Logo
image

দলগাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ

আমাৰ অসম, ২০ ফেব্ৰুৱাৰীঃ দৰং জিলাৰ দলগাঁৱৰ অন্তৰ্গত বেছিমাৰীত ড্ৰাগছ সৰবৰাহকাৰী দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ দেওবাৰে নিশা এক অভিযানত দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন গগৈৰ নেতৃত্বত আৰক্ষীয়ে তালাচী চলাই ।বেছিমাৰীত দুজন যুৱকে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় দলগাঁও থানাৰ আৰক্ষীয়ে ৷ যুৱক দুজনে ই-ৰিস্কাৰে বটাবাৰী পৰা বেছিমাৰীৰ দিশে গৈ থকা অৱস্থাত বেছিমাৰীত প্লাষ্টিকৰ ১৩ কন্টেনাৰ সহ ২৩ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ যুৱক দুজন ৫ নং বৰুৱাঝাৰৰ  বাহাৰুল ইছলাম আৰু  আতাউৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ দলগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি দুয়োজনক জেললৈ প্ৰেৰণ কৰে।