চক্ৰান্ত উফৰিল দিল্লীৰ জনতাৰ জয়
ক্ষমতাই মানুহক অন্ধ কৰে৷ সেই কথা চিৰন্তন সত্যত পৰিণত হৈ আহিছে৷ সৎ-অসৎ, নৈতিক-অনৈতিক যিকোনো প্ৰক্ৰিয়াৰে ক্ষমতা আহৰণ কৰি সেই ক্ষমতাৰে নিজৰ অভিষ্ট সিদ্ধি কৰাই যেন বৰ্তমান ভাৰতৰ ৰাজনীতিৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিছে৷ সেই কথা আমি বিগত সময়ত অতি উদ্বিগ্নতাৰে লক্ষ্য কৰিব লগা হৈছে৷ সেয়া মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতে হওক বা মধ্য প্ৰদেশৰ ক্ষেত্ৰতে হওক৷ গণতন্ত্ৰত সংখ্যাধিক্যই ক্ষমতা দখলৰ অধিকাৰ লাভ কৰে৷ সেয়াই সাংবিধানিক অধিকাৰ৷ যি দলে নিৰ্বাচনত অধিক আসন লাভ কৰে, সেই দলটোৱে জনসাধাৰণৰ সেৱা কৰাৰ সুবিধা পায়৷ কিন্তু বিজেপিয়ে বিগত সময়ত সেই সাংবিধানিক অধিকাৰৰ যেন ধ্বজা উৰুৱাবলৈ কুণ্ঠাবোধ কৰা নাই৷ মহাৰাষ্ট্ৰৰ কথা যদি লক্ষ্য কৰা যায়, তেতিয়াহ’লে দেখা যায় যে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ লগত জোঁটবন্ধন কৰি চৰকাৰ প্ৰতিষ্ঠা কৰাৰ পাছতে যেন বিজেপিয়ে পিছ দুৱাৰেদি ক্ষমতা ল’বলৈ উঠিপৰি লাগিল৷ বিজেপিয়ে শিৱসেনা দলটোকে ভাঙি তাৰ পৰা বিধায়ক অপহৰণ কৰি আনি অসমৰ হোটেলত বন্দী কৰাই ৰাখি থাকৰেৰ চৰকাৰক উফৰাই বিজেপিয়ে একনাথ সিন্দেক মুখ্যমন্ত্ৰী পাতি ছলে-বলে ক্ষমতা হস্তগত কৰিলে৷ সেইদৰে মধ্য প্ৰদেশতো কংগ্ৰেছ চৰকাৰ ওফৰাই বিজেপিয়ে চৰকাৰ কেনেদৰে গঠন কৰিলে সেয়া দেশৰ জনতাই লক্ষ্য কৰিলে৷ বিজেপিয়ে ‘অপাৰেশ্বন লটাছ’ নাম দি সমগ্ৰ দেশত ক্ষমতা আহৰণৰ বাবে চলোৱা এনে অভিযানত যে কোটি কোটি টকাৰ অবৈধ লেনদেন হয় সেই কথা সকলোৱে জনে৷
কেৱল এইদৰেই নহয় বিজেপিয়ে আন উপায়েৰেও যে ক্ষমতা হস্তগত কৰাৰ সপোন ৰচে, সেই কথা বিগত সময়ত দিল্লীতো দেখা গ’ল৷ আজিৰ পৰা আঠ মাহ পূৰ্বেই দিল্লী পৌৰ নিগমৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো বিজেপিয়ে নিৰ্বাচন নপতাকৈ ৰাখি গুজৰাট নিৰ্বাচনৰ লগত একেলগে নিৰ্বাচনৰ দিন ঘোষণা কৰিলে৷ বিজেপিৰ ইয়াত দুটা উদ্দেশ্য লুকাই থকাটো ওলাই পৰিল৷ বিজেপিয়ে নিজৰ হাতত থকা পৌৰ নিগমৰ ক্ষমতা যে হেৰুৱাব সেইটো নিশ্চিত হৈ পৰিছিল, যাৰ বাবে গুজৰাট নিৰ্বাচনৰ আগত এটা নিশ্চিত পৰাজয় হ’লে গুজৰাট নিৰ্বাচনত প্ৰভাৱ পৰাৰ ভয় কৰিছিল৷ আনহাতে, গুজৰাট নিৰ্বাচনৰ লগত একেলগে নিৰ্বাচন পাতিলে আম আদমী পাৰ্টীৰ শক্তিক বিভাজন কৰি গুজৰাট দখলৰ সপোন দেখিছিল৷ সেই দুয়োটা উদ্দেশ্যতে সফল হৈছিল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন৷ কিন্তু ইমানবোৰ চক্ৰান্ত কৰিও দিল্লী পৌৰ নিগমৰ ক্ষমতা লাভৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰাত বিজেপি সফল নহ’ল৷ ২৫০খন আসনবিশিষ্ট