Logo
image

এণ্টাৰ্কটিকালৈ ওলাইছে অসমীয়া যুৱতী

আমাৰ অসম, ৬ জানুৱাৰীঃ প্ৰথম অসমীয়া মহিলা হিচাপে এণ্টাৰ্কটিকা অভিযানলৈ যাব অসমৰ গুৱাহাটীৰ বীৰকুছি নিৱাসী ৩০ বছৰীয়া সুকন্যা শইকীয়া৷ আয়াৰলেণ্ডৰ গালৱেত জলবায়ু পৰিৱৰ্তন বিষয়ত আয়াৰলেণ্ড চৰকাৰৰ বৃত্তি লৈ আয়াৰলেণ্ড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা সুকন্যাক ‘২০/৪১ ক্লাইমেট ফৰ্চ’ নামৰ আমেৰিকাৰ সংগঠনটোৱে এই অভিযানৰ বাবে নিৰ্বাচন কৰিছে৷ অহা ৩ নৱেম্বৰত আৰ্জেণ্টিনাৰ উছেইন নামৰ স্থানৰ পৰা সুকন্যাহঁতৰ ১২ দিনীয়া অভিযানটো আৰম্ভ হ’ব৷ সুকন্যাৰ এই অভিযানৰ নেতৃত্ব দিব ৰবাৰ্ট ছোৱানে, যি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুয়োটা অভিযানেই সফলভাৱে সম্পন্ন কৰিছিল৷ অভিযানকালত সুকন্যাই জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অধ্যয়ন চলাব দক্ষিণ মেৰুত৷ তেওঁলোকৰ ৮০ জনীয়া দলটোত বিজ্ঞানী, পৰিৱেশবিদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি থাকিব৷

গুৱাহাটীৰ বীৰকুছিৰ নিৱাসী সুকন্যা শইকীয়াৰ পিতৃ প্ৰয়াত অভিযন্তা দিগন্ত শইকীয়াৰ ঘৰ যোৰহাটৰ তৰাজানত আৰু মাতৃ লীনা শইকীয়াৰ ঘৰ পাঠশালাত৷ সুকন্যাৰ জ্যেষ্ঠ ভগ্নী পংখী শইকীয়া বৰা কানাডাৰ নিৱাসী৷ এই অভিযানত সুকন্যাই ২০-২৫ হাজাৰ মাৰ্কিন ডলাৰ ব্যয় নিজে বহন কৰিব লাগিব৷ উল্লেখ্য, সুকন্যাৰ পূৰ্বে কোনো অসমীয়া মহিলা এণ্টাৰ্কটিকা অভিযানলৈ যোৱা নাছিল৷ তেওঁৰ পূৰ্বে ১৯৮৭ চনত বিজ্ঞানী ৰাঘব ডেকা, ২০০৭ চনত শান্তনু গোস্বামী আৰু ২০১৩ চনত ঋতুৰাজ ফুকনে এণ্টাৰ্কটিকা অভিযান সফলতাৰে সম্পন্ন কৰিছিল৷ এণ্টাৰ্কটিকাত ৰাঘব ডেকা আছিল ৪৮৫ দিন৷