যদিও এইবোৰেও প্ৰকৃতিলৈ সৃষ্টি কৰিছে বহু প্ৰত্যাহ্বানৰ৷ এনেবোৰ প্ৰক্ৰিয়াৰ সৈতে দেশৰ মানুহে সহবাস কৰাৰ অভ্যাস কৰি লৈছে যদিও সকলোকে আকৌ লাগে বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ৷ প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ সৈতে দিন কটোৱাৰ উদ্দেশ্যে মানুহে ঢাপলি মেলে চিমলা, নাইনিতাল, শ্বিলঙকে ধৰি বহু স্থানলৈ৷ বৰ্তমান সময়ত পৰ্যটন এক গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে চিহ্নিত হোৱাৰ বাবে অসমৰ লগতে মেঘালয়, অৰুণাচল, মণিপুৰ, নাগালেণ্ড আদি ৰাজ্যই পৰ্যটনৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ সঞ্জয় দত্ত, ছালমান খান, আমীৰ খানকে ধৰি বহু প্ৰখ্যাত অভিনেতা-অভিনেত্ৰীয়ে অৰুণাচলৰ সৌন্দৰ্যক সামাজিক মাধ্যমৰ লগতে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ কৰিছে৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে ছালমান খানৰ সৈতে চাইক্লিং কৰাৰ দৃশ্য নিজৰ পেজত প্ৰকাশ কৰিছে৷ নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল এতিয়া দেশৰ ভিতৰতে এক উল্লেখযোগ্য ভেষ্টিভেলৰূপে পৰিগণিত হৈছে৷ মেঘালয়ৰ শ্বিলং-চেৰাপুঞ্জীৰ লগতে ডাউকী, মাওলিনং আদি বহু অঞ্চল পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই মেঘালয়ৰ বহু ভিতৰুৱা পাৰ্বত্য অঞ্চলৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ উদ্দেশ্যে নতুন নতুন পদক্ষেপ আৰম্ভ কৰিছে৷ উত্তৰ-পূবৰ বাকী ৰাজ্যবোৰৰ তুলনাত অসমৰ প্ৰাকৃতিক, সামাজিক-সাংস্কৃতিক পৰিৱেশত ভিন্নতা থকাৰ বাবে অসমো দেশৰ বহু লোকৰ বাবে আকৰ্ষণৰ স্থলী৷ কামাখ্যা মন্দিৰৰ লগতে এশিঙীয়া গঁড়ৰ বাসস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদেশী লোকে ভিৰ কৰা পৰিলক্ষিত হয়৷ ইয়াৰ উপৰি চৰকাৰে অসমৰ আন বহু স্থানকো পৰ্যটনৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ বাবে লাহে লাহে এইবিলাক স্থানো আগবাঢ়িছে৷ স্থানীয়ভাৱে সম্প্ৰদায় ভিত্তিক, জনগোষ্ঠীয় লোকে প্ৰকৃতিৰ লগত সংলগ্ন আৰু সামাজিক বিভিন্ন দিশৰ ভিত্তিত উৎসৱসমূহ অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে অসমত এনে উৎসৱসমূহৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷

মানুহে জীয়াই থকাৰ তাড়নাত, নিজৰ জাতি-জনগোষ্ঠীৰ ঐতিহ্য ৰক্ষাৰ উদ্দেশ্যে উৎসৱ-পাৰ্বন অনুষ্ঠিত কৰাটো স্বাভাৱিক বিষয়৷ বাণিজ্যিক দিশৰ পৰাও এই পদক্ষেপসমূহৰ গুৰুত্ব আছে বাবে মানুহে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷ কিন্তু প্ৰশ্ন হ’ল প্ৰকৃতিৰ যিবোৰ সমল, উপাদানক লৈ আমি সকলো আগবাঢ়িছো সেই অনুপাতে অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে এইবোৰৰ সুৰক্ষা, অস্তিত্বৰ বাবে কিমান যত্নপৰ হৈছোঁ? অসমৰ নদ-নদীবোৰ অস্বাভাৱিকভাৱে শুকাই আহিছে, ৰাজ্যৰ ৪৪খন নদী ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে৷ এফালে গংগাবিলাস যাত্ৰীৰ নামত বিৰাট ঢাক-ঢোল; আনফালে বিপৰ্যয়ৰ দিশে ব্ৰহ্মপুত্ৰ নদকে ধৰি অসমৰ প্ৰায়বোৰ নদী! বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতি, জলচৰ জীৱৰ আৱাসস্থলী বিল, জলাশয়সমূহ পুতি পেলোৱা হৈছে জীৱশ্ৰেষ্ঠৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে৷ দীপৰ বিল, বৰবিল, বিলমুখ আদি বৃহৎ জলাশয়সমূহ সংকুচিত কৰি পেলোৱা হ’ল৷ ফ’ৰলেন নিৰ্মাণৰ নামত গছ-গছনি কাটি খাস্তাং কৰা হ’ল, সৰু-বৰ জলাশয়, পুখুৰী পুতি পেলোৱা হ’ল, পাহাৰ খন্দা হ’ল– কিন্তু সমান্তৰালকৈ এক মানুহ সৃষ্ট প্ৰকৃতি-বিৰোধী কাম-কাজৰ বাবে সৃষ্টি হোৱা অৱক্ষয়ক ৰোধৰ বাবে কিমান নতুন পুখুৰী খন্দা হ’ল, গছ-গছনি ৰোপণ কৰা হ’ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত কংগ্ৰেছ চৰকাৰ থকাৰ সময়তে উদাত্তকণ্ঠে ঘোষণা কৰিছিল যে গুজৰাটত ব্ৰহ্মপুত্ৰৰ দৰে এখন নদ থকা হ’লে পানী সকলোৰে বাবে সহজলভ্য কৰি তুলিলেহেঁতেন৷ মোদীৰ সেই উক্তি বহু বছৰ পাৰ হৈ গ’ল৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ এনে পৰ্যায়লৈ হ্ৰাস পাইছে যে কিছু কিছু স্থানত ব্ৰহ্মপুত্ৰ খোজকাঢ়িয়ে মানুহে বহু দূৰলৈ যাব পৰা হ’ল৷ ব্ৰহ্মপুত্ৰ আৰু উপনৈ শুকাই যোৱাৰ লগতে আন হাইড্ৰ’লজিকেল কাৰণৰ বাবে ৰাজ্যৰ সকলো স্থানতে ভু-তল জলো দুষ্প্ৰাপ্য হৈ পৰিছে৷ আনহাতে অস্বাভাৱিকভাৱে মৌচুমীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিদায় লোৱাৰ বাবে অসমকে ধৰি আটাইকেইখন ৰাজ্যতে বৰষুণৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পাইছে৷ দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী, নগাঁও, নলবাৰী, শিৱসাগৰ, শিলচৰ তালিকাভুক্ত হৈছে৷ মুঠতে জীৱন-বিচিত্ৰতাৰ লীলাভূমি, সৌন্দৰ্যৰ আকৰ স্বৰূপ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এতিয়া প্ৰকৃতিয়ে বিদ্ৰোহ আৰম্ভ কৰিছে৷ এই বিদ্ৰোহত অৱশ্যেই মানুহেও ভুক্তভোগী হ’ব৷