Logo
image

বিদ্বেষ আৰু ক্ষমতাৰ যুঁজে সংকটাপন্ন কৰিছে জীৱকুল

ছোভিয়েট বাহিনীক পোলেণ্ডৰ পৰা বহিষ্কাৰ কৰাত অগ্ৰণী ভূমিকা লোৱা বিশিষ্ট ইতিহাসবিদ আডাম মিছনিকে বিপ্লৱ সম্পৰ্কে কৈছিল যে বিপ্লৱৰ দুটা ভাগ আছে৷ প্ৰথমটো হৈছে স্বাধীনতাৰ বাবে কৰা সংগ্ৰাম, যিয়ে মানুহক অনুপ্ৰেৰণা যোগায় আৰু মানুহৰ শ্ৰেষ্ঠখিনি উজাৰি দিবলৈ ইচ্ছা জগাই তোলে৷ আনহাতে, দ্বিতীয়বিধ হৈছে ক্ষমতাৰ বাবে কৰা সংগ্ৰাম৷ এইবিধ সংগ্ৰামতহে ঈৰ্ষা, লোভ, সন্দেহ, প্ৰতাৰণা, প্ৰতিশোধৰ ইচ্ছা, অহমিকা, স্বাভিমান আদিয়ে গা কৰি উঠে৷ বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত গা কৰি উঠা যুদ্ধ বিভীষিকাৰ মূলতে কিন্তু বিপ্লৱৰ দ্বিতীয় সংজ্ঞাটোহে প্ৰযোজ্য৷ সাম্প্ৰতিক সময়ত বিশ্বৰ ইখন দেশে সিখন দেশৰ ওপৰত কৰা আক্ৰমণসমূহে মানৱ অধিকাৰক চিতাত তুলাৰ লগতে বিশ্ব অৰ্থনীতিতো বিশেষ প্ৰভাৱ পেলাইছে৷ কেইবছৰমান পূৰ্বে আফগানিস্তানৰ গৃহভূমিত আমেৰিকাৰ অনাকাংক্ষিত হস্তক্ষেপে যিদৰে ভয়াৱহতাৰ সৃষ্টি কৰিছিল, ছিৰিয়াৰ ক্ষেত্ৰত ৰাছিয়া আৰু চীনৰ হস্তক্ষেপে পৰিস্থিতিক যিদৰে অধিক বিষময় কৰি তুলিছিল, সেইদৰে বিগত প্ৰায় এবছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধয়ো মানৱতা, পৰিৱেশ আৰু অৰ্থনীতিক শেষ কৰি পেলাইছে৷ এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ পুতৌলগা ভূমিকাই জীৱকুললৈ আৰু শংকা কঢ়িয়াই আনিছে৷ কেইবছৰমান পূৰ্বে ছিৰিয়াৰ আইছিছ অধ্যুষিত ইকলিব প্ৰদেশৰ খান শ্বেইখুন চহৰত বিষাক্ত ৰাসায়নিক ছাৰিন গেছৰ আক্ৰমণ সংঘটিত হোৱাৰ ফলত তাত শতাধিক লোকৰ মৃত্যু হোৱাৰ বাদেও বিশ্বৰ ৰাজনীতি আৰু অৰ্থনীতি অস্থিৰ হৈ পৰিছিল৷ যুদ্ধক্ষেত্ৰত নিষিদ্ধ ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি নিজ দেশৰে অসামৰিক লোকক হত্যা কৰা ছিৰিয়াক আমেৰিকাই যি প্ৰত্যাক্ৰমণ কৰিছিল, সেই প্ৰত্যাক্ৰমণৰ সমৰ্থন জনোৱাৰ বিপৰীতে ছিৰিয়াৰ পক্ষত থিয় দিছিল বিশ্বৰ দুই মহাশক্তি ৰাছিয়া আৰু চীন৷ এটা কথা নিশ্চিত আছিল যে নিজৰ অহমিকা, স্বাভিমান আৰু ক্ষমতাপিপাসু