Logo
image

উচ্ছতৰ মাধ্যমিকৰ প্ৰথম প্ৰশ্নকাকততে ধোঁৱাকোঁৱা দেখিলে বহু পৰীক্ষাৰ্থীয়ে

ডিজিটেল ডেস্কঃ এমাহজোৰা সূচীৰে সোমবাৰৰ পৰা আৰম্ভ হ’ল ২০২৩ বৰ্ষৰ অসম উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ ২০ মাৰ্চলৈকে চলিবলগীয়া এই পৰীক্ষা অনুষ্ঠিত হৈছে ৰাজ্যৰ ৮৫৬টা কেন্দ্ৰত৷ এইবাৰ কলা শাখাত ২,৭২,৫২৯জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত ৪৭,৪৮৫জন, বাণিজ্য শাখাত ২০,৯০৭জন আৰু বৃত্তিমুখী শাখাত ১,৯৪৮জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ পৰীক্ষা আৰম্ভ হোৱাৰ পোন্ধৰ মিনিট পূৰ্বেই পৰীক্ষাৰ্থীসকলৰ হাতত তুলি দিয়া হৈছে প্ৰশ্নকাকত৷ অৰ্থাৎ নতুন নিয়ম অনুসৰি প্ৰশ্নকাকত পঢ়িবৰ বাবে পৰীক্ষাৰ্থীসকলক অতিৰিক্ত  পোন্ধৰ মিনিট সময় দিয়া হৈছে৷ পৰীক্ষা কেন্দ্ৰত পূৰ্বৰ দৰেই নিষিদ্ধ কৰা হৈছে মোবাইল, ইলেক্ট্ৰনিক ঘড়ী আৰু কেলকুলেটৰকে ধৰি সকলো ইলেক্ট্ৰ’নিক সামগ্ৰী৷ বিভিন্ন পৰীক্ষাকেন্দ্ৰত পৰীক্ষা চলি থকা সময়ছোৱাত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ প্ৰশ্নকাকত ফাদিলৰ আশংকা নাইকিয়া কৰিবৰ বাবে তথা চাইবাৰ ক্ৰাইম ৰোধ কৰিবৰ বাবে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডিআইজিৰ নেতৃত্বত গঠন কৰি দিছে বিশেষ নিৰীক্ষণ কমিটী৷ কিন্তু এইবাৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম প্ৰশ্নকাকততে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে ধোঁৱাকোঁৱা দেখিলে– এই অভিযোগ বহুসংখ্যক অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী আৰু সচেতন অভিভাৱকৰ৷ জানিব পৰা মতে কেৱল পৰীক্ষাৰ্থীয়েই নহয়, সোমবাৰে অনুষ্ঠিত ইংৰাজী পৰীক্ষাৰ প্ৰশ্নকাকত দেখি চকু কপালত উঠিছে শ শ শিক্ষক-শিক্ষয়িত্ৰী আৰু হাজাৰ হাজাৰ অভিভাৱকৰো৷ কেইবাজনো অভিজ্ঞ শিক্ষকৰ মতে– সাধাৰণতে প্ৰতিখন প্ৰশ্নকাকতত সাধাৰণ মানৰ পৰীক্ষাৰ্থীৰ বাবে ৬০ শতাংশ সৰল প্ৰশ্ন আৰু মেধাৱী পৰীক্ষাৰ্থীৰ বাবে ৪০ শতাংশ জটিল প্ৰশ্ন থাকে৷ এয়াই পৰীক্ষাৰ প্ৰশ্নকাকতৰ নিয়ম৷ এই নিয়মৰ সলনি হ’লে সেই বিষয়ে আগতীয়াকৈ ঘোষণা কৰিব লাগে৷ কিন্তু এইবাৰ উচ্ছতৰ মাধ্যমিকৰ ইংৰাজী প্ৰশ্নকাকত দেখি ত্ৰাহি মধুসূদন সুঁৱৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে৷ প্ৰশ্নকাকতখনত বুজনসংখ্যক প্ৰশ্নই আওপকীয়াকৈ সোধা হৈছে৷ উচ্ছতৰ মাধ্যমিকৰ কোমলবয়সীয়া পৰীক্ষাৰ্থীৰ বাবে আওপকীয়া প্ৰশ্নৰ উত্তৰ লিখাটো মুঠেই সহজ নহয়৷ এনে বয়সৰ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত সাধাৰণতে এনেধৰণৰ ‘এক্সপেৰিমেণ্ট’ কৰা নহয়৷ সোমবাৰৰ ইংৰাজীৰ প্ৰশ্নকাকতখনত কিছু নতুনত্ব নোহোৱা নহয়৷ আগৰ প্ৰায় আঠ বছৰৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ কোনো প্ৰশ্নৰে পুনৰাবৃত্তি নাই সোমবাৰৰ প্ৰশ্নকাকতখনত৷ কিন্তু বহু প্ৰশ্নৰ ‘পেটাৰ্ন’ ইমান আওপকীয়া যে সাধাৰণ মানৰ পৰীক্ষাৰ্থীৰ কথা বাদেই, বহু মেধাৱী পৰীক্ষাৰ্থীৰ বাবেও অধিকাংশ প্ৰশ্নই জটিল৷ ইংৰাজী ভাষাত যিসকল ছাত্ৰ-ছাত্ৰীৰ বিশেষ দখল নাই, সেইসকলৰ বাবে এইবাৰৰ ইংৰাজীৰ প্ৰশ্নকাকতখন অতি জটিল হৈছে৷ সাধাৰণ মানৰ পৰীক্ষাৰ্থীৰ বাবে ব্যাকৰণৰ কেইটামান প্ৰশ্নৰ বাহিৰে আন প্ৰশ্ন নাই বুলি ক’লেও ভুল কৰা নহ’ব৷ ‘নলেজ’ৰ প্ৰশ্ন একেবাৰে কম৷ শিক্ষা সংসদে ‘কুৱেশ্যন পেটাৰ্ন’ সলনি কৰিছে আৰু বেছিভাগ পৰীক্ষাৰ্থীক অতি মেধাসম্পন্ন বুলি ধৰি লৈছে ইংৰাজীৰ প্ৰশ্নকাকত প্ৰস্তুত কৰাসকলে৷ সোমবাৰৰ ইংৰাজীৰ প্ৰশ্নকাকতে হতাশ কৰিছে বহুসংখ্যক পৰীক্ষাৰ্থীক৷ ইফালে, সোমবাৰে বিয়লি পাঁচ বজাৰ লগে লগে উচ্ছতৰ মাধ্যমিকৰ সোমবাৰৰ ইংৰাজী পৰীক্ষাৰ প্ৰশ্নকাকতৰ উত্তৰ ইউটিউবত উপলব্ধ হোৱা আৰু হোৱাট্‌ছএপত ভাইৰেল হৈ পৰাৰ অভিযোগ উঠিছে৷ প্ৰশ্ন হয়– এখন প্ৰশ্নকাকতৰ উত্তৰ কৰিবৰ বাবে পৰীক্ষাৰ্থীক তিনি ঘণ্টা সময় লাগে৷ শিক্ষকে কৰিলে কমেও দুঘণ্টা লাগিব৷ তেনেস্থলত সোমবাৰে বিয়লি ৪.৩০ বজাত পৰীক্ষা শেষ হোৱাৰ লগে লগে ৫ বজাত সেই প্ৰশ্নকাকতৰ উত্তৰ ভাইৰেল হ’ল কেনেকৈ? এই বিষয়ে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ স্থিতি কি? এই গোটেই ঘটনাটো সন্দেহজনক নহয়নে? এই সন্দেহ মৰিষণ কৰাৰ ক্ষেত্ৰত শিক্ষা সংসদে কেনে ব্যৱস্থা গ্ৰহণ কৰিব?