Logo
image

শ্ৰদ্ধা-হত্যা পোহৰলৈ নাহোঁতেই ৰক্তাক্ত হৈছিল বন্দনাৰ হাত

ডিজিটেল ডেস্কঃ দেশ কপাই যোৱা চাঞ্চল্যকৰ শ্ৰদ্ধা হত্যাকাণ্ড পোহৰলৈ নাহোতেই গুৱাহাটী মহানগৰীত ৰক্তাক্ত হৈছিল বন্দনা কলিতাৰ হাত৷ সমগ্ৰ দেশৰ লগতে অসমতো যেন কোনো লোকক হত্যা কৰি ফ্ৰীজত ভৰাই থোৱাৰ এক নতুন ট্ৰেণ্ড আৰম্ভ হৈছে৷ অৱশ্যে বন্দনা কাণ্ডত মৃতদেহ দুটা ফ্ৰীজত ৰখা নাছিল বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই স্পষ্ট কৰি দিয়ে৷ দিল্লী-মুম্বাইৰ বীভৎস ঘটনাৰ অনুকৰণত গুৱাহাটী মহানগৰীত সংঘটিত স্বামী শাহুক হত্যাকাণ্ডৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে৷ প্ৰাৰাম্ভিক অৱস্থাত হত্যাকাৰী বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দে সন্ধানহীন হোৱা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিয়ে৷ আৰক্ষীৰ জেৰাত বাৰম্বাৰ ভাষ্য সলনি কৰা বন্দনা কলিতাই বিবাহ বিচ্ছেদৰ জাননী দিয়াৰ বাবেই স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দেই পলায়ন কৰা বুলি স্বীকাৰোক্তি দিয়ে আৰক্ষীৰ আগত৷ এইবাৰ নাগালেণ্ডৰ পৰা অহা এজন লোকে স্বামী আৰু শাহুক অপহৰণ কৰি হত্যা কৰা বুলি বন্দনাই আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে৷ শেহতীয়াকৈ স্বামী অমৰজ্যোতি দেই শাহু শংকৰী দেক হত্যা কৰাৰ বাবেই স্বামীক হত্যা কৰা বুলি বন্দনাই আৰক্ষীৰ আগত স্বীকাৰ কৰে৷ আৰক্ষীৰ উপৰ্যপৰি জেৰাত বন্দনা কলিতাই বন্ধু ধন্তি ডেকা আৰু অৰুন ডেকাৰ সহযোগত স্বামী আৰু শাহুক হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ মুলতঃ ধন সম্পত্তি আৰু পৰকীয়া প্ৰেমৰ বাবেই বনন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰাৰ তথ্য আৰক্ষীৰ প্ৰাথমিক তদন্ত প্ৰকাশ পাইছে৷ উল্লেখ্য যে বন্দনা কলিতাৰ শাহু শংকৰী দেৰ নামত নাৰেংগী, চানমাৰি আৰু লালগনেশত পাঁচটাকৈ অট্টালিকা আছে৷ এই পাঁচটা অট্টালিকাৰ পৰা প্ৰতি মাহে পাঁচ লাখ টকা ভাৰা সংগ্ৰহ কৰে৷ ভাৰা ঘৰৰ পৰা সংগ্ৰহ কৰা পাঁচ লাখ টকা ড্ৰাগ আসক্ত স্বামী অমৰজ্যোতি দেই ড্ৰাগ সেৱন আৰু গাৰ্ল ফ্ৰেণ্ডৰ লগত ব্যয় কৰি আছিল৷ পুত্ৰৰ কাম-কাজত অতিষ্ঠ হৈ মাতৃ শংকৰী দেই ভাৰা ঘৰৰ টকা সংগ্ৰহ কৰিবলৈ ভতিজা নিৰ্মল্য দেক দায়িত্ব অৰ্পন কৰে৷ তেতিয়াৰে পৰা ভতিজা নিৰ্মল্য দেই ভাৰা ঘৰৰ ধন সংগ্ৰহ কৰি আছিল৷ ইয়াকে লৈ বন্দনা কলিতাই স্বামী অমৰজ্যোতি দাসৰ লগত প্ৰায়েই সংঘাত হৈছিল৷ শাহুৰ ধন-সম্পত্তি নিজৰ নামত কৰিবলৈ বন্দনা কলিতাই দুই বন্ধু ক্ৰমে ধন্তি ডেকা আৰু অৰূপ ডেকাৰ লগত লগ লাগি স্বামী আৰু শাহুক হত্যা কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল৷ ইপিনে,  ভাৰা ঘৰৰ ধন সংগ্ৰহক লৈ বন্দনা কলিতাই ভতিজা নিৰ্মল্য দেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বিপৰীতে নিৰ্মল্য দেই বন্দনা কলিতাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল৷ এই সন্দৰ্ভত আজি গুৱাহাটীৰ পাণবজাৰস্থিত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে যোৱা ২৯ আগষ্টত বন্দনা কলিতাই তেওঁৰ স্বামী অমৰজ্যোতি দে [৩৩] আৰু শাহু শংকৰী দে [৬২] সন্ধান হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৫৬/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ শাহু শংকৰী দে এপিডিচিএলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল আৰু কোটি কোটি টকাৰ সম্পত্তিৰগৰাকী আছিল৷ ইপিনে, ভতিজা নিৰ্মল্য দেই পেহী শংকৰী দে আৰু ভাতৃ অমৰজ্যোতিক অপহৰণ কৰা বুলি নুনমাটি থানাত যোৱা ২১ নৱেম্বৰত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৬৫/৩৮২/৩০২/৩০১ নং ধাৰাৰ অধীনত থানাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ যোৱা ১৪ ফেব্ৰুৱাৰীত বন্দনা কলিতাই আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তক সাক্ষাৎ কৰি স্বামী আৰু শাহুৰ সন্ধানহীন সন্দৰ্ভত তদন্ত কৰিবলৈ দাবী জনায়৷ আনহাতে, ভতিজা নিৰ্মল্য দেই যোৱা ১৪ ফেব্ৰুৱাৰীত চি আই ডিৰ ডি আই জি ইন্দ্ৰানী বৰুৱাক সাক্ষাৎ কৰি মহানগৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট প্ৰকাশ কৰি পেহী আৰু ভাতৃৰ অপহৰণৰ ঘটনাটো তদন্ত কৰিবলৈ দাবী জনাই পত্ৰ প্ৰদান কৰে৷ পত্ৰ লাভ কৰি চি আই ডিৰ ডিআইজিয়ে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক অমৰজ্যোতি আৰু শংকৰী দেৰ অপহৰণ কাণ্ড তদন্ত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ সেই অনুসৰি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই গুৱাহাটীৰ মধ্য জিলাৰ এডিচিপি কল্যাণ পাঠকৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী গোট গঠন কৰি দিয়ে৷ এডিচিপি কল্যান পাঠকে বন্দনা কলিতাক দুদিন একেৰাহে উপৰ্যপৰি জেৰা কৰাত বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ ২৬ জুলাইত বন্দনা আৰু ধন্তি ডেকাই চানমাৰিৰ ফ্লেটলৈ আহি শাহু শংকৰী দেক মুখত গাৰোৰে হেচি হত্যা কৰি দাৰে টুকুৰা টুকুৰ কৰি পলিথিনত ভৰাই পিছদিনা পুৱা গাড়ীৰে মৃতদেহ মেঘালয়ৰ চেৰাপুঞ্জীত পেলাইছিল৷ ১৭ আগষ্টত নাৰেংগীৰ তিনি তিনি আলিৰ ঘৰত গৈ বন্দনা, ধন্তি আৰু অৰূপ ডেকাই লোৰ ৰডেৰে অমৰজ্যোতি দেৰ মুৰত প্ৰহাৰ কৰি হত্যা কৰি দাৰে প্ত টুকুৰা কৰি ধন্তিৰ এক্সেন গাড়ীত উঠাই নি মেঘালয়ৰ ডাউকীৰ গভীৰ অৰণ্যত পেলাই দিছিল৷ যোৱা ১৮ আগষ্টত নুনমাটি আৰক্ষী আৰু মেঘালয় আৰক্ষীয়ে যুটীয়াভাৱে চেৰাপুঞ্জীত অভিযান চলাই শংকৰী দেৰ মৃতদেহৰ কেতবোৰ অংগ প্ৰত্যংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে এতিয়াও আৰক্ষীয়ে অমৰজ্যোতি দেৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ শীঘ্ৰেই অমৰজ্যোতিৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা