গুৰুতৰ হৃদৰোগত আক্ৰান্ত বিজ্ঞানী জিতেন গোস্বামী
আমাৰ অসম, ৬ জানুৱাৰীঃ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী ড॰ জিতেন্দ্ৰনাথ গোস্বামী গুৰুতৰভাৱে অসুস্থ৷ হৃদৰোগত আক্ৰান্ত বিজ্ঞানীগৰাকী সম্প্ৰতি আহমেদাবাদৰ জেপি হাস্পতালত আই চি ইউত চিকিৎসাধীন হৈ আছে৷ ৩ জানুৱাৰী দেওবাৰে ড॰ গোস্বামী পিঠিৰ বিষত আক্ৰান্ত হয়৷ নিশাৰ ভাগলৈ অসুস্থ অনুভৱ কৰাত সোমবাৰে তেওঁক চিকিৎসালয়লৈ নিয়া হয়৷ চিকিৎসকৰ মতে ড॰ গোস্বামী গুৰুতৰ হৃদৰোগত আক্ৰান্ত৷ ড॰ গোস্বামী সংকটমুক্ত বুলি এতিয়াও কোৱা নাই চিকিৎসকে৷ অৱশ্যে, তেওঁৰ হাৰ্টৰ ব্লকেজবোৰ আঁতৰোৱাৰ কাম আৰম্ভ হৈছে৷ এদল বিশেষজ্ঞ চিকিৎসকৰ নিৰন্তৰ পৰ্যবেক্ষণত থকা ড॰ গোস্বামীৰ লগত তেওঁৰ পত্নীও আছে৷ অহা ২৪ ঘণ্টা অতি গুৰুত্বপূৰ্ণ বুলি চিকিৎসকে সদৰী কৰিছে৷ উল্লেখ্য, ১৯৫০ চনৰ ১৮ নৱেম্বৰত যোৰহাটত জন্মগ্ৰহণ কৰা ড॰ জিতেন্দ্ৰনাথ গোস্বামী ভাৰতৰ চন্দ্ৰযান-১ অভিযানৰ মুখ্য বিজ্ঞানী৷ এই সমগ্ৰ অভিযানটোৱেই ড॰ গোস্বামীৰ সপোন আৰু পৰিকল্পনাৰ অংশ৷ চন্দ্ৰযান-২ আৰু মংগলায়ন অভিযানৰ সৈতেও বিশেষভাৱে জড়িত ড॰ গোস্বামী৷ আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্ছ লেব’ৰেটৰীৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰা গোস্বামীয়ে ১৯৭৮ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ ইউ চি বাৰ্কলে, ৱাশ্বিংটন বিশ্ববিদ্যালয়, লুনাৰ এণ্ড প্লেনেটেৰী ইনষ্টিটিউট, মেক্স প্লেনেক ইনষ্টিটিউট আদিত গৱেষক বিজ্ঞানীৰূপে কাম কৰা ড॰ গোস্বামীয়ে এষ্ট্ৰ’ফিজিক্স আৰু ছ’লাৰ ছিষ্টেমৰ অধ্যয়ন আৰু গৱেষণাত পৃথিৱীজোৰা খ্যাতি লাভ কৰে৷ কস্মিক ৰে’ আৰু টেক্টনিক প্লেট্ছৰ ক্ষেত্ৰতো ড॰ গোস্বামীৰ সুনাম বিশ্ববিয়পা৷ ফিজিকেল ৰিচাৰ্ছ লেব’ৰেটৰীৰ উপৰি তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ [ইছৰো] বহু অভিযানৰে জড়িত ৷ কস্মিক ৰে’ এক্সপেৰিমেণ্টৰ সহযোগী বিজ্ঞানী ড॰ গোস্বামী লুনাৰ ছেম্পল্ছ প্ৰজেক্টৰ মুখ্য বিজ্ঞানী৷ জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক অসম চৰকাৰে অসমৰত্ন বঁটাৰে আৰু ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে৷ ড॰ জিতেন্দ্ৰনাথ গোস্বামীৰ অসুস্থতাৰ খবৰ পাই স্বাভাৱিকতেই উদ্বিগ্ন হৈ পৰিছে তেওঁৰ ভ্ৰাতৃ, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী৷ অধ্যক্ষ গোস্বামীয়ে সঘনে ড॰ গোস্বামীৰ পত্নী আৰু জেপি হাস্পতালৰ কতৃৰ্পক্ষৰ সৈতে যোগাযোগ কৰি জ্যেষ্ঠ ভ্ৰাতৃৰ স্বাস্থ্যৰ বুজ লৈ আছে৷ ড॰ গোস্বামীৰ অসুস্থতাৰ খবৰ পোৱাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে অসমৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশত থকা তেওঁৰ শুভাকাংক্ষী আৰু গুণমুগ্ধসকল৷ সকলোৱে ড॰ গোস্বামীৰ আশুআৰোগ্য কামনা কৰিছে৷