Logo
image

নিকিতাৰ হানীট্ৰেপিং যোগ পৰীক্ষা কৰিছে আৰক্ষীয়ে

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ছলনাময়ী সুন্দৰী ৰমণী নিকিতা তিৱাৰীক সোমবাৰে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলেও নিকিতাৰ মোবাইলত এতিয়া হানী ট্ৰেপিঙৰ যোগসূত্ৰ পৰীক্ষা কৰিছে মহানগৰ আৰক্ষীয়ে৷ ঠগ-প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মহানগৰীৰ ৰিহাবাৰীৰ নিকিতা তিৱাৰী নামৰ ২৮ বছৰীয়া যুৱতীগৰাকীৰ মোবাইল ফোনত বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ সুন্দৰী যুৱতীগৰাকীয়ে নিজৰ ৰূপ আৰু যৌৱনক হাথিয়াৰ কৰি লৈ মহানগৰীৰ বহু হাইপ্ৰফাইল ব্যক্তিক হানী ট্ৰেপিঙৰ জালত বন্দী কৰাৰ চাঞ্চল্যকৰ সমল  লাভ কৰা বুলিও দাবী কৰিছে গুৱাহাটী আৰক্ষীয়ে৷ মহানগৰীৰ জি এছ ৰোডৰ এখন ৱাইন শ্বপৰ পৰা ১ লাখ ৬ হাজাৰ টকাৰ সুৰা ক্ৰয় কৰি ধন পৰিশোধ নকৰাৰ অভিযোগতে ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নিকিতা তিৱাৰীক৷ নিকিতাৰ লগতে নাগালেণ্ডৰ ৰাজেশ মণ্ডল আৰু গীতানগৰৰ জ্যোতিষ্মান লহকৰ নামৰ সহযোগীদ্বয়কো বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰি দুদিনৰ জিম্মাত লৈছিল ভঙাগড় আৰক্ষীয়ে৷ অভিযোগ আছিল জি এছ ৰোডৰ ৱাইনশ্বপখনৰ মালিকৰ সৈতে ঘনিষ্ঠ আছিল স্বল্পবসনা নিকিতাৰ৷ সেই চিনাকিৰ সূত্ৰেই ৱাইন শ্বপৰ মালিকক ফোনতে ৭ ফেব্ৰুৱাৰীত ১ লাখ ৬ হাজাৰ টকাৰ মদ ক্ৰয়ৰ বন্দোৱস্তি কৰিছিল নিকিতাই৷ আনকি নিকিতাই অৰ্দাৰ দিয়া মদখিনি আনিছিল ৰাজেশ আৰু জ্যোতিষ্মানে৷ কিন্তু ধন নিদিয়াত সুৰা বিপণীখনৰ মেনেজাৰে ভঙাগড় থানাত এজাহাৰ দিয়াত বৃহস্পতিবাৰে তিনিওজনকে গ্ৰেপ্তাৰ কৰে৷ ইফালে নিকিতাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই কেঁচু খান্দোতে যেন সাপ ওলাবলৈ আৰম্ভ কৰে৷ পল্টনবজাৰ, দিছপুৰ, গড়চুক আদি কেইবাখনো থানাত নিকিতাৰ বিৰুদ্ধে ঠগ-প্ৰৱঞ্চনাৰ কেইবাটাও গোচৰ পঞ্জীয়ন হৈ থকাৰ বিস্ফোৰক তথ্য উন্মোচন হয়৷ ভঙাগড় থানাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছতেই ৪০ লাখ টকীয়া এখন স্ক’ভা বাহনৰ পঞ্জীয়ন জালিয়াতি পুৰণি গোচৰত দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰি দেওবাৰে এদিনৰ জিম্মাত লয় নিকিতাক৷ সোমবাৰে জিম্মাৰ ম্যাদ অন্ত পৰাত দিছপুৰ আৰক্ষীয়ে নিকিতাক আদালতত হাজিৰ কৰোৱাত ন্যায়ালয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ ইফালে নিকিতাৰ পৰা জব্দ কৰা মোবাইল ফোন পৰীক্ষা কৰাত কেতবোৰ আপত্তিজনক ভিডিঅ’ লাভ কৰা বুলি মহানগৰ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে৷ উক্ত ভিডিঅ’ সমূহে নিকিতাই হানী ট্ৰেপিঙত জড়িত থকাৰ ইংগিত দিয়া বুলিও আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ যাৰ বাবে নিকিতাৰ মোবাইলত লাভ কৰা ভিডিঅ’ৰ সৈতে হানী ট্ৰেপিঙৰ যোগসূত্ৰ পৰীক্ষা কৰিছে মহানগৰ আৰক্ষীয়ে৷ এই সন্দৰ্ভত শীঘ্ৰে নিকিতাক জিম্মাতলৈ পুনৰ জেৰা কৰা হ’ব বুলিও গুৱাহাটী আৰক্ষীৰ এটা শীৰ্ষ সূত্ৰই নিশ্চিত কৰিছে৷ নিকিতাৰ হানী ট্ৰেপিং জালৰ গোপন অধ্যায় ফাদিল হ’লে সমাজৰ বহু ভব্য-গব্য ব্যক্তিৰ মুখা খোল খোৱাৰো সম্ভাৱনা নুই কৰা নাই আৰক্ষীৰ সূত্ৰটোৱে৷