Logo
image

ওজন-ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে প্ৰতিদিনে একাপ মেথি চাহ খাওক

বিভিন্ন ব্যঞ্জনত মেথিগুটি মছলা হিচাপে ব্যৱহাৰ কৰা হয়৷ মেথিৰ আছে এক স্বাদ আৰু বিশেষ গোন্ধ৷ সেইবাবে ব্যঞ্জনত মেথি গুটিক সুগন্ধি মছলা হিচাপে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ উপৰি স্বাস্থ্যৰ বাবে ই অতি উপকাৰী৷ মেথিগুটিত পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটামিন-মিনাৰেল৷ ইয়াত থকা এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰি উপাদান স্বাস্থ্যৰ বাবে অনেক উপকাৰী৷ 

⬛ কলেষ্টেৰল হ্ৰাস কৰাত সহায়কঃ মেথিত থকা এবিধ বিশেষ উপাদানে শৰীৰত অতিৰিক্ত কলেষ্টেৰল উৎপাদনত বাধা দিয়ে৷ নিয়মীয়াকৈ খাদ্যৰ সৈতে মেথি খালে ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধিৰ বিপৰীতে শৰীৰৰ বাবে অপকাৰী কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত ই সহায় কৰে৷

⬛ হজম শক্তি বৃদ্ধিত সহায়কঃ মেথিগুটিত থকা ফাইবাৰে হজম প্ৰক্ৰিয়াত সহায় কৰে৷ বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰাৰ উপৰি মেথি চাহখালে বদহজম, কৌষ্ঠ-কাঠিন্য আদিত ভাল ফল পাব পাৰি৷ এচিডিটিৰ সমস্যাত ভুগিলেও মেথি চাহ খাব পাৰে৷ ই এচিডিটিৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে৷

⬛ ডায়েবেটিছ নিয়ন্ত্ৰণঃ ১০ গ্ৰাম মেথিগুটি গৰম পানীত তিয়াই থৈ খালে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷ 

⬛ মাতৃ দুগ্ধৰ বাবে উপকাৰীঃ মেথি চাহ খালে মাতৃৰ দুগ্ধৰ পৰিমাণ বৃদ্ধি পায়৷ 

⬛ ওজন হ্ৰাস কৰাত সহায়কঃ মেথি গুটিৰ চাহ খালে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷ মেথি গুটিত থকা গ্যালাক্টোমেননে চৰ্বি হ্ৰাস কৰে৷ 

⬛ কাহ-কফৰ পৰা উপশমঃ কাহ-কফত আক্ৰান্ত হ’লে এসপ্তাহমান মেথি দিয়া চাহ খালেই উপশম পাব পাৰি৷