মানসিকতাৰ বাবেই সেই সময়ত চীন আৰু ৰাছিয়াই ছিৰিয়াৰ পক্ষ দিছিল৷ বিগত এবছৰ ধৰি অহমিকা আৰু ক্ষমতাৰ বাবে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত যি অমানৱীয় আক্ৰমণ চলাই আছে, তাকে দেখি স্তম্ভিত বিশ্বৰ জনতা৷ ৰাছিয়াৰ কাৰ্যকলাপক বিশ্বৰ অধিকাংশ দেশে বিৰোধিতা কৰিলেও তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ৰাছিয়াৰ৷ ৰাষ্ট্ৰসংঘৰ ভূমিকা সঁচাকৈয়ে পুতৌলগা৷ এনে এক স্পৰ্শকাতৰ সময়ত পৰিস্থিতি আৰু ভয়াৱহ কৰি তুলিছিল গুৰু-গোসাঁই নমনা উত্তৰ কোৰিয়াৰ বদ মেজাজী ৰাষ্ট্ৰপ্ৰধান কিম জং উনৰ কিছুমান কাৰ্যকলাপে৷ ৰাষ্ট্ৰসংঘ বা বিশ্বৰ সচেতন মহলৰ সকীয়নিক অংগুষ্ঠ প্ৰদৰ্শন কৰি ইটোৰ পাছত সিটোকৈ উত্তৰ কোৰিয়াই যি পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ কাৰ্যপ্ৰণালী লৈছিল, সিয়ে অনাগত দিনত বিশ্বৰ পৰিস্থিতি অতিশয় ভয়াৱহ কৰি তুলিব পাৰে৷ এই সময়ত ৰাষ্ট্ৰসংঘৰ ভূমিকা উল্লেখনীয় হ’ব লাগিছিল যদিও বিশ্ববাসীয়ে তেনে একো পদক্ষেপ দেখিবলৈ পোৱা নাই৷ সঁচা অৰ্থত বৰ্তমানৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰসংঘক ভ্ৰূক্ষেপ কৰিবলৈ কাৰো আহৰি নাই৷ এটা কথা অপ্ৰিয় হ’লেও সঁচা যে বৰ্তমান বিশ্বৰ এনে পৰিস্থিতিৰ বাবে মূলতে আমেৰিকাই দায়ী৷ আমেৰিকাৰ পৰোক্ষ উদ্‌গনিত গা কৰি উঠা সন্ত্ৰাসবাদ এতিয়া এটা বৃহৎ উদ্যোগত পৰিণত হৈছে৷ সন্ত্ৰাসবাদ নিৰ্মূলকৰণে বহু দেশৰে অৰ্থনীতিত মোক্ষম আঘাত হানিব৷ সেয়েহে সন্ত্ৰাসবাদ নিৰ্মূলকৰণত প্ৰতিজ্ঞাবদ্ধ হ’লেও বিশ্বৰ বহুকেইখন আগশাৰীৰ দেশে পৰোক্ষভাৱে ইয়াক উদ্‌গনিহে যোগাই আহিছে৷ উন্নয়নৰ বাবে লোৱা গোলকীকৰণৰ সংজ্ঞাক ধোঁৱাচাঙত তুলি বৰ্তমান বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ দেশেই কেৱল নিজ স্বাৰ্থ সিদ্ধিৰ যুঁজ-বাগৰত লাগি পৰিছে৷ তেলকেন্দ্ৰিক ৰাজনীতি, কূটনীতি আৰু আগ্ৰাসনৰ বাবেই মধ্যপ্ৰাচ্যৰ সাধাৰণ নাগৰিকে কটাবলগীয়া হৈছে দুৰ্বিষহ জীৱন৷ এনে পৰিস্থিতি আৰু আগ্ৰাসন যদি বাহাল থাকে, বিশ্বৰ সমগ্ৰ জীৱকুল কিন্তু ধবংস হ’বলৈ বেছিদিন নাই৷