Logo
image

পুটিনৰ পাৰমাণৱিক হুংকাৰত ত্ৰস্ত আমেৰিকা

আমাৰ অসম, ২৩ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আকস্মিক ইউক্ৰেইন ভ্ৰমণৰ দিনটোতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আমেৰিকাৰ সৈতে পৰমাণু নিৰস্ত্ৰীকৰণ চুক্তি বাতিল কৰাৰ লগে লগে পাৰমাণৱিক যুদ্ধৰ আশংকা তীব্ৰতৰ হৈ উঠিছে৷ অহা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ এবছৰ সম্পূৰ্ণ হ’ব৷ তাৰ পূৰ্বেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে পূৰ্ব ঘোষণা অবিহনে যোৱা দেওবাৰে আকস্মিকভাৱে আহি যুদ্ধবিধবস্ত দেশ ইউক্ৰেইনত উপস্থিত হয়৷ বাইডেনে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ভৰি থৈ দেশখনলৈ ৫০০ বিলিয়ন মাৰ্কিন ডলাৰৰ সামৰিক সাহায্য ঘোষণা কৰাত অতি স্বাভাৱিকভাৱে ভ্লাডিমিৰ পুটিন অসন্তুষ্ট হৈ পৰে৷ যুদ্ধৰ আৰম্ভণিৰ কেইমাহমান পাছৰ পৰা আমেৰিকা আৰু নাটো গোষ্ঠীৰ পশ্চিমীয়া দেশে ইউক্ৰেইনলৈ সামৰিক সাহায্য আগবঢ়াই আছিল৷ কিন্তু জো বাইডেনৰ ইউক্ৰেইনৰ আগমণ আৰু ইউক্ৰেইনৰ ভূমিৰ পৰা সামৰিক সাহায্য ঘোষণা একপ্ৰকাৰ ৰাছিয়াৰ বিৰুদ্ধেই আমেৰিকাৰ যুদ্ধ ঘোষণা যেন হৈ পৰে৷ এবছৰৰ যুদ্ধত প্ৰত্যাশিত সাফল্য লাভ নকৰা ৰাছিয়া একপ্ৰকাৰ শলঠেকত পৰি আছিল৷ বাইডেন আগমণ আৰু সামৰিক সাহায্য ঘোষণাই ৰাছিয়াক সেয়ে অধিক শলঠেকত পেলালে৷ এনে পৰিস্থিতিত শক্তি প্ৰদৰ্শন আৰু সন্মান ৰক্ষাৰ বাবেই অৱশেষত পুটিনে অন্তিম বিকল্প পাৰমাণৱিক অস্ত্ৰত হাত দিব পাৰে বুলি সামৰিক বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে৷ সেই বিকল্প ব্যৱহাৰৰ বাবেই পুটিনে আমেৰিকাৰ সৈতে থকা অন্তিমখন পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি বাতিল কৰা বুলি ধাৰণা কৰিছে সমৰবিদে৷ সামৰিক বিশেষজ্ঞৰ দাবী, পুটিনৰ এই ঘোষণাই এখন মাৰাত্মক পৰমাণু যুদ্ধৰ আশংকা অধিক ঘণীভূত কৰি তুলিলে৷ ইউক্ৰেইন যুদ্ধত আমেৰিকাসহ পশ্চিমীয়া দেশৰ অৱস্থানৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি স্বয়ং পুটিনে ঘোষণা কৰিছে৷ 

