Logo
image

মুম্বাইৰ হোটেলত অপকৰ্মত লিপ্ত টিভি অভিনেত্ৰীক গ্ৰেপ্তাৰ

আমাৰ অসম, ৬ জানুৱাৰীঃ দ্য মাৰ্কটিক কট্ৰ’ল ব্যুৰ’ চমুকৈ  এন চি বিৰ মাণ্ডলিক সঞ্চালক সমীৰ ৱাংখেড়েৰ নিৰ্দেশ মৰ্মে এন চি বি আৰু মুম্বাই আৰক্ষীৰ এটা যৌথ দলে দেওবাৰে মুম্বাইৰ মীৰা ভায়ান্দৰ এলেকাৰ এখন হোটেলত অভিযান চলাই দক্ষিণৰ টলীউড ইণ্ডাষ্ট্ৰিৰ অভিনেত্ৰী শ্বেতা কুমাৰী, ড্ৰাগ্‌ছ সৰবৰাহকাৰী চান্দ শ্বেইখ আৰু ছাইদক গ্ৰেপ্তাৰ কৰে৷ অভিযানৰ সময়ত শ্বেতা ছাইদক  ‘মেফেড্ৰোন’সহ হাতে-লোটে ধৰা পেলায়৷ তেওঁলোকে হোটেলৰ এটা কোঠাত ড্ৰাগ্‌ছৰ লেনা-দেনা কৰি আছিল৷ অভিনেত্ৰী শ্বেতা কুমাৰীয়ে ড্ৰাগ্‌ছ চক্ৰৰ সৈতে যোগাযোগৰ কথা অস্বীকাৰ কৰিলেও তেওঁৰ ঘৰত তালাচী চলাই কিছু পৰিমাণে ‘মেফেড্ৰোন’ পোৱা গৈছে৷ এন চি বিৰ বিষয়াসকলে চান্দ শ্বেইখৰ মোবাইলত ড্ৰাগ্‌ছ সৰবৰাহৰ কিছু ভিডিঅ’ লাভ কৰিছে৷ তদন্তকাৰী দলে অধিক তথ্যৰ বাবে শ্বেতাৰ মোবাইল জব্দ কৰিছে৷ জব্দকৃত ‘মেফেড্ৰোন’খিনিৰ বজাৰ মূল্য আনুমানিক ১০কোটি টকা৷