দিল্লী পৌৰ নিগমত আম আদমী পাৰ্টীয়ে ১৩৪খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ য’ত বিজেপিয়ে লাভ কৰে মাত্ৰ ১০৪খন আসন৷ ২৫০খন আসনযুক্ত নিগমত চৰকাৰ গঠন কৰিবলৈ লাগে ১২৬খন আসন৷ য’ত আম আদমী পাৰ্টীয়ে প্ৰয়োজনীয় আসনতকৈ ৮খন আসন বেছি পাইছে৷ স্বাভাৱিকভাৱেই আম আদমী পাৰ্টীয়ে চৰকাৰ গঠনৰ অধিকাৰ পাব লাগে৷ কিন্তু বিজেপিয়ে নিজৰ ক্ষমতা প্ৰয়োগ কৰি আম আদমী পাৰ্টীক কেনেকৈ ক্ষমতাৰ পৰা আঁতৰাব পাৰি তাৰ সম্পূৰ্ণ প্ৰচেষ্টা চলাই গ’ল৷ ৪ ডিচেম্বৰ, ২০২২ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচন বিগত আঢ়ৈ মাহে নানা চক্ৰান্ত কৰি পিছুৱাই নিয়া হ’ল৷ প্ৰথমেই উপ-ৰাজ্যপালৰ ক্ষমতাৰ নামত ১০জন মনোনীত সদস্যক নিগমলৈ মনোনীত কৰি অবৈধভাৱে মেয়ৰ নিৰ্বাচনত ভোট দিবলৈ প্ৰচেষ্টা চলালে৷ এই কাৰ্যত আম আদমী পাৰ্টীয়ে বাধা দিয়াত বিজেপি মাৰপিটৰ পৰ্যায়লৈ নামি গ’ল৷ সদনৰ মজিয়া ৰক্তাক্ত কৰি হ’লেও ক্ষমতা পাবৰ বাবে বিজেপি বলিয়া হৈ পৰিল৷ এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ মেয়ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰি শেষ মুহূৰ্তত বিজেপিয়ে বাতিল কৰে নিৰ্বাচন৷ ইয়াৰ মাজতে নিগমৰ প্ৰশাসনিক বিষয়াৰ দ্বাৰা এখন বাজেটো উপ-ৰাজ্যপালে অনুমোদন কৰাৰ দৰে অগণতান্ত্ৰিক প্ৰক্ৰিয়াও সংঘটিত হ’ল৷
ইমানবোৰ ঘটনা হোৱাৰ পাছত এইবাৰ আম আদমী পাৰ্টীৰ মেয়ৰ পদৰ প্ৰাৰ্থী শ্বেলী অৱেৰয় নামৰ পাৰিষদজনে উচ্ছতম ন্যায়ালয়ত গোচৰ দিব লগা হ’ল৷ সেই গোচৰৰ শুনানিৰ পাছত যেতিয়া উপ-ৰাজ্যপাললৈ কৈফিয়ৎ তলব কৰিলে, তেতিয়াহে গা লৰিল বিজেপিৰ৷ ন্যায়ালয়ে যেতিয়া মনোনীত সদস্যৰ ভোটাধিকাৰ নথকাৰ বিষয়টো স্পষ্ট কৰি দিলে, তেতিয়াহে দিল্লীৰ জনতাই এজন নতুন মেয়ৰ আৰু দিল্লীৰ জনতাই নিৰ্বাচন কৰা এখন চৰকাৰ পাবলৈ সক্ষম হ’ল৷ কিন্তু গণতন্ত্ৰত সংবিধানত যি ৰূপে চৰকাৰ গঠনৰ বাবে বিধিবদ্ধ কৰা আছে, সেই প্ৰক্ৰিয়াত যদি বিজেপিয়ে বিধি-পথালি নিদিলেহেঁতেনে, তেতিয়াহ’লে দিল্লীৰ উন্নয়নৰ বাবে চৰকাৰৰ কাম-কাজ আঢ়ৈ মাহ ৰৈ নাথাকিলহেঁতেন৷ যিটো দলে দেশৰে নহয় সমগ্ৰ বিশ্বৰ এক বৃহৎ দল বুলি গৌৰৱ কৰে, সেই দলটোৰ কাম-কাজে গণতন্ত্ৰৰ প্ৰতি যে ভাবুকি কঢ়িয়াই আনিছে, সেই কথা বাৰে বাৰে প্ৰমাণ হৈছে৷ জনতাই এইটোও দেখুৱাই দিছে যে কেৱল ধনবল বা বাহুবলেৰে ক্ষমতাত বৰ্তি থাকিব নোৱাৰি৷ ক্ষমতাত থাকিবলৈ হ’লে লাগিব জনগণৰ প্ৰতি দায়বদ্ধতা, সংবিধানৰ প্ৰতি সন্মান আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা৷ ইয়াৰ ব্যতিৰেকে যদি ক্ষমতা লাভৰ বাবে অনৈতিক প্ৰক্ৰিয়াৰে আগবাঢ়ে, তেনে দল কেতিয়াও ভাৰতীয় গণতন্ত্ৰৰ বাবে উপকাৰী নহয়৷