উল্লেখ্য, ২০১০ চনত বাৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত ৰুছ-মাৰ্কিন পাৰমাণৱিক চুক্তি ‘নিউ ষ্টাৰ্ট’ স্বাক্ষৰিত হৈছিল৷ চেক গণৰাজ্যৰ প্ৰাগত স্বাক্ষৰ হোৱা ১০ বছৰীয়া চুক্তিখনৰ ম্যাদ ২০২১ চনত পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰা হৈছিল৷ এই চুক্তি অনুসৰি দুয়োখন দেশে নিৰ্দিষ্ট মাত্ৰাত পৰমাণু অস্ত্ৰ হ্ৰাস কৰাৰ কথা আছিল আৰু ব্যৱহাৰৰ দিশতো দুয়োখন দেশ চুক্তিবদ্ধ হৈ আছিল৷ কিন্তু ভ্লাডিমিৰ পুটিনে একপক্ষীয়ভাৱে এই ‘নিউ ষ্টাৰ্ট’ পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিখন বাতিল কৰাত ৰাছিয়াৰ পৰমাণু অস্ত্ৰ ব্যৱহাৰ আৰু হ্ৰাসৰ ক্ষেত্ৰত কোনো আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতা নাথাকিল৷ সকলো দায়বদ্ধতাৰ পৰা মুক্ত পুটিনে সেয়ে এতিয়া পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ প্ৰাণঘাতী সিদ্ধান্ত ল’ব পাৰে বুলি বিশ্বৰ অভিজ্ঞ সামৰিক বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে৷ এই আশংকাৰ উপযুক্ত কাৰণো আছে৷ কিয়নো পুটিনে চুক্তি বাতিলৰ ঘোষণা কৰা মঙলবাৰৰ ‘ষ্টেট অব দ্য নেচন’ বক্তৃতাত ‘গ্ল’ৱেল ৱাৰ’ অৰ্থাৎ বিশ্বযুদ্ধৰ সকিয়নীও দিছে৷ অৱশ্যে  সমগ্ৰ পশ্চিমীয়া বিশ্বইহে এখন তৃতীয় যুদ্ধৰ আহ্বান কৰা অথবা ইউক্ৰেইনৰ যুদ্ধখনক তৃতীয় বিশ্বযুদ্ধলৈ ৰূপান্তৰিত কৰা বুলি পুটিনে অভিযোগ আনিছে৷ একাংশ নিৰপেক্ষ সামৰিক বিশেষজ্ঞৰ দাবী, পুটিনে ইউক্ৰেইন যুদ্ধৰ পৰা সন্মানজনক পশ্চাৎপসৰণ বিচাৰিছিল৷ যুদ্ধ দীঘলীয়া হোৱাত অন্ততঃ ডনবাছ অঞ্চলত আধিপত্য বিস্তাৰ কৰি তেওঁ যুদ্ধৰ সামৰণি মাৰিবলৈ বিচাৰিছিল৷ কিন্তু আমেৰিকাকে ধৰি নাটো গোষ্ঠীৰ দেশসমূহে ইউক্ৰেইনক নিৰৱচ্ছিন্নভাৱে সামৰিক সাহায্য যোগান ধৰি থকাত পুটিনৰ তেনে সন্মানজনক পশ্চাৎপসৰণ সম্ভৱ হৈ উঠা নাই৷ সেয়ে পুটিনে ‘ষ্টেট অৱ দ্য নেচন’ বক্তৃতাত সম্ভাব্য তৃতীয় বিশ্বযুদ্ধৰ বাবে আমেৰিকাসহ পশ্চিমীয়া দেশক জগৰীয়া কৰিছে৷ পুটিনে কয়– পশ্চিমীয়া ৰাষ্ট্ৰই ইউক্ৰেইনক দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ যোগান ধৰিছে৷ সেয়ে ৰাছিয়াই নিজৰ সীমান্ত ‘পৰিষ্কাৰ’ কৰিবলৈ তেনে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ব৷ পুটিনৰ এই বক্তব্য যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰথমটো পোনপটীয়া সকিয়নী বুলি মন্তব্য কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞ কেইৰ গাইলছে৷ গাইলছৰ মতে ইয়াৰ পূৰ্বে পুটিনে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ বিকল্পৰ এনে ইংগিত দিয়া নাছিল৷

পুটিনৰ এই বক্তব্য আৰু ‘নিউ ষ্টাৰ্ট’ চুক্তি বাতিলৰ সিদ্ধান্তত কিছু পৰিমাণে ত্ৰস্ত আমেৰিকাও৷ জো বাইডেনৰ বক্তব্যতে আমেৰিকাৰ শংকা আৰু উদ্বিগ্নতা প্ৰকাশ পাইছে৷ ইউক্ৰেইনৰ পৰা পোলেণ্ডলৈ উভতি গৈ মাৰ্কিন ৰাষ্ট˜পতি জো বাইডেনে ততাতৈয়াকৈ ঘোষণা কৰে যে আমেৰিকাৰ ৰাছিয়াক আক্ৰমণ কৰাৰ কোনো পৰিকল্পনা নাই৷ পুটিনৰ ‘ষ্টেট অৱ দ্য নেচন’ বক্তৃতাত থকা হুংকাৰৰ প্ৰত্যুত্তৰতে বাইডেনে ততাতৈয়াকৈ মাৰ্কিন স্থিতি ৰাজহুৱা কৰিবলৈ বাধ্য হৈছে৷ বাইডেনে যুদ্ধ-ইতিহাসপ্ৰসিদ্ধ ৱাৰশ্ব’ত কয়– ‘কোটি কোটি ৰুছ নাগৰিক শান্তিপ্ৰিয়৷ তেওঁলোকৰ বিৰুদ্ধে সামৰিক অভিযানৰ কোনো পৰিকল্পনা আমেৰিকাৰ নাই৷’ আনহাতে, পুটিনে বাতিল ঘোষণা কৰা ‘নিউ ষ্টাৰ্ট’ পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি ৰাছিয়াৰ সৈতে পুনৰ নৱীকৰণ কৰিবলৈ আগ্ৰহী বুলিও মাৰ্কিন বৈদেশিক মন্ত্ৰণালয়ে ঘোষণা কৰিছে৷ মাৰ্কিন বিদেশ সচিব টনী ব্লিংকেনে কৈছে, পুটিনৰ এই ঘোষণা সত্ত্বেও আমেৰিকাই আলোচনাৰ দুৱাৰ বন্ধ কৰা নাই৷ উল্লেখ্য, ‘নিউ ষ্টাৰ্ট’ চুক্তিয়ে ৰাছিয়া আৰু আমেকিা উভয় দেশৰ ‘নিউক্লিয়েৰ ৱাৰহেড’ অৰ্থাৎ পাৰমাণৱিক অস্ত্ৰ সংস্থাপন, ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰি ৰাখিছিল৷ প্ৰসংগতঃ ৰাছিয়াৰ হাততে বিশ্বৰ যিকোনো দেশৰ ভিতৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আছে৷ ঘোষিতভাৱেই ৰাছিয়াৰ হাতত মজুত আছে ৬,০০০ৰো অধিক ‘নিউক্লিয়েৰ ৱাৰহেড’৷ ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰৰ এই সংখ্যাই আমেৰিকাৰো ভীতিৰ কাৰণ৷