Logo
image

‘দেহ বিক্ৰী কৰি হ’লেও টকা ঘূৰাওক’

আমাৰ অসম, ৬ জানুৱাৰীঃ  ৰাজ্যত অব্যাহত আছে মাইক্ৰ’ফাইনেঞ্চৰ অতপালি৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি মাইক্ৰ’ফাইনেঞ্চৰ৷ দেহ ব্যৱসায় কৰি ধন উপাৰ্জন কৰি মহিলাক মাহেকীয়া কিস্তিৰ ধন আদায় দিয়াৰ ভাবুকি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ৷  আনকি ল’ৰা-ছোৱালীক বিক্ৰী কৰি হ’লেও মাহেকীয়া কিস্তিৰ ধন আদায় দিয়াৰ ভাবুকি বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ৷ যি সময়ত ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰি মাহেকীয়া কিস্তিৰ ধন সংগ্ৰহৰ পৰা বিৰত থকাৰ নিৰ্দেশ জাৰি কৰাৰ পাছতো ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ গ্ৰাহকৰ পৰা ঋণৰ কিস্তিৰ ধন সংগ্ৰহৰ নামত নিৰ্যাতন কৰা পৰিলক্ষিত হৈছে৷ সোমবাৰে মাইক্ৰ’ফাইনেঞ্চৰ কৰ্মচাৰীয়ে মহানগৰী মঠঘৰীয়াৰ বাপুজী নগৰত গ্ৰাহকৰ ঘৰে ঘৰে গৈ মাহেকীয়া কিস্তিৰ ধন বিচাৰি নিৰ্যাতন চলাই অতিষ্ঠ কৰা গ্ৰাহকসকলে আজি মহানগৰীৰ মঠঘৰীয়াৰ বাপুজী নগৰৰ বিহুস্থলীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদীসকলে মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে৷ উত্তেজিত মহিলাসকলে মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে৷ উজ্জীৱন নামৰ মাইক্ৰ’ফাইনেঞ্চৰ কৰ্মচাৰীয়ে কালি মোৰ ঘৰলৈ আহি মাহেকীয়া কিস্তিৰ ধন বিচাৰে যদিও মই দিবলৈ সমৰ্থ নাছিলো বুলি উল্লেখ কৰি গ্ৰাহক কল্পনা নাথে কয় যে কৰ্মচাৰীজনে মোক দেহ ব্যৱসায় কৰি ধন ঘটি কিস্তিৰ ধন আদায় দিবলৈ কয়৷ তদুপৰি ল’ৰা-ছোৱালীকেইটাক বিক্ৰী কৰিও কিস্তিৰ ধন আদায় দিবলৈ কয় বুলি কল্পনা নাথে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ আনহাতে, মাইক্ৰ’ফাইনেঞ্চৰ কৰ্মচাৰীৰ অত্যাচাৰত এগৰাকী বোৱাৰী পলাই যায় বুলি শাহু সবিতা তালুকদাৰে জানিবলৈ দিয়ে৷ আনহাতে, মঠঘৰীয়াৰ বিনীতা দাসৰ ঘৰত কালি মাইক্ৰ’ফাইনেঞ্চৰ কৰ্মচাৰী আহি কিস্তিৰ ধন নাপাই গেছ ছিলিণ্ডাৰ লৈ যায় বুলি মহিলাসকলে অভিযোগ উত্থাপন কৰে৷ মাইক্ৰ’ফাইনেঞ্চৰ কৰ্মচাৰীৰ নিৰ্যাতনত বহু পৰিয়ালৰ সংসাৰ ভাঙি যোৱা বুলিও মহিলাসকলে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ তদুপৰি কেইবাগৰাকী মহিলাই কিস্তিৰ ধন দিব নোৱাৰি আত্মহত্যা কৰা বুলি মহিলাসকলে ব্যক্ত কৰে৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিবাদী মহিলাসকলে বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে৷ অন্যথা আত্মহত্যাৰ বাহিৰে বিকল্প পথ নাই বুলি প্ৰতিবাদী মহিলাসকলে ব্যক্ত কৰে৷ উল্লেখ্য, ৰাজ্যত মাইক্ৰ’ফাইনেঞ্চৰ গ্ৰাসত পৰা ধৰুৱা গ্ৰাহকক সকাহ দিয়াৰ উদ্দেশ্যে সদ্যসমাপ্ত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ৰাজ্যৰ বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত গৃহীত হৈছে এখন বিশেষ আইন৷ এই আইনৰ দ্বাৰা মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিষ্ঠানসমূহৰ পঞ্জীয়ন তথা নৱীকৰণ বাধ্যতামূলক কৰা হৈছে৷ কোনো মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানে কিস্তিৰ ধন বিচাৰি কোনো গ্ৰাহককে অত্যাচাৰ কৰিব নোৱাৰিব৷ এই কথাও আইনত নিশ্চিত কৰা হৈছে বুলি দাবী কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মাইক্ৰ’ফাইনেঞ্চৰ গ্ৰাসত পৰি সৰ্বস্বান্ত হোৱা মহিলা সমাজক বিশেষ সকাহ দিয়াৰ বাবে ৫০০ কোটি টকাৰ পেকেজো ঘোষণা কৰিছে৷ জানিব পৰা মতে ৰাজ্যত মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানে ১২ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিছে৷