Logo
image

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ

জলবায়ু পৰিৱৰ্তনৰ বিষয়টো সম্প্ৰতি বিশ্বৰে এটা গুৰুতৰ সমস্যা৷ জলবায়ু পৰিৱৰ্তনে সমগ্ৰ জীৱকুললৈ কঢ়িয়াই আনিছে ভয়াৱহ দিনৰ সংকেত৷ জলবায়ু পৰিৱৰ্তনৰ ফলত ক্ৰমে পৰিস্থিতি-তন্ত্ৰত প্ৰভাৱ কৰিছে৷ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত মিলিব নোৱৰাৰ বাবে ইতিমধ্যে বহু জীৱ প্ৰজাতি বিলুপ্ত হৈছে৷ মানৱ উন্নয়নৰ স্বাৰ্থত গছ-গছনি যধে-মধে কাটি পেলোৱাৰ উপৰি প্ৰকৃতিৰ বুকুত উপলব্ধ আন সম্পদসমূহ লাভৰ অংকৰে আহৰণ কৰাৰ ফলত পৃথিৱী নামৰ সেউজীয়া গ্ৰহটোৰ পৰিস্থিতি-তন্ত্ৰৰ সন্তুলন বিঘ্নিত হৈছে৷ উন্নয়নৰ নামত বনভূমি ধবংস কৰাত বৰষুণৰ স্বাভাৱিক মাত্ৰা হ্ৰাস পাইছে৷ ফলত প্ৰায়বোৰ ঠাইতে পানীৰ নাটনি স্বাভাৱিক কথাত পৰিণত হোৱাৰ দিশে গতি কৰিছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদেৰে চহকী আছিল যদিও সম্প্ৰতি অঞ্চলটোত বৰষুণৰ মাত্ৰা কমি অহাত অঞ্চলটোত নানা সমস্যাই দেখা দিছে৷ ৰয়েল মেটেৰিঅ’লজিকেল ছ’চাইটীৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ব্ৰহ্মপুত্ৰ উপত্যকাত ১৯৯৮ চনৰ পৰা ২০১৮ চনলৈ এই বিছ বছৰত বছৰি বৰষুণৰ পৰিমাণ ৩৬০ মিঃ মিঃ কমিছে৷ আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি বৰষুণ হোৱা মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামতো ১৯৯৮ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গড়ে বছৰি ৫০০ মিঃ মিঃ বৰষুণ কমকৈ হৈছে৷ বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলত অঞ্চলটোত খাদ্যশস্য উৎপাদনত নেতিবাচক প্ৰভাৱ পৰিছে৷ ইফালে, বৰষুণৰ মাত্ৰা কমাৰ ফলত ভূ-গৰ্ভৰ পানীৰ স্তৰো নিম্নগামী হৈছে৷ ফলত খোৱাপানীৰ সমস্যাই ক্ৰমে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ গুৱাহাটী মহানগৰীত খোৱাপানীৰ সমস্যা হয়তো প্ৰতিজন লোকেই অনুভৱ কৰিছে৷ এই হাৰত বৰষুণৰ মাত্ৰা কমি গৈ থাকিলে এসময়ত গুৱাহাটী মহানগৰবাসীয়ে এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লাগিব৷
পানীৰ সমস্যাৰ উপৰি জলবায়ু পৰিৱৰ্তনে কৃষিপ্ৰধান ৰাজ্য অসমত কৃষিকাৰ্যতো নেতিবাচক প্ৰভাৱ পেলাইছে৷ অসমৰ কৃষক বেছিভাগেই কৃষিকাৰ্যৰ ক্ষেত্ৰত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু বৰষুণৰ অভাৱত কৃষিকাৰ্য এতিয়া এটা লোকচানৰ কাম হৈ পৰিছে৷ বহু ঠাইত কৃষিভূমিত ফাঁট মেলাটো এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে৷ ইফালে কৃষিকাৰ্যৰ বাবে যদিহে ভূ-গৰ্ভৰ পানী সকলোৱে ব্যৱহাৰ কৰে, তেন্তে ভূ-গৰ্ভৰ পানীৰ স্তৰ আৰু নিম্নগামী হ’ব৷ সেয়ে পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খুৱাই কৃষিকাৰ্য কৰাত মনোনিৱেশ দিব লাগিব৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিবোৰ ঠাইত বান হয়, সেইবোৰ ঠাইত বানে নষ্ট কৰিব নোৱৰা শস্য উৎপাদনৰ ব্যৱস্থা কৰিব লাগিব৷ ইতিমধ্যে বানে সহজে নষ্ট কৰিব নোৱৰা ৰঞ্জিত আৰু বাহাদুৰ নামৰ দুটা ধানৰ প্ৰজাতি উন্নত কৰা বুলি জানিব পৰা হৈছে৷ জীৱক জীয়াই থাকিবলৈ যিহেতু পানী আৰু খাদ্য লাগিবই, সেয়ে এই সম্পদসমূহ যাতে জীৱই লাভ কৰে, তাৰ ব্যৱস্থা কৰিব লাগিব৷ কৃষকে বৰষুণৰ পানী সংগ্ৰহ কৰি কৃষিকাৰ্যত দিয়াৰ ব্যৱস্থা কৰাৰ উপৰি পৰিৱেশৰ লগত খাপ খোৱা কৃষি উৎপাদনৰ ব্যৱস্থা কৰিব লাগিব৷ যিহেতু কঠীয়া ৰোৱা পদ্ধতিৰে খেতি কৰিলে অধিক পানীৰ প্ৰয়োজন হয়, সেয়ে আগলৈ হয়তো এনে খেতি কৰিবলৈ এৰি পানী কম ব্যৱহাৰ হোৱা খেতি কৰিব লাগিব৷ পানীয়েই যিহেতু প্ৰাণীৰ প্ৰাণ, সেয়ে মানুহে যাতে পানীৰ অভাৱত পৰিবলগীয়া নহয়, তাৰ বাবে প্ৰতিটো পৰিয়ালকে বৰষুণৰ পানী সংৰক্ষণ কৰি ব্যৱহাৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ তদুপৰি এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি ল’ব লাগিব৷ ইয়াৰ লগতে গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ সেউজ আৱৰণ বৃদ্ধি কৰাত সকলোৱে মনোনিৱেশ কৰিব লাগিব৷ সেউজ আৱৰণ বৃদ্ধি হ’লেহে সেউজ গৃহ গেছৰ নেতিবাচক প্ৰভাৱৰ পৰা পৃথিৱীক ৰক্ষা কৰিব পৰা যাব আৰু পানী আৰু খাদ্য-সংকটৰ সমস্যাৰ পৰাও ৰক্ষা পৰিব৷