Logo
image

পিঠিৰ বিষ? এই উপায়েৰে সকাহ লাভ কৰক

কৰ্মজীৱীসকলে দৈনিক চকীত বহি কাম কৰে, তেওঁলোকৰ বেছিভাগেই পিঠি বা ককাঁলৰ অসুখত ভোগে৷ দিনৰ বেছিভাগ সময় চকীত বহি কাম কৰিলে সাধাৰণতে এনে সমস্যা হয়৷ পিঠি বা ককাঁল বিষালে পেশী টানি ধৰে, হাত-ভৰিত যন্ত্ৰণা অনুভৱ হয়৷ এই যন্ত্ৰণা অতি অস্বস্তিদায়ক৷ আজি-কালি যিকোনো বয়সৰ লোককেই এনে সমস্যাত ভোগা দেখা যায়৷ পিঠি বা ককাঁল বিষালে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে বিভিন্ন উপায় অনুসৰণ কৰে৷ পিছে, এবিধ যোগাসন আছে, যাৰ জৰিয়তে পিঠি বা ককাঁলৰ বিষৰ পৰা সহজে সকাহ পাব পৰা যায়৷ যোগাসন বিধৰ  নাম চক্ৰাবাকাসন৷ উল্লেখ কৰা হ’ল চক্ৰাবাকাসন নামৰ যোগাসন বিধ কৰাৰ নিয়ম–
(১) কান্ধৰ তলৰ পৰা ককাঁলৰ তলৰপিনে দুয়ো আঁঠু সমান্তৰালভাৱে ৰাখি তলৰ পিনে হাউলি হাত-ভৰিৰ ওপৰত থকাৰ ভংগীমা কৰক৷ মন কৰিব, ভৰিৰ পতা যাতে ভিতৰৰ পিনে আৰু ডিঙি যাতে পোন হৈ থাকে৷
(২) দীঘল উশাহ লৈ ককাঁল যিমান পাৰে ওপৰলৈ উঠোৱাৰ চেষ্টা কৰক৷ পেট তললৈ নমাব৷ মন কৰিব পেটৰ তলৰপিনে যাতে পেশীয়ে মেৰুদণ্ড স্পৰ্শ কৰিব পাৰে৷
(৩) এইবাৰ লাহে লাহে ওপৰৰ পিনে দৃষ্টি দিয়াৰ চেষ্টা কৰক৷ এই পদ্ধতি প্ৰয়োগ কৰোঁতে যাতে আপোনাৰ পিঠি ধনুৰ আকৃতি লৈ মজিয়াৰ পিনে বেঁকা হৈ পৰে সেয়া মন কৰিব৷
এই আসন নিতৌ কেইদিনমান কৰিলে পিঠি বা ককাঁলৰ বিষৰ পৰা লাহে লাহে পৰিত্ৰাণ পাব পৰা যায়৷ মনত ৰাখিব, চক্ৰাবাকাসন যাতে ভুল পদ্ধতিৰে কৰা নহয়৷ ভুল হ’লে পেশীৰ বিষত আক্ৰান্ত হ’ব পাৰে৷