যাব বুলি আৰক্ষীয়ে দাবী কৰিছে৷ ১২ বছৰ পূৰ্বে দুয়োটা পৰিয়ালৰ অমতত অমৰজ্যোতি আৰু বন্দনা বিবাহ পাশত আৱদ্ধ হৈছিল৷ অমৰজ্যোতি দেই ড্ৰাগ সেৱন কৰিছিল৷ তদুপৰি অমৰজ্যোতিৰ বহু গাৰ্ল ফ্ৰেণ্ড আছিল৷ এইলৈ স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল৷ পুত্ৰৰ কাম কাজত অতিষ্ঠ হৈ মাতৃ শংকৰী দেই নাৰেংগীৰ ঘৰৰ পৰা ওলাই গৈ চানমাৰিৰ নিজৰ ফ্লেটত অকলশৰীয়াকৈ বাস কৰি আছিল৷ অমৰজ্যোতিৰ স্বভাব চৰিত্ৰৰ বাবেই বন্দনাই বন্ধু ধন্তি ডেকা আৰু অৰূপ ডেকাৰ সহযোগত স্বামী আৰু শাহুক হত্যাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল৷ স্বামী আৰু শাহুক হত্যা কৰি যোৱা ২৬ জানুৱাৰীত চানমাৰিত থকা মৃত শাহুৰ ফ্লেটলৈ গৈ চাফ চিকুন কৰিবলৈ গৈছিল বন্দনা আৰু ধন্তিয়ে৷ ইতিমধ্যে আৰক্ষীয়ে বন্দনাৰ কবলৰ পৰা স্বামীৰ মবাইল ফোন আৰু শাহুৰ মবাইল ফোন আৰু এটিএম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে ডাবুল মাৰ্ডাৰ গোচৰত বন্দনা, ধন্তি আৰু অৰূপক গ্ৰেপ্তাৰ কৰা হৈছে৷ আদালতে ধৃত বন্দনাক চাৰি দিনৰ বাবে আৰু বন্ধু ধন্তি আৰু অৰূপক ৭ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে৷ ধৃত ধন্তি এজন গাড়ী চালক আৰু অৰূপ এজন শাক-পাচলিৰ ব্যৱসায়ী৷ আনহাতে, সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে মাতৃ-পুত্ৰৰ মৃতদেহ ফ্ৰীজত নহয় পলিথিনতহে ৰাখিছিল৷ মাতৃ-পুত্ৰৰ হত্যা কাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে কোনো ধৰণৰ গাফিলতি কৰা নাই বুলি আৰক্ষী আয়ুক্তজনে দাবী কৰিছে৷ উল্লেখ্য, স্বামী হত্যাৰ কৰাৰ চাৰিদিনৰ পিছত বন্দনাই নাৰেংগীৰ ঘৰত সত্য নাৰায়ণ পূজা অনুষ্ঠিত কৰিছিল৷ তদুপৰি বন্দনাই পিতৃ-মাতৃৰ সহযোগত বন্দনাই ঘৰৰ চাদৰ ওপৰত মৃত স্বামী অমৰজ্যোতি দেৰ কাপোৰ কানি জ্বলাই সাক্ষ্য প্ৰমাণ নষ্ট কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ আনহাতে বন্দনাৰ পিতৃ কামিনী কলিতাই কন্যা যদি হত্যা কাণ্ড কৰিছে তেন্তে বন্দনাক গুলীয়াই হত্যা কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে৷ উল্লেখ্য যে,  আৰক্ষীৰ এটা উচ্ছস্তৰীয় সূত্ৰে জানিব পৰা মতে মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ যুৱতী গৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনলৈ স্বামী স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও উচ্ছাকাংক্ষী পত্নী বন্দনাৰ ধনজিত ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পাৰি স্বামী অমৰজ্যোতি দে আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল৷ ইপিনে অমৰজ্যোতি দেৰ মাতৃ শংকৰী দেৰ নামত মহানগৰীৰ চান্দমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল৷ তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল৷ ইয়াৰে অন্য চাৰিটা অট্টালিকা ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দেৰ মোমায়েকৰ ভাতৃয়ে৷ ইয়াকে লৈ পত্নী বন্দনা কলিতা ক্ষুণ্ণ হৈ পৰিছিল৷ এনে কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দেৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল৷ এনে সময়তে প্ৰায় ৭ মাহ পূৰ্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দে নিৰুদ্দেশ হৈ থকা বুলি বন্দনাই নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীন সম্পৰ্কীয় গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে৷ এই তদন্ত চলি থকা সময়তে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰি শাহুৰ পাঁচটা একাউণ্টৰ ধন অমৰজ্যোতি দেৰ সম্পৰ্কীয় ভাতৃয়ে হৰলুকী কৰাৰ অভিযোগ কৰি ঘটনাৰ তদন্ত বিচাৰে আৰক্ষীৰ পৰা৷ আৰক্ষীয়ে এই পাঁচটা একাউণ্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্ম ভাবে তদন্ত কৰি ইয়াৰ এটা একাউণ্টৰ পৰা বন্দনাই এ টি এম ব্যৱহাৰ কৰি পাঁচ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে৷ এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে৷ পিছত আৰক্ষীয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক আটক কৰে৷ আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দেক হত্যা কৰা ঘটনা নিজ মুখে স্বীকাৰ কৰে৷ আৰক্ষীৰ জেৰাত বন্দনাই প্ৰথমে শাহু শংকৰী দেক চনমাৰীৰ অট্টালিকাত অৰূপ দাস নামৰ যুৱক জনৰ সহযোগত মুখত সোপা দি হত্যা কৰি মৃতদেহটো দাৰে টুকুৰা টুকুৰ কৈ কাটি ফ্ৰীজত তিনিদিন ধৰি ভৰাই ৰখা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ তিনিদিন পিছত বন্দনাই পুনৰ নাৰেংগীস্থিত নিজৰ বাস ভৱনত স্বামী অমৰজ্যোতি দেক ধনজিত ডেকাৰ সহযোগত ডিঙি চেপি নৃশংস ভাবে হত্যা কৰে৷ পিছত অমৰজ্যোতি দেক দাৰে কাটি টুকুৰা টুকুৰ কৰি পলিথিনত ভৰাই থয়৷ পিছত মাতৃ পুত্ৰৰ মৃতদেহ দুটা ধনজিত ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয়৷ ডাউকিত উপস্থিতহৈ তিনি হত্যাকাৰী মিলি মৃতদেহৰ টোপোলা দুটা পথৰ দাঁতিৰ দ খাৱৈত পেলাই দিয়ে৷ এই বিস্ফোৰক তথ্য লাভ কৰাৰ পিছতো আৰক্ষীয়ে ধনজিত ডেকাক কালি তিনিচুকীয়াৰ পৰা আৰু অৰূপ দাসক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰি নুনমাটি থানালৈ আনে৷ কালি পুৱাৰ ভাগত নুনমাটি আৰক্ষীয়ে তিনি হত্যাকাৰীক লগত লৈ মেঘালয়ৰ ডাউকিত উপস্থিত হয়৷ আৰক্ষীৰ দলটোৱে দ খাৱৈত অভিযান চলায় মৃতদেহ দুটাৰ কেতবোৰ অংগ-প্ৰত্যঙ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই দুটা হত্যা কেন্দ্ৰত এক বৃহৎ চক্ৰ জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ লগতে পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ বাবে এই হত্যা কাণ্ড সংঘটিত হোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে৷