Logo
image

গুৱাহাটীত আই পি এল

ক্ৰীড়াৰ আধুনিক আন্তঃগাঁথনিৰ লগতে আন আন্তঃপৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰত গুৱাহাটী বৰ্তমান দেশৰ আন ঠাইৰ তুলনাত কোনোগুণে কম নহয় বুলি ক’লেও নিশ্চয় ভুল কৰা নহ’ব৷ সেইবাবেই ফুটবল, ক্ৰিকেটৰ লগতে আন বিভিন্ন আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজনৰ সুযোগ পাইছে উত্তৰ-পূৰ্বাঞ্চলৰ এই চহৰখনে৷ ক্ৰিকেট অথবা ফুটবলৰ ৰাষ্ট্ৰীয় দলত অসমৰ কিমান খেলুৱৈয়ে স্থান পাইছে তাক লৈ প্ৰায়েই চৰ্চা চলে যদিও শেহতীয়াভাৱে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীয়ে গুৱাহাটীত দেশী-বিদেশী ক্ৰীড়া-তাৰকাৰ খেল চোৱাৰ সুযোগ পাইছে৷ ইণ্ডিয়ান ছুপাৰ লীগৰ [আই এছ এল] লগতে অনূৰ্ধ্ব ১৭ বছৰৰ বিশ্বকাপ ফুুটবল আৰু কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈছে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত৷ একেদৰে প্ৰথমে নেহৰু ষ্টেডিয়াম আৰু শেহতীয়াকৈ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে৷ এইবাৰ গুৱাহাটীয়ে সুযোগ পাইছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] খেল আয়োজনৰ৷ ২০০৮ চনৰ পৰা আৰম্ভ হোৱা আই পি এলৰ ইতিমধ্যে ১৫টা ছীজন অনুষ্ঠিত হৈছে আৰু চলিত বৰ্ষৰ টুৰ্নামেণ্টখন আৰম্ভ হ’ব ৩১ মাৰ্চৰ পৰা৷ অসম ক্ৰিকেট সন্থা দীৰ্ঘদিনৰ পৰা আই পি এলৰ খেল গুৱাহাটীত অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত আশাবাদী আছিল৷ কিন্তু বিভিন্ন কাৰণত সেয়া সম্ভৱ হোৱা নাছিল৷ কেইবছৰমান পূৰ্বে আই পি এলৰ ফ্ৰেঞ্চাইজী ৰাজস্থান ৰয়েলছৰ সৈতে অসম ক্ৰিকেট সন্থাৰ এক বুজাবুজিৰ চুক্তি হৈছিল৷ সেই অনুসৰি ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ডৰ কেইখনমান খেল গুৱাহাটীত অনুষ্ঠিত কৰাৰ কথা আছিল৷ কিন্তু ক’ভিডকালীন স্থিতিৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এলৰ ষষ্ঠদশ ছীজনৰ যি সূচী ঘোষণা কৰিছে, সেই অনুসৰি এইবাৰ টুৰ্নামেণ্টখনৰ বাবে দুখন নতুন চহৰ নিৰ্বাচন কৰা হৈছে– গুৱাহাটী আৰু ধৰমশালা৷ নিজৰ ৰাজ্যত আই পি এলৰ খেল উপভোগ কৰাৰ সুযোগ আহিছে অসমৰ ক্ৰিকেটপ্ৰেমীৰ৷ ৰাজস্থান ৰয়েলছে গুৱাহাটীক দ্বিতীয়খন হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন কৰিছে আৰু দলটোৱে গুৱাহাটীত ৫ এপ্ৰিলত পঞ্জাব কিংছ আৰু ৮ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব৷

বিশ্বত বৰ্তমান যিমানবোৰ ফ্ৰেঞ্চাইজী লীগ চলি আছে, সেইবোৰৰ ভিতৰত সবাতোকৈ চহকী আৰু জনপ্ৰিয় লীগ হৈছে আই পি এল৷ আই পি এলৰ সফলতালৈ চাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এইবাৰৰ পৰা মহিলাৰ প্ৰিমিয়াৰ লীগো আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে আৰু  অসমৰ বাবে সুখৰ খবৰ যে মহিলাৰ প্ৰিমিয়াৰ লীগৰ বাবে হোৱা নিলামত মুম্বাই ইণ্ডিয়ানছে দলত লৈছে অসমৰ জিণ্টিমণি কলিতাক৷ আনহাতে, আই পি এলত ৰাজস্থান ৰয়েলছ দলত আছে অসমৰ ৰিয়ান পৰাগ৷ তাৎপৰ্যপূৰ্ণ যে ৰাজস্থান ৰয়েলছৰ শীৰ্ষ পদবীত আছে অসমৰ  ৰঞ্জিৎ বৰঠাকুৰ৷ গুৱাহাটীয়ে আই পি এলৰ খেল আয়োজনৰ সুযোগ পোৱাৰ এয়াও এক অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে৷ ৰিয়ান পৰাগৰ পূৰ্বে অসমৰ আবু নেছিম আহমেদে আই পি এলত মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলাৰ সুযোগ পাইছে৷  আই পি এলক কেন্দ্ৰ কৰি মাজে-সময়ে বিতৰ্কৰ সৃষ্টি হ’লেও এটা কথা স্বীকাৰ কৰিবই লাগিব যে টুৰ্নামেণ্টখনে ভাৰতৰ বহু ক্ৰিকেটাৰক নিজকে প্ৰমাণ কৰাৰ সুযোগ দিছে৷ আই পি এলত দেখুওৱা প্ৰদৰ্শনৰ সূত্ৰে  কেইবাজনো ক্ৰিকেটাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ বাট মুকলি হৈছে৷ ৰিয়ান পৰাগ ইতিমধ্যে ভাৰতীয় ক্ৰিকেটত এক পৰিচিত নাম হৈ পৰিছে৷ কেইবাজনো দেশী-বিদেশী প্ৰশিক্ষকে ৰিয়ানৰ খেলক উচ্ছ প্ৰশংসা কৰিছে৷ মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশত খেলাৰ সুযোগ পালে মঙলদৈৰ ক্ৰিকেটাৰ জিণ্টিমণি কলিতায়ো দেশী-বিদেশী ক্ৰিকেটাৰৰ সান্নিধ্য লাভ কৰিব৷ এইসকল ক্ৰিকেটাৰ আৰু অভিজ্ঞ প্ৰশিক্ষকৰ সৈতে থাকি নিজৰ ভুল-ত্ৰুটিবোৰো আঁতৰোৱাৰ সুযোগ পাব৷ সেইবাবে সকলোৰে নজৰ থাকিব জিণ্টিমণিৰ ওপৰত৷ মহিলা প্ৰিমিয়াৰ লীগত জিণ্টিমণি সফল হ’লে তাৰ দ্বাৰা উৎসাহিত হ’ব ৰাজ্যখনৰ আৰু অধিক মহিলা ক্ৰিকেটাৰ৷ আনহাতে, গুৱাহাটীক আই পি এলৰ অন্যতম ভেন্যু হিচাপে নিৰ্বাচন কৰাটো অসমৰ ক্ৰিকেটৰ বাবে এটা ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে৷ আই পি এলৰ খেল সফলভাৱে আয়োজন কৰাৰ অৰ্থ হ’ব ভৱিষ্যতলৈ গুৱাহাটীয়ে অধিক খেল আয়োজনৰ সুযোগ পোৱা৷ এনেদৰেই হয়তো আই পি এলে ৰিয়ান পৰাগ আৰু জিণ্টিমণিহঁতৰ দৰে অসমৰ বহু যুৱ ক্ৰিকেটাৰৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব৷